ETV Bharat / state

গ্ৰেপ্তাৰ হ'ব নেকি পৱন খেড়া, কি ক'লে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ?

কংগ্ৰেছ নেতা পৱন খেড়াক গ্ৰেপ্তাৰৰ বাবে আইনী বাধা আঁতৰিল । ৰিণিকি ভূঞা শৰ্মাৰ বিদেশ সংযোগ গোচৰত দোষী সাব্যস্ত হ'লে কি শাস্তি হ'ব খেড়াৰ ?

Pawan Khera bail reject
পৱন খেড়া আৰু দেৱজিৎ লন শইকীয়া (ETV Bharat/X handle pawan khera)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:33 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়া ! গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে পৱন খেড়াৰ অগ্ৰিম জামিন খাৰিজ কৰে । তাৰ লগে লগে আইনী বাধা আঁতৰি গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈছে ।

খেড়াৰ জামিন আবেদন খাৰিজ হোৱাৰ পিছতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদমেলযোগে এই কথা ঘোষণা কৰে । তেওঁ কয়, "কংগ্ৰেছ নেতা পৱন খেড়াক গ্ৰেপ্তাৰ কৰাৰ বাবে বৰ্তমান সময়ত কোনো আইনী বাধা নাই ।‌"

পৱন খেড়াৰ অগ্ৰিম জামিন খাৰিজ প্ৰসংগত মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ সংবাদমেল (ETV Bharat)

তেওঁ লগতে কয়, "নিৰ্বাচনৰ পূৰ্বে ৫ এপ্ৰিলত কংগ্ৰেছ নেতা পৱন খেড়াই সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ হাতত ৩ খন বিদেশী পাছপ'ৰ্ট থকাৰ কথা উল্লেখ কৰিছিল । আনহাতে ডুবাইৰ দুটা স্থানত ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তি থকাৰ কথাও উল্লেখ কৰিছিল । নিৰ্বাচনী শপতনামাত ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই সম্পত্তিৰ তথ্য লুকুওৱাৰ অভিযোগ আনিছিল খেড়াই ৷ সমান্তৰালভাৱে ৰিণিকি ভূঞা শৰ্মাই আমেৰিকাৰ কোম্পানীত ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিছিল বুলিও উল্লেখ কৰি বহুলভাৱে প্ৰচাৰ কৰিছিল খেড়াই ৷ ইয়াৰ পিছতে উক্ত নিশাই ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰ ভিত্তিতে অসম আৰক্ষীয়ে ১৪ টা ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে । কম সময়ৰ ভিতৰত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়েও সংবাদমেলত সমগ্ৰ বিষয়ত স্পষ্টীকৰণ দিছে ৷"

দেৱজিৎ লন শইকীয়াই লগতে কয়, "ৰিণিকি ভূঞা শৰ্মাৰ দুখন পাছপ'ৰ্ট আৰু ডুবাইৰ গোল্ডেন কাৰ্ড মিছা প্ৰমাণ কৰাৰ লগতে ডুবাইৰ সম্পত্তিৰ তথ্যও ভুৱা আছিল । ৰিণিকি ভূঞা শৰ্মাৰ আমেৰিকাৰ কোম্পানীটো ভুৱা কোম্পানী বুলি প্ৰমাণিত হ'ল । তাৰ পিছতেই অসম আৰক্ষীয়ে ৭ তাৰিখে খেড়াৰৰ দিল্লী বাসভৱনলৈ পাছপ'ৰ্ট বিচাৰি গৈছিল । পৰৱৰ্তী সময়ত তেওঁক বিচাৰি তেলেংগানালৈ গৈছিল ৷ কিন্তু তেলেংগানা উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিব পৰা নগ'ল । ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি আবেদন কৰিছিল । শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে‌ অগ্ৰিম জামিন খাৰিজ কৰিছে ।"

তেওঁ লগতে কয়, "পৱন খেড়াৰ অগ্ৰিম জামিন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে । খেড়াৰ অধিবক্তাই আদালতত কোনো তথ্য যোগান ধৰিব নোৱাৰিলে । আদালতে ৰিণিকি ভূঞা শৰ্মাক নিৰ্দোষী বুলি উল্লেখ কৰিছে ।‌"

দেৱজিৎ লন শইকীয়াই কয়, "পৱন খেড়াই অসম আৰক্ষীক তদন্তত সহায় কৰা নাই বুলি আদালতে উল্লেখ কৰিছে । আদালতে পৱন খেড়াক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰিছে । পৱন খেড়াৰ দৰে ব্যক্তিয়ে অগ্ৰিম জামিনৰ বাবে যোগ্য নহয় বুলিও আদালতে উল্লেখ কৰিছে ৷ যিসকলে তেওঁক এই তথ্যবোৰ যোগান ধৰিলে কি তথ্যৰ ভিত্তিত দিলে এই কথাখিনি জানিবৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা প্ৰয়োজন বুলিও আদালতে কৈছে ।"

দেৱজিৎ লন শইকীয়াই লগতে স্পষ্ট কৰি দিয়ে যে পৱন খেড়াক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত কোনো আইনী বাধা নাই ৷ যদি গ্ৰেপ্তাৰ হয় তেনেহ'লে দোষী সাব্যস্ত হ'লে পৱন খেড়াৰ কি শাস্তি হ'ব পাৰে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মহাধিবক্তাই লগতে কয়, "দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে । বিএনএছৰ ৩৩৭ ধাৰাত দোষী সাব্যস্ত হ'লে ৭ বছৰ কাৰাদণ্ড হ'ব পাৰে পৱন খেড়াৰ ৷ এই ঘটনাটোৰ লগত এখন সমাজ, গণতন্ত্ৰ আৰু এটা নিৰ্বাচন জড়িত হৈ আছে । ইয়াত ডাঙৰ আইনী ইচ্ছ্যু এটা জড়িত হৈ আছে । মিছা তথ্যৰে যাতে নিৰ্বাচন এটাত প্ৰভাৱ পেলাবলৈ সাহস নকৰে তাৰ কাৰণে শাস্তি হোৱাটো বিচাৰিছোঁ ।"

লগতে পঢ়ক :

আদালতত মুখথেকেচা পৱন খেড়াৰ, অগ্ৰিম জামিনৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