বঞ্চিতৰ বাবে নিগম-নিকায়ত ৰাজনৈতিক সংস্থাপনৰ প্ৰস্তুতি : চৰ্চাত আছে বহু বিধায়ক আৰু জ্যেষ্ঠ নেতা
মন্ত্রিত্ব নোপোৱাসকলৰ লক্ষ্য এতিয়া নিগম-নিকায় । ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন নিগম-নিকায়ত ৰাজনৈতিক সংস্থাপনৰ প্ৰস্তুতি চলিছে । কাক ক'ত দিব তাৰ চলিছে চৰ্চা ।

Published : June 11, 2026 at 10:24 PM IST
গুৱাহাটী: মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্রীসভাত নতুন আৰু পুৰণিৰ অন্তৰ্ভুক্তি হ’ল যদিও পুৰণি কেইবাজনো বাদ পৰিল আৰু বহুতৰ আশা পূৰণ নহ'ল । জ্যেষ্ঠ-কণিষ্ঠ বহুজনে মন্ত্রিত্ব লাভৰ আশা পুহি ৰাখিছিল যদিও অৱশেষত সপোন পূৰণ নহ'ল । অৱশ্যে সকলোৰে আশা পূৰণ কৰাটো অসম্ভৱ ।
মন্ত্রিত্বৰ আশা পূৰণ নহ’লেও কিন্তু কোনেও মুখ খুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । লক্ষণীয় বিষয় যে ইতিহাস ৰচনা কৰি এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অকলে ৮২ খন আসন লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, মিত্রদল অগপ আৰু বিপিএফে দহখনকৈ আসন লাভ কৰে । ফলত এনডিএৰ আসনৰ সংখ্যা হয়গৈ ১০২ খন । তেনেস্থলত সকলোকে সন্তুষ্ট কৰাটো সম্ভৱ নহয় ।
মন্ত্রিত্ব নোপোৱাসকলৰ এতিয়া লক্ষ্য হৈছে নিগম-নিকায় । ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিগম-নিকায়সমূহৰ লগতে ৰাজ্য চৰকাৰৰ পৰিচালিত কোম্পানীসমূহত অধ্যক্ষ, উপাধ্যক্ষৰ পদত নিযুক্তি দিয়াৰ যো-জা চলাইছে । ৰাজনৈতিক সংস্থাপনৰ এই প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতেই দিছপুৰ আৰু বাজপেয়ী ভৱনত এতিয়া তৎপৰতা বৃদ্ধি পাইছে ।
ইফালে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা একাংশ বিধায়কে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকো সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে । কেৱল বিধায়কেই নহয় নিৰ্বাচনত টিকট নোপোৱা দলীয় নেতাও এই দৌৰত আছে । গতিকে নিগম-নিকায়ৰ জৰিয়তেও সকলোকে সন্তুষ্ট কৰাত অসুবিধা আছে । নিগম, নিকায় তথা কোম্পানীসমূহত নিযুক্তি দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । এইক্ষেত্রত কাক দিব আৰু কাক নিদিব তাক লৈ সমস্যাত পৰিছে মুখ্যমন্ত্ৰীৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব ।
