ETV Bharat / state

মাৰ্ঘেৰিটাত ধনেশ পক্ষী হত্যা কৰি ৰঙাঘৰত তিনি চিকাৰী

বিৰল প্ৰজাতিৰ অৰেণ্টেল পাইড হৰ্ণবিল নিধন ।

3 hunters caught for killing hornbill in Margherita
মাৰ্ঘেৰিটাত ধনেশ পক্ষী হত্যা কৰি ৰঙাঘৰত তিনি চিকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 10:52 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেমত মাংসৰ বাবে এক বিৰল প্ৰজাতিৰ 'অৰেণ্টেল পাইড হৰ্ণবিল' পক্ষী নিধন কৰাৰ তথ্য পোহৰলৈ আহিছে । সামাজিক মাধ্যমৰত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই মাৰ্ঘেৰিটা পূব বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াসকলে ক্ষিপ্ৰতাৰে অভিযান চলাই ঘটনাৰ সৈতে জড়িত তিনিজন চিকাৰীক নিশা গ্ৰেপ্তাৰ কৰি শনিবাৰে জেললৈ প্ৰেৰণ কৰে ।

ধনেশ পক্ষী নিধনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিচতো এই লোক তিনিজনে এনে কাৰ্যত লিপ্ত হৈ পৰে । আৰক্ষীৰ জালত পৰা এই তিনি অভিযুক্ত হৈছে ফাট্টু মুড়া (২২), কানাই ভদ্ৰ (৪৫) আৰু বিনোদ মাঝি (২১)। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত তিনিওজনকে শনিবাৰে মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

ইফালে, ধনেশ পক্ষী সাধাৰণতে একগামী হোৱাৰ বাবে এটাৰ মৃত্যুৱে আনটো সংগীক তীব্ৰ মানসিক চাপ আৰু অনাহাৰৰ দিশলৈ ঠেলি দিয়ে বুলি পক্ষীপ্ৰেমী সকলে উদ্বেগ প্ৰকাশ কৰিছে । ডিগবৈৰ পৰিৱেশবিদ দেৱজিৎ মৰাণে এই কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে ।

পৰিৱেশবিদগৰাকীয়ে লগতে অঞ্চলটোৰ বিলুপ্তপ্ৰায় বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে ৰাজ্য়ৰ বন বিভাগ তথা পৰিৱেশ আৰু বন মন্ত্ৰী হ'ল জয়ন্ত মল্লবৰুৱাক অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । পক্ষী নিধন কৰি জেল হাজোতৰ আলহী হোৱাৰ ঘটনাক প্ৰকৃতিপ্ৰেমীসকলে আদৰণি জনোৱাৰ লগতে এনে শাস্তিৰ ফলত অনাগত দিনত পক্ষী নিধন ৰোধিব পৰা যাব বুলি আশা ব্যক্ত কৰিছে ।

লগতে পঢ়ক:১০৮ প্ৰজাতিৰ পৰিভ্ৰমী, ৬৬ দেশীয় প্ৰজাতিৰ চৰাইৰ বিচৰণস্থলী দীপৰ বিল

সম্ভাৱ্য বানৰ সৈতে মুখামুখি হ'বলৈ কিদৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান?