কোনো যদি জনজাতিকৰণৰ দাবীৰে, আন কোনোৱে জনজাতিকৰণৰ বিৰুদ্ধে নামিছে প্ৰতিবাদত
জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত তিনি মিচিং সংগঠনৰ । বিধানসভাত এই প্ৰতিবেদন দাখিল নকৰিবলৈ আহ্বান ।

Published : November 23, 2025 at 12:43 PM IST
জোনাই: এফালে জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । আনফালে একাংশই প্ৰতিবাদত নামিছে জনজাতিকৰণৰ বিৰুদ্ধে । তিনি মিচিং সংগঠনে শনিবাৰে নিশাও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।
শনিবাৰে বিয়লি টি এম পিকে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত তথা বিভিন্ন জনজাতি ৰাইজৰ সহযোগত জোনাইৰ তৰাজান, কেমি, মহমৰা, ডেকাপাম, ৰামধন, গালী, চিগা, ৰাজাখানাকে আদিকে কৰি জোনাইৰ কেইবাখনো গাঁৱৰ মাজেৰে উলিওৱা হয় জোঁৰ সমদল ।
জোঁৰ সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে টিএমপিকে জিন্দাবাদ, এমএমকে জিন্দাবাদ, টিএমএমকে জিন্দাবাদ, জনজাতি ঐক্য জিন্দাবাদ, জয় জনগোষ্ঠী জনজাতিকৰণ বন্ধ কৰক, আমাৰ অস্তিত্ব ৰক্ষা কৰক, জনজাতি বিৰোধী চৰকাৰ নচলিব আদি শ্ল'গানেৰে কঁপাই তোলে জোনাই জনজাতি অধ্যুষিত অঞ্চলৰ আকাশ বতাহ । এই সংগ্ৰাম অন্য জাতিৰ বিৰুদ্ধে সংগ্ৰাম নহয়, এই সংগ্ৰাম জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম ।

জোঁৰ সমদলত জাতীয় সংগঠনৰ নেতাসকলে কয়, "কোনো পৰিস্থিতিত জনজাতি সমাজৰ অধিকাৰ, সাংবিধানিক অধিকাৰ আৰু অস্তিত্ব ধ্বংস হ'ব পৰা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব আৰু অহা ২৫ নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিবেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে মন্ত্রীগোটে দাখিল কৰিবলগীয়া প্ৰতিবেদনখন জনজাতি সমাজৰ স্বার্থ-বিৰোধী, অধিকাৰ-বিৰোধী বা ভবিষ্যত সংকট সৃষ্টিকাৰী প্ৰতিবেদন হ’ব নালাগে ।’’

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিকৈ সমৰ্থন নকৰিবলৈ জনজাতি ৰাইজৰ পক্ষৰ পৰা স্পষ্ট আৰু দৃঢ় আহ্বান জনায় কয়, "আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো বিৰোধ কৰোঁ আৰু কৰিম । জনজাতি অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ আমি অব্যাহত ৰাখিম ।"

