ETV Bharat / state

দল ত্যাগ কৰি বিপদত জয়ন্ত কুমাৰ দাস

নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি জয়ন্ত কুমাৰ দাস ? নিশা গোপনে কোনে প্ৰৱেশ কৰিছে দাসৰ বাসগৃহত ।

conspiracy against Jayanta Kumar Das
দল ত্যাগ কৰি বিপদত জয়ন্ত কুমাৰ দাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 3:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : টিকটৰ পৰা বঞ্চিত হৈ শেহতীয়াকৈ দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে দল ত্যাগ কৰিছে । কেৱল দল ত্যাগ কৰাই নহয় নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰো সিদ্ধান্ত লৈছে জয়ন্ত কুমাৰ দাসে । কিন্তু সংবাদমেল পাতি মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনোৱা সদ্য বিজেপি ত্যাগী নেতাগৰাকী এতিয়া শংকিত হৈ পৰিছে । গভীৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ আশংকাত ভুগিছে নেতাগৰাকী ।

কাৰণ তেওঁৰ ঘৰত নিশাৰ আন্ধাৰত গোপনে প্ৰৱেশ কৰিছে খাকী পোছাকধাৰী লোক । ঘৰত সংস্থাপন কৰি থোৱা চিচিটিভি কেমেৰাত বন্দী অচিনাক্ত লোকৰ গতিবিধি । সংবাদ মাধ্যমত চিচিটিভিৰ ফুটেজ ৰাজহুৱা কৰি নেতাগৰাকীয়ে ষড়যন্ত্ৰৰ আশংকা ব্যক্ত কৰিছে । এইক্ষেত্ৰত আৰক্ষীৰ সহযোগ নোপোৱাৰো অভিযোগ কৰিছে জয়ন্ত কুমাৰ দাসে ।

দল ত্যাগ কৰি বিপদত জয়ন্ত কুমাৰ দাস (ETV Bharat)

জয়ন্ত কুমাৰ দাসে অভিযোগ কৰা মতে তেওঁৰ ৰাজনৈতিক জীৱন ধ্বংস কৰিবলৈ একাংশ লোক উঠি পৰি লাগিছে । মনোনয়ন দাখিল কৰিব নোৱাৰাকৈ ৰাজনৈতিক জীৱনত চেকা লগোৱাৰ কু-অভিসন্ধি কৰাৰো অভিযোগ কৰিছে নেতাগৰাকীয়ে ।

এই সন্দৰ্ভত জয়ন্ত কুমাৰ দাসে কয়, "চি চি কেমেৰাত দেখিলো এজন খাকী পোছাক আৰু দুজন সাধাৰণ পোছাক থকা লোক আমাৰ ঘৰৰ ওপৰলৈ উঠি গৈছে । চুচুক চামাককৈ গোটেই ঘূৰি বহু সময় পিছত তললৈ নামি আহিছে । মই বহু সময়ৰ পিছত গম পোৱাত এজাহাৰ দাখিল কৰিব বিচাৰিলো । কিন্তু বশিষ্ঠ থানাই এজাহাৰখন গ্ৰহণ নকৰিলে । তাৰ পিছতে মোলৈ ভাবুকি আহিবলৈ আৰম্ভ কৰিলে । কেনেকৈ নিৰ্বাচন খেল কেনেকৈ বিধায়ক হোৱা চাই ল'ম বুলি ভাবুকি আহিবলৈ ধৰিলে । মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে । মই টিকটৰ পৰা বঞ্চিত হৈ এই মনোনয়ন দাখিল কৰিবলৈ চেষ্টা কৰিছো ।"

conspiracy against Jayanta Kumar Das
বশিষ্ট আৰক্ষী থানাত এজাহাৰ (ETV Bharat)

তেওঁ লগতে কয়, "মোৰ লগত অন্যায় কৰিলে । তাৰ পিছত মোৰ জীৱন ধ্বংস কৰাৰ বাবে প্ৰচেষ্টা চলাইছে । জীৱনৰ বাবে দাগ লগাবলৈ চেষ্টা কৰিছে । এনে নিকৃষ্ট ষড়যন্ত্ৰ কৰিবলৈ নাপায় । ষড়যন্ত্ৰ কৰাতকৈ মুকলিকৈ কওঁক এনেকুৱাকৈ লুকাই চোৰকৈ ষড়যন্ত্ৰ কৰি চেকা নথকা মানুহ এটাক চেকা লগাবলৈ চেষ্টা কৰিছে ।"

লগতে পঢ়ক : কাৰো বুজনি কামত নাহিল, বিজেপিক চিৰ নমস্কাৰ জনাই ওলাই আহিল জয়ন্ত দাস