উল্লেখ্য যে, শাসকীয় দলৰ বিধায়কৰ লগতে দলৰ একাংশ নেতাকো নিগম, নিকায় আৰু ৰাজ্য চৰকাৰৰ পৰিচালিত কোম্পানীসমূহত অধ্যক্ষ, উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয় । কিন্তু এইবাৰ বিধায়কৰ সংখ্যা অধিক হোৱাৰ বাবে দলৰ একাংশ নেতাই নিযুক্তি লাভ নকৰাৰ শংকাত ভূগিছে । চৰকাৰী তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত নিগম-নিকায় আৰু কোম্পানীৰ সংখ্যা প্ৰায় দুই কুৰি । আনহাতে ইয়াৰে কুৰিটাৰো অধিক লোকচনাৰ সন্মুখীন হৈ আহিছে । কিন্তু এই বৃহৎ লোকচানৰ পাছতো বৰ্তমান বিজেপিৰ বিধায়ক আৰু নেতাসকলে নিগম-নিকায় তথা কোম্পানীসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ বাবে ব্যাপক তৎপৰতা চলাইছে ।
ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰ্ণাংগ মন্ত্রীসভাৰ প্রথমখন কেবিনেটতে 'ডিব্ৰুগড় দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ' গঠন কৰিছে । লগতে এই প্ৰাধিকৰণৰ অধ্যক্ষ পদত কেবিনেট মৰ্যাদাৰে নিযুক্ত লাভ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে । চৰকাৰখনৰ বিগত কাৰ্যকালত মন্ত্ৰিত্ব লাভ কৰা প্ৰশান্ত ফুকন এইবাৰো মন্ত্ৰিত্বৰ প্ৰত্যাশী আছিল। কিন্তু এইবাৰ মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা প্ৰশান্ত ফুকনক মুখ্যমন্ত্রীয়ে কেবিনেট মৰ্যাদাৰে এই নিযুক্তি দিয়ে ।
সেইদৰে শদিয়াৰ বিধায়ক বলীন চেতিয়াক কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰে মুখ্যমন্ত্রীয়ে অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে । বলীন চেতিয়াক মন্ত্রিত্ব নিদিয়াৰ বাবে উজনি অসমৰ মৰাণ, মটক জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল । সেই প্ৰতিবাদ নিৰ্মূল কৰাৰ বাবে বলীন চেতিয়াক উক্ত পদত নিযুক্তি দিয়া হয় ।
আনহাতে, বিধায়ক তৰংগ গগৈ আৰু কৃষ্ণ কমল তাঁতীক মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে । সম্পূৰ্ণ ৰাজনৈতিকভাৱে নিযুক্তি দিয়া নিগম-নিকায়ৰ অধ্যক্ষক প্রতি মাহে ৫০ হাজাৰ আৰু উপাধ্যক্ষক ৪০ হাজাৰ টকাকৈ মাননি দিয়া হয় । এই মাননিৰ উপৰি একাংশ নিগম-নিকায়ৰ অধ্যক্ষক চৰকাৰী গাড়ী, পিয়ন আদি চৰকাৰী খৰচতে যোগান ধৰা হয় । সেইদৰে একাংশ উপাধ্যক্ষক ব্যক্তিগত গাড়ীৰ পেট্র’ল তথা ডিজেলৰ বাবেও অতিৰিক্ত ভাট্টা দিয়া হয় । সেয়েহে এনে সুবিধা লাভৰ আশাতে এতিয়া বিজেপিৰ একাংশ বিধায়ক আৰু নেতাৰ মাজত দৌৰ আৰম্ভ হৈছে ।
চৰ্চা অনুসৰি প্ৰথমতে প্ৰধান্য লাভ কৰিব মন্ত্রিত্বৰ পৰা বঞ্চিত হোৱা বিধায়কসকল । তেওঁলোকক গুৰুত্বপূৰ্ণ নিগম-নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হ'ব । এইক্ষেত্রত চৰ্চাত আছে চন্দ্ৰমোহন পাটোৱাৰী, ভৱেশ কলিতা, হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজদ্বীপ ৰায়, মানৱ ডেকা, পল্লৱলোচন দাস, পুলক গোঁহাই, ৰমাকান্ত দেউৰী, কিশোৰ নাথ, পৰমানন্দ ৰাজবংশী, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ৰূপক শৰ্মা, ৰাজদ্বীপ গোৱালা, বিনোদ হাজৰিকা, মৃণাল শইকীয়া আদিৰ নাম ।
