লখিমপুৰৰ পৰা পৰিচালিত হয় জালনোটৰ বেহা, জব্দ কেইবালাখ জালনোট
লখিমপুৰত জালনোটৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান । অভিযানত তিনি লাখ জালনোট দহজনক আটক ।

Published : July 7, 2026 at 9:24 PM IST
লখিমপুৰ: জালনোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই চলি আছে জালনোট বিৰোধী অভিযান । সৌ সিদিনা গুৱাহাটীত জালনোটৰ ঘাটিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোট । তাৰপিছতেই এনে বেহাৰ ঘাই শিপাডালৰ সন্ধান ওলাই লখিমপুৰত ।
লখিমপুৰৰ পৰা যে জালনোটৰ বেহা পৰিচালিত হয় সেই কথা পুনৰবাৰ স্পষ্ট হৈ পৰে । তাৰপিছতে লখিমপুৰত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায় । সোমবাৰে নিশা জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে তিনি লাখ জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে এনে বেহাৰ লগত জড়িত দহ জন লোকক আটক কৰে আৰক্ষীয়ে ।
সোমবাৰে ওৰে নিশা লখিমপুৰৰ আৰক্ষীয়ে বঙালমৰা, লালুক, নাওবৈচাৰ বিভিন্ন প্ৰান্তত বৃহৎ অভিযান চলায় । জালনোট, নকল সোণ আদি বেহাৰে জড়িত লোকৰ ঘৰে ঘৰে চলালে অভিযান । বঙালমৰা, ২নং ইছলামপুৰ, লালুকৰ যুৱনগৰ, ইছলামপুৰ, বেচাপট্টি, দ'লহাট আৰক্ষী চকীৰ বালিটিকা, বালিজান, নাওবৈচাৰ ম’হঘূলি, পশ্চিম ম’হঘূলি, পানধোৱা, বৰগোলাত লখিমপুৰ আৰক্ষীৰ কেইবাটাও দলে পৃথকে পৃথকে এই অভিযান চলায় ।

আৰক্ষীৰ অভিযানত আটক হোৱা লোক কেইজন হ'ল বালিজানৰ আব্দুল ৰাজাক, ৰজিবুল হক, মুকচিদুল আলম, ৰিয়াজউদ্দিন, ইমৰাণ হুছেইন, বালিটিকাৰ মতিউৰ ৰহমান, পাণধোৱাৰ চাহাবুল ইছলাম, ম’হঘূলিৰ ইক্ৰামুল ইছলাম, হিবজুৰ ৰহমান আৰু ২নং ইছলাম পুৰৰ মিজানুৰ ৰহমান ।

এই সন্দৰ্ভত লখিমপুৰৰ লালুক থানাত পঞ্জীয়ন হোৱা ১৩২/২৬ নম্বৰৰ আৰু ন্যায় সংহিতাৰ ১৭৮/১৭৯/১৮০/১১১(২) (বি) /৬১(২) ধাৰাৰ গোচৰৰ অধীনত আটকাধীনসকলক সোধ-পোছ অব্যাহত ৰাখিছে । লখিমপুৰত জালনোট উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

