ETV Bharat / state

গুৱাহাটীৰ ভূমিস্খলনত চাৰিজনৰ প্ৰাণহানি: একেটা পৰিয়ালৰে তিনিগৰাকীৰ মৃত্যু

মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চল বুৰিল কৃত্ৰিম বানত ।

ARTIFICIAL FLOOD IN GUWAHATI
কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 1, 2026 at 12:40 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।

ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে । ইপিনে, সাতগাঁও তালতলাত ভয়ংকৰ ভূমস্খলনৰ ঘটনাত পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় । পি সুমিত্ৰা নামৰ মহিলাগৰাকীয়ে মৃত্যুক সাবটি লৈছে ।

কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰী (ETV Bharat Assam)

বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইপিনে,মহানগৰীৰ গুৱাহাটী ক্লাব এলেকাও পানীৰে উপচি পৰাত যান-বাহনৰ যাতায়তত ব্য়াঘাত জন্মিছে । একেদৰে বিৰুবাৰী অঞ্চলত বৰষুণৰ সময়ত এজোপা গছ পৰি গাড়ী আৰু স্কুটাৰৰ ক্ষতিসাধন হয় । গছজোপা পৰি যোৱাত অঞ্চলটোত যাতায়তত সমস্যাৰ সৃষ্টি হৈছে । প্ৰায়বোৰ অঞ্চলেই কৃত্রিম বানৰ কবলত পৰাত ব্যাহত হৈ পৰে স্বাভাৱিক জীৱনযাত্রা । সাগৰ সদৃশ হৈ পৰে গুৱাহাটীৰ ৰাজপথ ৷

পুৱতিনিশাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱাত স্থানীয় বাসিন্দাসকলৰ স্বাভাৱিক জীৱন ব্যাহত হৈছে । লগতে মহানগৰীৰ কেইবাটাও স্থানত যান-বাহনৰ চলাচলত ব্য়াঘাত জন্মাত যাত্ৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হৈছে ।

এই সন্দৰ্ভত শিলপুখুৰী অঞ্চলৰ এগৰাকী স্থানীয় ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "এজাক বৰষুণ দিলেই এতিয়া মহানগৰীখন পানীত ডুব যোৱাটো তেনেই সাধাৰণ ঘটনা হৈ পৰিছে । কৃত্ৰিম বানৰ বাবে ঘৰৰ পৰা ওলাব নোৱৰা পৰিস্থিতি হৈছে । বিশেষকৈ উৰণসেতু নিৰ্মাণ হোৱাৰ পিছত আগতে যিবোৰ ঠাইত বানপানী হোৱা নাছিল সেইবোৰো ডুব যোৱা হৈছে । চৰকাৰে বান সমস্য়া সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছত বেছিকৈহে বানপানী হ'বলৈ ধৰিছে ।" গুৱাহাটীৰ নিষ্কাশন ব্যৱস্থাৰ উন্নতিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:দুৰ্দশা ! থানাৰ ভিতৰত একাঁঠু পানী, বাহিৰত ৰৈয়েই কাম কৰিবলগীয়া হৈছে আৰক্ষীয়ে

ভয়ংকৰ কৃত্রিম বানৰ কবলত গুৱাহাটী : হাহাকাৰ পৰিস্থিতি, ৰাজপথত সাগৰসদৃশ পৰিৱেশ