ETV Bharat / state

বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি: বেদখলৰ কৱলত ঐতিহাসিক বিল

প্ৰদূষণৰ কবলত চঞ্চলা ডিগাৰু নদীয়ে দ্বিখণ্ডিত কৰা ডিমৰীয়া ।

threats to wetland of Dimoria
বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 5:30 PM IST

6 Min Read
Choose ETV Bharat

সোণাপুৰ: কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হৈছে ডিমৰীয়া । দক্ষিণে চিৰসেউজ মেঘালয় মালভূমি আৰু উত্তৰে স্ৰোতস্বিনী কলং নৈৰ প্লাৱনভূমিৰে পৰিৱেষ্টিত এই অঞ্চলটো প্ৰকৃতিৰ এক অনন্য সৃষ্টি ।

মেঘালয়ৰ পাহাৰৰ পৰা বৈ অহা চঞ্চলা ডিগাৰু নদীয়ে দ্বিখণ্ডিত কৰা ডিমৰীয়া কেৱল প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ জলজ আৰু বনজ সম্পদৰ বাবেও অতি চহকী; কিন্তু বৰ্তমান সময়ত মানুহৰ অপৰিকল্পিত কাৰ্যকলাপ আৰু ঔদ্যোগীকৰণৰ কৱলত পৰি অঞ্চলটোৰ প্ৰাণস্বৰূপ আৰ্দ্ৰভূমিসমূহ তীব্ৰ সংকটৰ মুখত পৰিছে ।

বিলুপ্ত আৰু বিপন্ন বিলসমূহৰ এক খতিয়ান :

সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট গৱেষক ডঃ ধৰ্ম্মৰাম ডেকাই চলোৱা এক জৰীপ আৰু ভূ-প্ৰাকৃতিক মানচিত্ৰ অনুসৰি ডিমৰীয়া অঞ্চলত সৰু-বৰ প্ৰায় ২৯ খন বিলৰ তথ্য লাভ কৰিছিল । ডিমৰীয়াৰ ভৌগোলিক অৱস্থিতি অনুসৰি এই বিলসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি-ডিগাৰু নদীৰ সমভূমি অঞ্চল আৰু কলং নৈৰ সমভূমি অঞ্চল ।

প্ৰদূষণ আৰু পৰিৱেশ সন্দৰ্ভত বিশিষ্ট গৱেষক ড৹ ধৰ্ম্মৰাম ডেকা (ETV Bharat Assam)

প্ৰদূষণ আৰু পৰিৱেশ তন্ত্ৰলৈ অহা ভাবুকি:

বিশিষ্ট গৱেষক ডঃ ধৰ্ম্মৰাম ডেকাই সোণাপুৰলৈ অহা ভাবুকি প্ৰসংগত কয়, "এসময়ত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ বিলসমূহ এতিয়া মানুহৰ কাম-কাজ আৰু উদ্যোগীকৰণৰ বাবে ধবংসৰ গৰাহত পৰিছে । এসময়ত নগাঁও কাগজ কলৰ পৰা নিৰ্গত প্ৰদূষিত পদাৰ্থই জীয়ং, ইটিলা আদি বিলৰ পানী এনেদৰে দূষিত কৰিছিল যে মাছৰ গাতো দুৰ্গন্ধ ওলাইছিল আৰু পানী ব্যৱহাৰ কৰা লোকসকল চৰ্মৰোগত আক্ৰান্ত হৈছিল । বৰ্তমান সময়ত বিলৰ ওপৰত পকী দলং নিৰ্মাণ কৰোতে মাটি পুতি পেলোৱাৰ ফলত বিলসমূহ বাম হৈ পৰিছে ।"

থলুৱা মাছৰ সংকট সন্দৰ্ভত বিশিষ্ট গৱেষক ডঃ ধৰ্ম্মৰাম ডেকা (ETV Bharat Assam)

থলুৱা মাছৰ সংকট :

"এসময়ত প্ৰচুৰ বাণিজ্যিক মূল্য থকা নিকৰিৰ বাবে বিখ্যাত বমনি বিল আৰু পদুম ফুলৰ বাবে বিখ্যাত অমৰা বিলৰ ঐতিহ্য এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে বুলি উল্লেখ কৰি বিশিষ্ট গৱেষকগৰাকীয়ে কয়," নল, খাগৰি, ইকৰা আদি উদ্ভিদসমূহ নাইকীয়া হৈছে । থলুৱা মাছ যেনে পাভ, বেচা, চন্দা, খালৈভাঙি আদিৰ ঠাই এতিয়া লৈছেহি পৰিৱেশৰ বাবে অনুকূল নোহোৱা জাপানী কাৱৈ, থাই মাগুৰ, কমন কাৰ্প আদিয়ে ।" ডঃ ডেকাই এইদৰে কয় ।

threats to wetland of Dimoria
বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি (ETV Bharat Assam)

