আফ্ৰিকান ছোৱাইন ফিভাৰে টোপনি হৰিছে গাহৰি পালকৰ
তিনিচুকীয়াত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ হাজাৰোধিক গাহৰিৰ মৃত্যু ৷ তিনিচুকীয়া আৰু মাকুমত গাহৰি বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ ।

Published : November 13, 2025 at 6:10 PM IST
তিনিচুকীয়া: তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হাজাৰোধিক গাহৰিৰ মৃত্যু হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাহৰি পালকসকলৰ মাজত ৷
তাৰ পাছতে তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ড আৰু ইটাখুলি উন্নয়ন খণ্ড, মাকুম পৌৰসভা আৰু তিনিচুকীয়া পৌৰসভা অন্তৰ্গত অঞ্চলত গাহৰি মাংস আৰু ইয়াৰ মাংসৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ সকলো দোকান অহা ৭ দিন বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে ।
লগতে গাহৰি বা গাহৰিৰ মাংস সম্পৰ্কীয় যিকোনো সামগ্ৰীৰ আন ঠাইলৈ সৰবৰাহৰ অনুমতিৰ ক্ষেত্ৰটো নিষেধাজ্ঞা জাৰি কৰিছে ৷ যিহেতু তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ এটা প্ৰজাতি নিশ্চিত হৈছে আৰু সেয়েহে ইয়াৰ ১ কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰৰ সমগ্ৰ অঞ্চলটোক সংক্ৰমিত অঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছে ৷
য'ত আফ্ৰিকান গাহৰি জ্বৰৰ নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসমৰ দ্বাৰা প্ৰস্তুত কৰা কাৰ্য পৰিকল্পনা অনুসৰি গাহৰিৰ নিধন আৰম্ভ হ'ব বুলি জিলা প্ৰশাসনৰ জাননীত উল্লেখ কৰাৰ লগতে গোবিন্দপুৰ গাঁৱৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধত সতৰ্কতা মণ্ডল হিচাপে ঘোষণা কৰিছে ।

ইফালে, তিনিচুকীয়াৰ গোবিন্দপুৰ আৰু ধৰিয়া ৰৈতক গাঁৱৰ লোকসকলৰ প্ৰায় ১০০০ ৰ পৰা ১২০০ গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে । এই সন্দৰ্ভত পানীতোলা বৰুৱাহোলাৰ গাহৰি পালক ৰন্তু চেতিয়াই কয়, "মোৰ এই পৰ্যন্ত ১২২ টা পোৱালি, ৩২ ডাঙৰ গাহৰি মৰিছে আৰু বৰ্তমান মাত্ৰ ৭ টা জীয়াই আছে, হয়তো সেয়াও দুই এদিনতে মৃত্যু হ’ব ৷ ইয়াৰ আৰম্ভণি ১৮ অক্টোবৰ পৰাই হৈছে ৷ প্ৰথমে বহু চিকিৎসা কৰিলোঁ, কিন্তু চিকিৎসা কৰি কোনো ফল নধৰিল ।"
তেওঁ লগতে কয়, "বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰি আহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ নাহিল । এতিয়া কি কৰোঁ ভাবি পোৱা নাই ৷ মোৰ বেংকৰ ঋণ আছে, মই এতিয়া নিৰুপায় হৈ পৰিছোঁ । গতিকে চৰকাৰ, জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমাৰ দৰে গাহৰি পালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব ৷”

