ETV Bharat / state

অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই : আইঅ'চিএল

অসমত পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰন্ধন গেছ । গ্ৰামাঞ্চলৰ গ্ৰাহকৰ ক্ষেত্ৰত ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে ।

LPG Crisis
অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই : আইঅ'চিএল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 4:13 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : "অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই । ৰাইজ শংকিত হোৱাৰ প্ৰয়োজন নাই ।" ভাৰতীয় তেল নিগম লিমিটেডে এই কথা স্পষ্ট কৰি দিলে । শুকুৰবাৰে নুনমাটিস্থিত ভাৰতীয় তেল নিগম লিমিটেড (এঅ'ডি)ৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এলপিজি শাখাৰ মুখ্য মহাপ্ৰৱন্ধক অমৰজ্যোতি বৰদলৈয়ে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায় ।

উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত দেশজুৰি ৰন্ধন গেছৰ নাটনি হোৱা দেখা গৈছে । ৰন্ধন গেছৰ বাবে গ্ৰাহকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । অৱশ্যে চৰকাৰে ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি ঘোষণা কৰি আহিছে ।

অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই : আইঅ'চিএল (ETV Bharat)

ইয়াৰ পিছতে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ নাটনি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি অমৰজ্যোতি বৰদলৈয়ে কয়, "অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই । ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই । অসমত চাৰিটাকৈ শোধনাগাৰ থকাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে । সম্প্ৰতি গ্ৰাহকে শংকিত হৈ প্ৰয়োজনতকৈ অধিক ৰন্ধন গেছ বুকিং কৰিছে । যাৰ বাবে গ্ৰাহকক সঠিক সময়ত চিলিণ্ডাৰ যোগানত কিছু অসুবিধাৰ সন্মুখীন হৈছে আইঅ'চিএল কৰ্তৃপক্ষ ।"

বুকিং কৰাৰ পিছতো চিলিণ্ডাৰ নোপোৱাৰ অভিযোগ সন্দৰ্ভত তেওঁ কয়, "চিলিণ্ডাৰ বুকিং কৰি নোপোৱাৰ বিভিন্ন কাৰণ আছে । তাৰ ভিতৰত মুখ্য কাৰণ হৈছে যে চৰকাৰে চহৰ অঞ্চলত বুকিঙৰ বাবে ২৫ দিন আৰু গ্ৰামাঞ্চলত ৪৫ দিনৰ সময়সীমা বান্ধি দিছে । ইয়াৰ উপৰিও চিলিণ্ডাৰ যাতে প্ৰকৃত গ্ৰাহকে লাভ কৰে তাৰ বাবে ডিজিটেল প্ৰক্ৰিয়া কঠোৰভাৱে বলৱৎ কৰাৰ প্ৰচেষ্টা কৰি আছোঁ ।"

ই-কেৱাইচি বাধ্যতামূলক

সংবাদমেলত তেওঁ উল্লেখ কৰা মতে ই-কেৱাইচি নকৰা গ্ৰাহকে চিলিণ্ডাৰ বুকিঙৰ সুবিধা নাপাব । ৰন্ধন গেছৰ নাটনিৰ পূৰ্বে ই-কেৱাইচি কৰা গ্ৰাহকৰ সংখ্যা আছিল ৩৭ শতাংশ । বৰ্তমান এই সংখ্যা ৭০ শতাংশলৈ বৃদ্ধি হৈছে । মুখ্য মহাপ্ৰবন্ধকগৰাকীয়ে লগতে কয় যে গ্ৰামাঞ্চলত ৯ মাহলৈ চিলিণ্ডাৰ নোলোৱা গ্ৰাহকৰ বাবে ই-কেৱাইচি বাধ্যতামূলক । ৰন্ধন গেছৰ ক'লা বজাৰৰ অভিযোগৰ বাবে ইতিমধ্যে ৬ টাকৈ এলপিজি বিতৰক বন্ধ কৰি দিয়া হৈছে । তাৰ বিপৰীতে ৮৮ টা বিতৰকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে ।

ৰন্ধন গেছক লৈ যি হাহাকাৰ হৈ আছে সেয়া কিছু কাৰিকৰী অসুবিধা বুলিও তেওঁ উল্লেখ কৰে । ই-কেৱাইছি নকৰাৰ বাবে গ্ৰাহকৰ মাজত সমস্যাৰ সৃষ্টি হৈছে । ক'লা বজাৰত গেছ বিক্ৰী কৰি থকা ৩১৯ টা বিতৰকৰ বিৰুদ্ধে অনুসন্ধান কৰি থকা হৈছে বুলিও তেওঁ উল্লেখ কৰে । তেনে বিতৰকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে । একেদৰে অধিক মূল্যত চিলিণ্ডাৰ বিক্ৰী কৰাৰ বাবে ৩ জন লোকক গ্ৰেপ্তাৰো কৰা হৈছে । সংবাদমেলত তেওঁ উল্লেখ কৰা মতে কেৱল অসমতে নহয় উত্তৰ পূবৰ বাকী ৰাজ্যতো ইন্ধনৰ নাটনি হোৱা নাই । তাৰ পৰিৱৰ্তে অসমৰ পৰা বহিঃৰাজ্যলৈ এলপিজি যোগান ধৰা হৈছে ।

লগতে পঢ়ক :

অসম-মেঘালয়ত ৰন্ধন গেছৰ নাটনি : ইণ্ডিয়ান অইলৰ মুৰব্বীৰ পৰ্যালোচনা বৈঠক