সেইদৰে দ্বিতীয়তে প্ৰাধান্য লাভ কৰিব টিকটৰ পৰা বঞ্চিত হোৱা বিজেপিৰ লগতে মিত্রদল অগপ আৰু বিপিএফৰ শীৰ্ষ নেতাসকলে । তেওঁলোককো নিগম-নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হ'ব । এইক্ষেত্রত চৰ্চাত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য, মিছন ৰঞ্জন দাস, অশোক ভট্ট ৰায়, গণেশ লিম্বু, প্ৰমোদ বৰঠাকুৰ, বসন্ত দাস, দিগন্ত ঘাটোৱাল, হেমাংগ ঠাকুৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলাকান্ত কলিতা, প্ৰবীণ হাজৰিকা, ভবেন ভৰালী, দুৰ্গা দাস বড়ো, মনেশ্বৰ ব্ৰহ্ম, ৰূপম গোস্বামী, মনোজ বৰুৱা, আঙুৰলতা ডেকা আদিৰ নাম । বিধানসভা নিৰ্বাচনত ১৯ গৰাকী বিধায়কৰ টিকট কৰ্তন কৰা হৈছিল । অৱশ্যে ৰাজনৈতিক সংস্থাপনৰ এই প্ৰক্ৰিয়াত শেষত কাৰ কাৰ ভাগ্য উদয় হয়, সেয়া সময়েহে ক'ব ।
উল্লেখ্য যে ৰাজ্যৰ নিগম-নিকায়সমূহ ৰাজনৈতিক নেতাক সংস্থাপিত কৰাৰ অন্যতম উৎস হিচাপে পৰিগণিত হৈ আহিছে । প্ৰতিখন ৰাজ্য চৰকাৰৰ কাৰ্যকালত শাসকীয় দলৰ নেতাক ৰাজনৈতিকভাৱে সংস্থাপিত কৰাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈ আহিছে । কংগ্ৰেছ চৰকাৰৰ দিনটো দলীয় কার্যকর্তা হিচাপে প্ৰভাৱ থকা বহু নেতাক নিগম-নিকায় তথা কমিটী আদিৰ অধ্যক্ষ-উপাধ্যক্ষ, স্বতন্ত্র সঞ্চালক, সদস্য আদি পদত ৰাজনৈতিকভাৱে সংস্থাপিত কৰা হৈছিল । সেই ধাৰা বিজেপিৰ দিনটো অব্যাহত আছে ।
এই সন্দৰ্ভত অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ সদস্য তথা চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই যোগাযোগ কৰাত কয়, ‘‘একাংশ অধ্যক্ষ-উপাধ্যক্ষৰ চৰকাৰী নীতি-নিৰ্দেশনাৰ প্ৰতি কোনো জ্ঞান নথকা, ব'ৰ্ড অব ডাইৰেক্টৰৰ সভাত সিদ্ধান্ত লোৱাত ৰাজনৈতিক প্ৰভাৱ আদি কাৰ্যাৱলীয়ে একাংশ নিগম, নিকায়ৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত বাধাৰ সৃষ্টি হৈ আহিছে । ৰাজনৈতিক প্ৰভাৱৰ বাবে নিগম, নিকায়ৰ অৱস্থা আজি শোচনীয় হৈ পৰিছে । চৰকাৰখনে দলীয় নেতাসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থত নিগম-নিকায়বোৰত অধ্যক্ষ আৰু উপাধ্যক্ষ পদত নিযুক্তি দিয়াৰ অভিলেখ গঢ়িছে । ৰাজ্যৰ বহু নিগম-নিকায় নামতেহে আছে, কামত নাই । কাৰণ এই নিগম-নিকায়সমূহ এতিয়া ৰাজনৈতিক প্ৰভাৱত । ৰাজনৈতিক প্ৰভাৱ মুক্ত নোহোৱালৈকে নিগম-নিকায়সমূহ সুস্থিৰ নহ'ব আৰু সাধাৰণ জনতাই ইয়াৰ সুবিধা নাপাব । সংশ্লিষ্ট নিগম-নিকায়ৰ কোনো জ্ঞান নথকা লোকক নিয়োগ কৰাৰ ফলত ইয়াৰ চালিকাশক্তি প্ৰভাৱিত হৈছে ।’’
লগতে পঢ়ক: বিকশিত ভাৰত ২০৪৭: নিটি আয়োগৰ বৈঠকত কেন্দ্ৰ-ৰাজ্যৰ সামূহিক প্ৰচেষ্টাৰ পোষকতা প্ৰধানমন্ত্ৰীৰ

