ETV Bharat / state

আলফা(স্বা)ত সদস্যভৰ্তি প্ৰক্ৰিয়া অব্যাহত: লেখাপানীত তিনি যুৱকক আটক

যুৱককেইজনে কাৰ উচটনিত বা কেনেকৈ সংগঠনটোৰ সৈতে যোগাযোগ কৰিছিল, সেয়া এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই ৷

YOUTH PLANS TO JOIN ULFA I
লেখাপানী আৰক্ষীয়ে আটক কৰা যুৱক তিনিজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 8:52 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: ৰাজ্য চৰকাৰ তথা প্ৰশাসনে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন) বৰ্তমান সম্পূৰ্ণৰূপে নিশকতীয়া হৈ পৰা বুলি বাৰম্বাৰ দাবী কৰি অহাৰ মাজতেই পোহৰলৈ আহিছে এক বিপৰীত ছবি । উজনি অসমৰ লগতে বিশেষকৈ অসমৰ সীমামূৰীয়া গ্ৰামাঞ্চলসমূহৰ যুৱক-যুৱতীসকল এতিয়াও সংগঠনটোৰ প্ৰতি আকৰ্ষিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ।

শুকুৰবাৰে এক বিশেষ সূত্ৰৰ পম খেদি লেখাপানী আৰক্ষীয়ে আলফা(স্বা) ত যোগদান কৰিবলৈ আগ্ৰহী তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং চালি অঞ্চলত এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল ।

উক্ত অঞ্চলটোত বাহৰ পাতি থকা অৱস্থাতে আলফাত যোগদান কৰিবলৈ যোৱা এই তিনি যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে । ধৃত যুৱকত্ৰয় ক্ৰমে পেঙেৰী থানাৰ অন্তৰ্গত ২ নং টেকেৰী গাঁৱৰ দিলীপ মৰাণৰ পুত্ৰ অন্তো মৰাণ(৩৪), একেখন গাঁৱৰে বুলু মৰাণৰ পুত্ৰ নিউটন মৰাণ(২২) আৰু ২ নং নলনী গাঁৱৰ দিনেশ্বৰ মৰাণৰ পুত্ৰ বিজয় মৰাণ(২৮) । ধৃত যুৱককেইজনৰ জিম্মাৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ আপত্তিজনক অস্ত্ৰ বা বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই ।

যুৱককেইজনে কাৰ উচটনিত বা কেনেকৈ সংগঠনটোৰ সৈতে যোগাযোগ কৰিছিল, সেই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

চৰকাৰে আলফা (স্বা)ৰ শক্তি হ্ৰাস পোৱা বুলি দাবী কৰিলেও বাস্তৱ ক্ষেত্ৰত সীমামূৰীয়া অঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত সংগঠনটোৰ প্ৰতি থকা সংবেদনশীলতা আৰু সদস্যভৰ্তি প্ৰক্ৰিয়া যে গোপনে অব্যাহত আছে, এই ঘটনাই তাকেই প্ৰমাণ কৰা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ অহাৰ স্বপ্নভংগ শ্যামকানু-শেখৰজ্যোতিৰ