ডিগাৰু নৈৰ পাৰৰ বিল:

ডিমৰীয়াৰ বিলসমূহ কেৱল প্ৰাকৃতিক জলাশয় নহয়, ই অঞ্চলটোৰ অৰ্থনীতি আৰু সংস্কৃতিৰ হৃদপিণ্ড । ডিগাৰু নৈৰ পাৰত কেইবাখনো বিল আছে । এই বিলসমূহ হৈছে- চং বিল, কুকুৰা কটা, গাটোৱা, ৰৌমাৰী, বাঁহতলা, সাঁকোমাৰি, আমখলা, দেও বিল, মৰকদোলা, সুমাইকুৰীয়া, বৰালি মাৰা, চেঁচাখাল, ফেঁহুলি আৰু পতাবিল ।

threats to wetland of Dimoria
বেদখলৰ কৱলত ডিমৰীয়াৰ ঐতিহাসিক বিল (ETV Bharat Assam)

কলং নদীৰ প্লাৱনভূমিৰ বিল:

আমহাতে,কলং নদীৰ প্লাৱনভূমিৰ বিলসমূহ হৈছে-বৰবিলা, নাগাজান, ঐতিহাসিক বমনি বিল, অমৰা, কোহানি, দৰিয়া, পীট উঠা, জীয়ং, ঘগৰা, ইতিহাস বিজড়িত পাৰশালি আৰু জালিসৰা বিল।

threats to wetland of Dimoria
বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি (ETV Bharat Assam)

ভৌগোলিক বৈশিষ্ট্য:

ডিমৰীয়াৰ বিলসমূহৰ এক বিশেষ বৈশিষ্ট্য হ’ল এখন বিল আন এখনৰ সৈতে সৰ্পিল আকাৰে সংলগ্ন হৈ আছে । (যেনে: চেঁচাখাল -> সুমাইকুৰীয়া-> আমখলা -> দমৰা পথাৰ > হাতীয়াখাল হৈ ডিগাৰু নৈ) । সেয়েহে এইবোৰক ডিচক্ৰীট (Discrete) শ্ৰেণীৰ বিল বুলি কোৱা হয় । আনহাতে, জীয়ং, ইটিলা বা হাঁহচৰাৰ দৰে যিবোৰ বিলৰ পানী গোটেই বছৰ ধৰি নদীৰ দৰে প্ৰবাহিত হয়, সেইবোৰক প্ৰবাহমান বা ল’টিক (Lotic) বিল বুলি কয় । চংবিল, বমনি, জালিসৰা আদিৰ দৰে স্থিৰ পানীৰ বিলসমূহক বন্ধন বা লেন্তিক (Lentic) বিল বুলি জনা যায় ।

সংকটৰ কৰুণ ছবি:

ইতিমধ্যে মৰকদোলা, ফেঁহুলি, আমখলা, বৰালি মাৰা, উৰলৰ দেওবিল আৰু পতাবিলৰ দৰে কেইবাখনো বিল সম্পূৰ্ণৰূপে বিলুপ্ত হৈ কৃষিভূমিলৈ ৰূপান্তৰিত হৈছে । বাকী থকা বিলসমূহকো এতিয়া উদ্যোগ,কল-কাৰখানাৰ কৰাল গ্ৰাসে গ্ৰাস কৰিছে ।

threats to wetland of Dimoria
বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি (ETV Bharat Assam)

প্ৰাকৃতিক ৰিজাৰ্ভাৰ:

বাৰিষা ডিগাৰু আৰু কলং নৈৰ অতিৰিক্ত বানপানী এই বিলসমূহে শুহি লৈ অঞ্চলটোক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰে । খৰাঙৰ দিনত এই পানীৰে খেতি কৰা হয় ।

অৰ্থনৈতিক ভেটি:

বিলৰ মাছেৰে বহু পৰিয়ালে জীৱিকা নিৰ্বাহ কৰে । আনকি অঞ্চলটোৰ বহু শিক্ষানুষ্ঠান, নামঘৰ, ক্লাব আদি বিলৰ পৰা লাভ কৰা ধনেৰেই নিৰ্মাণ কৰা হৈছে ।

ঐক্য আৰু সমন্বয়ৰ মিলনক্ষেত্ৰ:

