অভি-নীলৰ হত্যাকাৰীক ফাঁচি দিব নোৱাৰে, ৰায়দানক লৈ অসন্তুষ্ট বিপক্ষৰ অধিবক্তা
যাৱজ্জীৱন কাৰাদণ্ড বিহিলে প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হ'ব উচ্চ ন্যায়ালয়ৰ ।

Published : April 24, 2026 at 1:31 PM IST
নগাঁও: চলিত মাহৰ সোমবাৰে নগাঁও আদালতে ৰায় প্ৰদান কৰে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ । নৃশংস হত্যাকাণ্ডত আদালতে ২০ জনক দোষী সাব্যস্ত কৰে । আজি অৰ্থাৎ শুকুৰবাৰে শাস্তি ঘোষণা কৰাৰ বাবে ইতিমধ্যে চলিছে প্ৰক্ৰিয়া । শাস্তি ঘোষণা হোৱাৰ পূৰ্বে নগাঁও আদালতৰ সন্মুখত অভিযুক্ত পক্ষ আৰু ভুক্তভোগী পক্ষৰ অধিবক্তাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
অভি-নীলৰ হত্যাকাৰীক ফাঁচি দিব নোৱাৰিব বুলি উল্লেখ কৰে অভিযুক্ত পক্ষৰ অধিবক্তাই । ইয়াৰ বিপৰীতে যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰিব আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহিলে প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হ'ব উচ্চ ন্যায়ালয়ৰ । এই দাবী বিপক্ষৰ অধিবক্তা মানস শৰণীয়াৰ । আনহাতে অভি-নীল হত্যাকাণ্ডৰ দোষীৰ মৃত্যুদণ্ড বিচাৰিব বুলি উল্লেখ কৰে ভুক্তভোগী পক্ষৰ অধিবক্তাই ।
আদালতত সোমোৱাৰ পূৰ্বে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয়,"এই ৰায়দানত মই সন্তুষ্ট নহয় । ২৫ জনক যে দোষমুক্ত ঘোষণা কৰিছে, এই যি ২০ জনক দোষী সাব্যস্ত কৰিলে তাৰ কৰাৰ কোনো সাক্ষী নাই । ইয়াত ফাঁচি দিব নোৱাৰে, কাৰণ ফাঁচি দিব লাগিলে ইমান ঘৃণনীয় হ'ব লাগিব যে পৃথিৱীত তেনেকুৱা ঘটনা বিৰল ।"
তেওঁ পুনৰ কয়,"যিহেতু ৩০২ দিছে, গতিকে যাৱজ্জীৱন কাৰাদণ্ড হ'ব, সেইটো মই খাটাং কৰি কৈছোঁ । ২০ জনক তিনিটা ভাগত ভগাইছোঁ, ইয়াৰে ৩ জনৰ অলপ গুৰুতৰ আছে, ১৩ জনৰ মধ্যম গুৰুতৰ আৰু ৩জনৰ লঘু । মৃত্যুদণ্ড দিলেও, যাৱজ্জীৱন দিলেও উচ্চ ন্যায়ালয়ত আমি আবেদন কৰিম ।"
ইফালে ভুক্তভোগী পক্ষৰ অধিবক্তা জিয়াউল কামাৰে কয়,"এটা কথা একেবাৰে স্পষ্ট ৩০২ ধাৰাত শাস্তি মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড হয় । ৰায় যুক্তিসংগত হৈছে নে নাই উচ্চ ন্যায়ালয়েহে নিৰ্ধাৰণ কৰিব । আদালতে ৰায় দিলেই যে তেওঁলোক দোষী সাব্যস্ত হৈছে ৩০২ ধাৰাত । আজি কেৱল শাস্তি ঘোষণাৰ ওপৰতহে যুক্তি হ'ব ।"

