ETV Bharat / state

মিঠাতেল-চাহপাত নাহোতেই আঁতৰিল এশ টকীয়া চেনি-দাইল-নিমখ

৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ লাভ কৰা হিতাধিকাৰীসকলে এক জুনৰ পৰা নাপাব এই সুবিধা ৷

RATION CARD
ৰাজসাহায্যযুক্ত দাইল, চেনী আৰু নিমখৰ পেকেট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 11:04 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: নিৰ্বাচন শেষ হোৱাৰ লগে লগে ৰেচন কাৰ্ডৰ পৰা বৰ্তমান সময়ৰ বাবে আঁতৰিল এশ টকীয়া চেনি, দাইল আৰু নিমখ । বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰথম পৰ্যায়ত নিৰ্দিষ্ট সময়ৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ম্যাদ উকলা আৰু নতুনকৈ পুঁজি আবণ্টন নিদিয়াৰ পৰিণতিত জুনত ৰেচন কাৰ্ডৰ গৰাকীসকলে এশ টকাত নাপাব চেনি, দাইল আৰু নিমখ । বৰঞ্চ আগৰদৰে তেওঁলোকে মুকলি বজাৰৰ পৰা প্ৰচলিত মূল্যত এই তিনিবিধ সামগ্রী ক্রয় কৰিব লাগিব ।

জুনত আঁচনিখন ৰূপায়ণ কৰি ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ এতিয়া পুঁজি নাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এগৰাকী যোগান বিষয়াই জনোৱা মতে পৰৱৰ্তী যোগানৰ বাবে জুলাইত দাখিল হ'বলগীয়া ৰাজ্যিক বাজেটলৈ অপেক্ষা কৰিবলৈ বাধ্য হৈছে বিভাগটো । দেশৰ সাম্প্ৰতিক জটিল বজাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাজেটত আঁচনিখন চৰকাৰে কিদৰে গ্ৰহণ কৰিব, তাৰ ওপৰত এতিয়া সংশ্লিষ্ট সকলো পক্ষৰ দৃষ্টি নিবদ্ধ হৈছে ।

লক্ষণীয় বিষয় যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিলে নতুনকৈ মিঠাতেলো সামগ্ৰীৰ উক্ত তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক প্ৰতিশ্রুতি দিছিল ।

RATION CARD
আঁচনিখন ৰূপায়ণ কৰি ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ এতিয়া পুঁজি নাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ (ETV Bharat Assam)

উল্লেখ্য যে, প্রথমতে ১১৭ টকাত উক্ত তিনিবিধ সামগ্ৰী এক কিলোগ্ৰামকৈ ৰেচন কার্ড থকা গ্রাহকক যোগান ধৰা হৈছিল । পাছত সেই মূল্যৰ পৰিমাণ এশ টকালৈ হ্ৰাস কৰা হয় । যোৱা নৱেম্বৰৰ পৰা ৰূপায়ণ কৰা আঁচনিখন সাত মাহৰ বাবে গ্ৰহণ কৰা হয় । সেই অনুসৰি চলিত মে’ত আঁচনিখনৰ ম্যাদ উকলিব ।

সুলভ মূল্যৰ ব্যৱসায়ীসকলে জুনৰ বাবে ইতিমধ্যে সামগ্রী সংগ্রহ কৰিব লাগিছিল । নাম প্ৰকাশত অনিচ্ছুক সুলভ মূল্যৰ দোকানৰ এগৰাকী বিক্ৰেতাই কয়, ‘‘ৰেচন কাৰ্ডত এশ টকাত তিনিবিধ সামগ্ৰী দিয়াৰ বাবে আমাৰ ওচৰত বৰ্তমানলৈ কোনো নিৰ্দেশ অহা নাই । য‍াৰ বাবে এইবাৰ সামগ্রী সংগ্ৰহ কৰিব পৰা নাই । কাৰণ আঁচনিখনৰ বাবদ দিয়া সামগ্ৰীৰ যোগান এতিয়াও বন্ধ হৈ আছে । ইয়াৰ কৰণ হ'ল যে মে'ত ম্যাদ উকলাৰ পাছত জুনৰ পৰা আঁচনিখন ৰূপায়ণৰ কোনো পদক্ষেপ চৰকাৰ তথা যোগান বিভাগে গ্ৰহণ কৰা নাই ।’’

লক্ষণীয় বিষয় যে আঁচনিখন ৰূপায়ণৰ পুঁজি যোগান বিভাগে এতিয়াও লাভ কৰা নাই । ইয়াৰ কাৰণ আনুষ্ঠানিকভাৱে সদৰী কৰাৰ পৰা বিৰত থকা বিভাগটোৰ বিষয়াগৰাকীয়ে জনোৱা মতে এই সময়ত আঁচনিখনৰ বিপৰীতে ব্যয় হোৱা পুঁজি চৰকাৰে দিয়া নাই । গতিকে তাৰ প্ৰভাৱ আঁচনিখনত পৰিছে । লক্ষণীয় দিশটো হ'ল যে এই সময়ত বজাৰত মূল্যবৃদ্ধিৰ জুই জ্বলিছে । তেনে সময়ত ৰেচন কাৰ্ডৰ গৰাকীয়ে আঁচনিখনৰ পৰা সামান্য পৰিমাণে হ'লেও সকাহ পালেহেঁতেন । অথচ এই সময়তে আঁচনিখনৰ ৰূপায়ণ জটিল হৈ পৰিছে ।