মাঘ বিহুৰ উৰুকাৰ দিনা বমনি, জালিসৰা আৰু পাৰশালি বিলত মধ্য যুগৰ পৰা পৰম্পৰাগত সামূহিক মৎস্য চিকাৰ উৎসৱ অনুষ্ঠিত হয় । ডিমৰীয়াৰ ৰজাৰ উপস্হিতিত ‘লালিলাং’ (কেঁচা বিহুগীত) গাই সকলো ধৰ্ম-সম্প্ৰদায়ৰ লোকে একেলগে বিলত নামে । ই জাতীয় সংস্কৃতি আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ।

নাহৰগুৰি মীন উন্নয়ন সমিতিৰ সম্পাদক সৌৰভ দাস (ETV Bharat Assam)

সমাধানৰ পথ কি ?

এই সন্দৰ্ভত নাহৰগুৰি মীন উন্নয়ন সমিতিৰ সম্পাদক সৌৰভ দাসে ক্ষোভ প্ৰকাশ কৰি কয়," এই বিলসমূহত ৰজাদিনীয়া পৰম্পৰা চলি আহিছে । আমাৰ হৃদপিণ্ড স্বৰূপ এই বিলসমূহ লাহে লাহে বেদখল আৰু উদ্যোগৰ কৱলত পৰিছে । বিলসমূহ লাহে লাহে সংকুচিত হৈ পৰিছে । আনকি বিলসমূহত হোৱা প্ৰদূষণৰ ফলত মাছে প্ৰজনন কৰিব নোৱাৰা হৈছে । বানপানী নোহোৱা বাবে ইয়াৰ পানী যঠেষ্ট কমি গৈছে । পৰম্পৰা জীয়াই ৰাখিবলৈ হ’লে বিলসমূহ জীয়াই ৰাখিব লাগিব।" তেওঁ চৰকাৰক এই বিলসমূহ বেদখলমুক্ত কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অনুৰোধ জনায় ।

threats to wetland of Dimoria
বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি (ETV Bharat Assam)

ডব্লিউ ডব্লিউ এফৰ (১৯৯৭) ৰ তথ্য অনুসৰি বিশ্বৰ আৰ্দ্ৰভূমিসমূহৰ মূল্য ১৫ ত্ৰিলিয়ন ডলাৰ । গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণত আৰ্দ্ৰভূমিয়ে ৩২% কাৰ্বন শোষণ কৰে । সমগ্ৰ ভাৰতত ইতিমধ্যে ৮৮% আৰ্দ্ৰভূমি বিলুপ্ত হৈছে আৰু ৫৮.২ শতাংশ অৱক্ষয় হৈছে ।

অসমতো দ্ৰুত হাৰত আৰ্দ্ৰভূমি বিলুপ্তি ঘটিছে আৰু কিছুমান বিলুপ্তিৰ পথত গতিকে, ডিমৰীয়াৰ বিলসমূহ ৰক্ষা কৰিবলৈ হ’লে-

  • ওচৰ-পাজৰৰ থলুৱা গাঁৱৰ ৰাইজক বিল সংৰক্ষণৰ দায়িত্ব অৰ্পণ কৰিব লাগিব।
  • চৰকাৰে উপযুক্ত আঁচনি গ্ৰহণ কৰি বিলসমূহ পুনৰ খননৰ ব্যৱস্থা কৰিব লাগিব।
  • অবিজ্ঞানসন্মত মৎস্য ধাৰণ, কৃষি পথাৰত অতিমাত্ৰা ৰাসায়নিক সাৰৰ প্ৰয়োগ আৰু উদ্যোগিক প্ৰদূষণ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব।

সময়ৰ আহ্বান:

যদিহে সময় থাকোতেই ডিমৰীয়াৰ এই অমূল্য প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ বাবে চৰকাৰ, প্ৰশাসন আৰু স্থানীয় ৰাইজ একগোট হৈ আগবাঢ়ি নাহে, তেন্তে অনাগত দিনত কেৱল পৰিৱেশ তন্ত্ৰই নহয়, ডিমৰীয়াৰ কৃষ্টি-সংস্কৃতিও চিৰদিনৰ বাবে নিঃচিহ্ন হৈ পৰাটো নিশ্চিত।

লগতে পঢ়ক:ডিমৰীয়াৰ জালিশৰা বিলত প্ৰকৃতিৰ অপৰূপ ৰূপ: শ্বেতপদ্মৰ হাঁহি আৰু ঐতিহ্যৰ সংগম

আন্তর্জাতিক চাহ দিৱস : চাহৰ সৈতে অসমৰ অবিচ্ছেদ্য বন্ধন