ETV Bharat / state

গৰু-ছাগলী নহয়, এইবাৰ চোৰৰ টাৰ্গেট সাঁচিগছ

চিনেমাৰ কাইদাৰে চোৰে কাটিলে লাখটকীয়া সাঁচিগছ ৷ কিন্তু গৰাকী দেখি বাৰীতে গছকটা সামগ্ৰী আৰু বাইক এৰি উধাও হ’ল চোৰ ৷

Sarupathar News
নিশা হ'লে চোৰৰ টাৰ্গেট হৈ পৰিছে লাখটকীয়া সাঁচিগছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 8:57 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: গৰু চোৰ, ছাগলী চোৰ, ধন-সোণৰ চোৰৰ কথা আপুনিও নিশ্চিয় শুনিছে ৷ কিন্তু গছ চোৰৰ কথা আপুনি শুনিছেনে ? চোৰৰ টাৰ্গেট এইবাৰ বাৰীত থকা গছ, ঠিক বিদুৰভাই চিনেমাৰ কাইদাৰে এইবাৰে চোৰ নামিছে সাঁচি গছ চুৰি কৰাত ।

ঘটনা অনুসৰি, শনিবাৰে ৰাতি সৰুপথাৰৰ টেঙানী বাঘগাঁৱৰ বিনোদ গগৈ নামৰ এজন লোকৰ বাৰীৰ পৰা চোৰে চুৰি কৰাৰ চেষ্টা কৰিছিল মূল্যৱান সাঁচিগছ । বিদুৰভাই চিনেমাৰ কাইদাৰে চোৰে লাখ টকীয়া সাঁচিগছ কাটি পিছ পিছ কৰি থাকোতেই গাঁৱৰ লোকে প্ৰত্যক্ষ কৰে ৷ তাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন সাঁচিগছৰ চোৰ ৷

নিশা হ'লে চোৰৰ টাৰ্গেট হৈ পৰিছে লাখটকীয়া সাঁচিগছ (ETV Bharat Assam)

ইফালে ঘটনাস্থলীত চোৰটোৱে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS03-G4318 নম্বৰৰ এখন বাইকসহ এটা চাৰ্ট আৰু হেলমেট এৰি পলায়ন কৰে ৷ দেওবাৰে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ দুচকীয়া বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

ঘটনাৰ সন্দৰ্ভত এগৰাকী মহিলাি কয়, "প্ৰথমতে হাঁহ চুৰ হয়, তাৰ পাছতে আমাৰ সাঁচি চুৰ হয় । গাছ কাটি থকাৰ সময়তে ৰাইজে গম পোৱাৰ বাবে বাইক এৰি পলায়ন কৰে চোৰটোৱে ৷ এক লাখ টকাৰ হ'ব গছজোপা ৷ দীৰ্ঘদিনৰ পৰা গাঁৱে-ভূঁৱে সাঁচি চোৰ বৃদ্ধি পাইছে ৷ আমাৰ বুলিয়েই নহয়, প্ৰত্যেক ঘৰ মানুহৰে হৈ আছে । দুখীয়া মানুহ, প্ৰত্যেকেই নিজৰ এটা আশাত গছজোপা ৰোৱে ।"

তেওঁ লগতে কয়, "প্ৰশাসনে উচিত ব্যৱস্থা লওক, অন্য়থা আমাৰ নিৰাপত্তা নোহোৱা হৈছে ৷ চোৰ কৰিবলৈ আহি ধৰা পৰাৰ পাছত চোৰে আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে ৷ সেয়ে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে ৷"

সাঁচি গছৰ মালিকে কয়, "সেইটো এক লাখ টকা হ'ব গছজোপা । ইয়াৰ পূৰ্বেও চুৰি হৈছে । যোৱা বছৰ এজোপা, তাৰ আগৰ বছৰ এজোপা, তাৰ আগত পাঁচ জোপা, এনেকৈ চোৰে নিছে ৷ ৰাতি বাইক এখন থাকি গৈছে চোৰটোৰ ৷"

লগতে পঢ়ক:ETV Bharat Impact Story : বাতৰি প্ৰকাশ হোৱাৰ ২৪ঘণ্টা নৌহতেই মহিলা কৃষক কুন্তী বৰাৰ কাষলৈ আহিল নগাঁও জিলা আয়ুক্ত