২০২৫ চনৰ ১ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল অসমত এখন নতুন আঁচনি । এই আঁচনি অনুসৰি ৰাজ্যৰ ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালে ১০০ টকাতেই লাভ কৰিছিল দালি, নিমখ আৰু চেনি । ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছিল ৷ ইয়াৰ জৰিয়তে প্ৰায় ২ কোটি ৪৫ লাখ লোক উপকৃত হৈছিল । পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পৰৱৰ্তীকালত ফলাফল ঘোষণাৰ পাছত অসম চৰকাৰে এই আঁচনিক কাৰ্যকৰী কৰিছিল ।

২০২৫ চনৰ পহিলা অক্টোবৰৰ পৰা ৰাজ্যৰ এই হিতাধিকাৰীসকলে ১০০ টকাতেই লাভ কৰিছিল অত্যাৱশকীয় এই খাদ্য সামগ্ৰী তিনিবিধ । আনহাতে ২০২৬ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত এই তালিকাত মিঠাতেল আৰু চাহপাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । সকলোৱে ভাবিছিল আঁচনিৰ ক্ষেত্ৰত সদায়েই চমক দি ভালপোৱা মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে পুনৰ চৰকাৰ গঠন কৰি এই কাম কৰিব । কিন্তু বাস্তৱত তেনে হোৱা পৰিলক্ষিত হোৱা নাই । এই তালিকা আৰু দীঘল হোৱাৰ সলনি চৰকাৰে তালিকাখন একেবাৰে নাইকীয়া কৰাৰ দিশে অগ্ৰসৰ হৈছে ।

লক্ষণীয় বিষয় যে ২০২৬ৰ জুনৰ মাহৰ পৰা অনির্দিষ্ট কাললৈ বন্ধ হ'ব হিতাধিকাৰীসকলক সুলভ মূল্যত যোগান ধৰা দাইল, চেনি আৰু নিমখৰ যোগান । হিতাধিকাৰীসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰেই লাগিল । কিয়নো চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে একাংশই তলকিবই পৰা নাছিল । বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে পাই থকা পূৰ্বৰ চাউলো বন্ধ হ’ব নেকি ? অৱশ্যে শেহতীয়া নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে যে দাইল-নিমখ-চেনি বন্ধ হৈ গ’লেও পূৰ্বৰ দৰেই ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চাউল । দৰাচলতে হিতাধিকাৰীসকলক সুলভ মূল্যত এই তিনিবিধ নিত্যব্যৱহার্য খাদ্য-সামগ্রী যোগান ধৰিবলৈ এই মুহূৰ্তত নাই ৰাজ্য চৰকাৰৰ পর্যাপ্ত বাজেট । গতিকে আগত জুন মাহৰ পৰা অনির্দিষ্ট কাললৈ হিতাধিকাৰী সকলে ৰেচন কাৰ্ডৰ জৰিয়তে আৰু নাপাব ১০০ টকাত এক কেজি দাইল, এক কেজি চেনি আৰু এক কেজি নিমখ ।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত মাহলৈকে বিনামূলীয়া চাউলৰ লগতে ৬০ টকাত এক কেজি মচুৰ দাইল, ১০ টকাত এক কেজি নিমখ আৰু ৩০ টকাত এক কেজি চেনি লাভ কৰি আহিছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে । অৱশ্যে জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগা বাজেট অধিৱেশনত দাখিল হ'বলগীয়া ৰাজ্য চৰকাৰৰ নতুন বাজেটত যদি পূৰ্বৰ দৰে এই সামগ্রীকেইবিধ সুলভ মূল্যত হিতাধিকাৰীসকলক যোগান ধৰাৰ বাবে ধন ধার্য কৰা হয়, তেনেহ'লে ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ সকাহ পাব হিতাধিকাৰীসকলে ।

ইফালে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত হিতাধিকাৰীসকলক দালি, চেনি আৰু নিমখৰ লগতে চাহপাত আৰু মিঠাতেলো সুলভ মূল্যত যোগান ধৰাৰ প্রতিশ্রুতি দিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই । গতিকে আগত বাজেটত যদি চৰকাৰে মিঠাতেল আৰু চাহপাতৰ বাবেও পর্যাপ্ত ধন ধার্য কৰে, তেনেহ'লে ছেপ্টেম্বৰৰ পৰা এই দুবিধ সামগ্রীও সুলভ মূল্যত পাব হিতাধিকাৰীসকলে । উল্লেখ্য যে এই আচঁনিৰ বাবদ বিগত মাহকেইটাত চৰকাৰে প্ৰায় ২৯০ কোটিৰো অধিক টকা ব্যয় কৰি আহিছে । এই হিচাপত এই আঁচনিৰ বাবে প্ৰতিমাহে অসম চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰিছিল প্ৰায় ৩৭ কোটি টকা । এতিয়া এই আঁচনিৰ বাবে এই পুঁজি চৰকাৰে ব্যয় কৰিব নে নাই, সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: গুৱাহাটীত অনুষ্ঠিত 'প্ৰত্যাশা 2.0' বাছনি পৰীক্ষা, মুঠ ১,০০০ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