ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই চৰকাৰৰ ওচৰত : সদনত মন্ত্রী ডাঃ ৰণোজ পেগু

জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু সংসদীয় প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয় ৷ সেইবাবে ৰাজ্য চৰকাৰে ইয়াৰ কোনো নির্দিষ্ট সময়সীমা বান্ধি দিব নোৱাৰে ।

ASSAM ASSEMBLY BUDGET SESSION
মন্ত্রী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 12:25 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কেতিয়া ? এই প্ৰশ্নৰ উত্তৰ অসম চৰকাৰৰ ওচৰত নাই । বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত বিধায়ক চক্ৰধৰ গগৈয়ে সদনত এই প্ৰশ্ন উত্থাপন কৰে ।

এই প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, ‘‘যিহেতু কোনো জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু সংসদীয় প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয় ৷ সেইবাবে ৰাজ্য চৰকাৰে ইয়াৰ কোনো নির্দিষ্ট সময়সীমা বান্ধি দিব নোৱাৰে ।’’ অৰ্থাৎ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত অসম চৰকাৰৰ ওচৰত কোনো উত্তৰ নাই ।

আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্রত কিবা আঁসোৱাহ আছে নেকি বুলি বিধায়কগৰাকীয়ে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়, ‘‘আছে । কেন্দ্ৰীয় চৰকাৰে বৰ্তমানে থকা জনজাতিসকলৰ সুবিধাসমূহ কর্তন নোহোৱাকৈ এই ছয় জনগোষ্ঠীক কেনেকৈ জনজাতিকৰণ কৰিব পাৰি, তাৰ ওপৰত ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্রীগোটৰ এক স্পষ্ট প্ৰতিবেদন আৰু পৰামৰ্শ (Modality) বিচাৰিছে ।’’

মন্ত্রীগোটৰ প্ৰতিবেদনৰ প্ৰসংগটোত মন্ত্রী পেগুৱে কয়, ‘‘ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনখন ২০২৫ চনৰ নৱেম্বৰ মাহত বহা শীতকালীন অধিৱেশনত বিধানসভাত গৃহীত কৰা হয় । প্ৰতিবেদনত দিয়া পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।’’

মন্ত্ৰীগৰাকীৰ বক্তব্যত এটা কথা স্পষ্ট হয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল । কিন্তু বৰ্তমান সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলি স্বীকাৰ কৰি চৰকাৰে আশা প্ৰকাশ কৰে যে ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ব ।

লগতে পঢ়ক: প্ৰতিটো বিধানসভা সমষ্টিত হ’ব জুবিন গাৰ্গৰ স্মৃতিত অত্যাধুনিক প্ৰেক্ষাগৃহ : সাংস্কৃতিক মন্ত্রী