ETV Bharat / state

সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই : মুখ্যমন্ত্ৰী

মিঞা, এছ আৰ আৰু উচ্ছেদ সন্দৰ্ভত পুনৰ কংগ্ৰেছক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Himanta Biswa Sarma
মিঞা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 7:25 PM IST

4 Min Read
Choose ETV Bharat

বঙাইগাঁও : অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ মুখত এতিয়া 'মিঞা' শব্দটো বেছিকৈ ব্যৱহাৰ হোৱা দেখা গৈছে । 'মিঞা'ক লৈ পুনৰ শাসক-বিৰোধীৰ মাজত বাক বিতণ্ডাও আৰম্ভ হৈছে । তাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰ 'মিঞা' প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁ কংগ্ৰেছ নেতা ৰিপুণ বৰাক আক্ৰমণ কৰি কয়, "সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত আপত্তি কি আছে ? আমাৰ সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত বাধা নাই । যদি কোনোবাই গাত পাতি নিজকে নিজে সন্দেহজনক কয় তেতিয়া মই কেনেকৈ বাধা দিব পাৰো । যিয়ে জানে মই ভাৰতীয় নাগৰিক, তেওঁতো গাত পাতি নলয় । তাৰ মানে ৰিপুণ বৰাই পৰোক্ষভাৱে অসমৰ মিঞাসকলক সন্দেহজনক বুলি কৈছে ।"

বঙাইগাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী (ETV Bharat)

শনিবাৰে বঙাইগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এছ আৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । এছ আৰ প্ৰক্ৰিয়াৰ যোগেদি অসমৰ ভোটাৰ তালিকাত বহিঃৰাজ্যৰ ভোটাৰ সোমাব বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "মানুহ জধেমধে সোমালে থাকিব ক'ত ? খুৱাব কোনে ? ধৰক ক'ৰবাৰ পৰা মানুহ এজন আহিভোটাৰ তালিকাত নাম সুমুৱালে । তেওঁক ৰাখিব কোনে, খুৱাব কোনে, ঘৰ কোনে দিব ? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি ? ২০ লাখ মানুহক মাতি আনি খুৱাই-বোৱাই ইয়াত ৰাখিবলৈ ! গতিকে কংগ্ৰেছৰ কোনো যুক্তি নাই । আজি তেওঁলোকে কৈছে বিহাৰ, বেংগলৰ পৰা মানুহ আহিব । বেংগলত নিৰ্বাচন নাই নেকি ? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে । কংগ্ৰেছৰ এইটো টেঙা আম 'চি এ এ'ৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰতো বিক্ৰী নহ'ব ।"

Himanta Biswa Sarma at Bongaigaon
বঙাইগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ (ETV Bharat)

উল্লেখ্য যে শনিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী । য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । অনুষ্ঠানত প্ৰায় ২৪ হাজাৰ মহিলাক বিতৰণ কৰা হয় উদ্যমিতা আঁচনিৰ চেক । উক্ত সভাৰ পিছত অভয়াপুৰীৰ ইতিহাস প্ৰসিদ্ধ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নিৰ্মিত ৰাণী অভয়েশ্বৰীৰ প্ৰতিমূৰ্তিও তেওঁ উন্মোচন কৰে । অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ইফালে মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰি কয়, "কংগ্ৰেছে অসমত ৬০ বছৰ শাসন কৰিলে । কিন্তু কংগ্ৰেছে সংখ্যালঘু লোকৰ হৈ একো নকৰিলে । মাটিৰ পট্টা কংগ্ৰেছে দিব পাৰিলেহেতেন, নিদিলে । পট্টা দিলে আজি উচ্ছেদ নহ'লহেঁতেন । সেয়ে এতিয়া তেওঁলোকে কংগ্ৰেছক প্ৰশ্ন সুধিব ।"

আনহাতে অসমৰ এগৰাকী সাংবাদিকক চৰকাৰৰ অৱসৰপ্ৰাপ্ত আমোলাই ভাবুকি দিয়া সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয়, "সাংবাদিক ৰাণা ডেকা আৰু আমোলাগৰাকীৰ ভাল সম্পৰ্ক থকা যেন লাগে ।" যদি সাংবাদিকক পি এছ অ'ৰ প্ৰয়োজন হয় তেন্তে দিয়া হ'ব বুলিও তেওঁ ধেমেলীয়া সুৰত কয় ।

Himanta Biswa Sarma at Bongaigaon
বঙাইগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ (ETV Bharat)

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অহা বছৰ ল'ৰাসকলৰ বাবে বিশেষ আঁচনি ৰূপায়ণৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে । দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ শুই গ'ল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ মতে প্ৰদীপ সৰকাৰে অভয়াপুৰী কেতিয়াবাই বাদ দিলে ।

আনহাতে, NCERTৰ পাঠ্যক্ৰমৰ পৰা টিপু চুলতান আৰু বাবৰক আঁতৰাই দিয়া বিষয়ত মুখ্যমন্ত্ৰীয়ে কয়, "কৰিছে যদি বহুত ভাল হৈছে । মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ । মই দেখা নাই কৰিছে নে নাই । যদি কৰিছে বহু ভাল হৈছে । NCERTক বহুত বহুত ধন্যবাদ । টিপু-ইপুক মাৰি সাগৰত পেলাই দিয়ক ।"

লগতে পঢ়ক :জনজাতিসকলক ধ্বংসৰ ষড়যন্ত্ৰ; ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে জোনাইত গৰ্জন