সলনি হ’ব কাজিৰঙাৰ ৫০ টা ম’হৰ ঠিকনা
প্ৰথম পৰ্যায়ত স্থানান্তৰ কৰা হ’ব প্ৰায় ১৫ টা বনৰীয়া ম’হ ।

Published : March 16, 2026 at 3:30 PM IST
কাজিৰঙা: সলনি হ’ব কাজিৰঙাৰ ৫০ টা বনৰীয়া ম’হৰ ঠিকনা ৷ কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ ‘কানহা’লৈ স্থানান্তৰ কৰা হ’ব বনৰীয়া ম’হ ৷ দীৰ্ঘদিনীয়া পৰিকল্পনা অনুযায়ী এক প্ৰক্ৰিয়া অনুসৰি মুঠ ৫০ টা বনৰীয়া ম’হ কাজিৰঙাৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
প্ৰথম পৰ্যায়ত প্ৰায় ১৫ টা বনৰীয়া ম’হ স্থানান্তৰ কৰা হ’ব ৷ এই সন্দৰ্ভত পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেশে জানিব দিছে এই কথা ৷ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ভিগনেশে কয়, “বন আৰু পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ, আমাৰ ‘চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন’ আৰু মধ্যপ্ৰদেশৰ ‘চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন’ৰ অনুমতি পোৱাৰ পাছত কাম আৰম্ভ কৰিছো ৷ এয়া এক দীৰ্ঘদিনজোৰা পৰিকল্পনা ৷”
মুঠ ৫০ টা ম’হ স্থানান্তৰিত কৰা হ’ব আৰু প্ৰাৰম্ভিকতে ১৫ টা ম’হ স্থানান্তৰণৰ ব্যৱস্থা লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বনৰীয়া ম’হৰ এটা বৃহৎ জাকৰ পৰা ম’হ সমূহ বৰ্তমান নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দি ভিগনেশে প্ৰকাশ কৰে যে এনেদৰে নিয়াটো প্ৰয়োজন ৷
তেওঁ কয়,“কাজিৰঙাত বৰ্তমান প্ৰায় তিনি হাজাৰ মান বনৰীয়া ম’হ আছে ৷ বেছিসংখ্যকেই কাজিৰঙাত আছে আৰু ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে ৷ গতিকে এনে প্ৰজাতিৰ বাবে এখন দ্বিতীয় আবাসস্থলীও লাগে ৷” অসমৰ মানাহ, ওৰাঙকে ধৰি চাপৰি এলেকাত ভালেমান বনৰীয়া ম’হ আছে বুলি প্ৰকাশ কৰি ভিগনেশে কয় যে মধ্য ভাৰতত আগতে বনৰীয়া ম’হ আছিল; কিন্তু আজিৰ দিনত নাই ৷

এটা ‘হিষ্ট’ৰিকেল ৰেঞ্জ’ তাত আছে বুলি উল্লেখ কৰি প্ৰাধিকাৰীগৰাকীয়ে পুনৰ কয় যে তাত এটা ‘পপুলেচন ডেভেলপ’ কৰিবৰ কাৰণে মধ্যপ্ৰদেশৰ পৰা এক প্ৰস্তাৱ পোৱা গৈছিল । তাৰ পিছতে এয়া কাম আৰম্ভ কৰা হৈছে ৷ আগতে তাত বনৰীয়া ম’হ আছিল আৰু ‘কানহা টাইগাৰ ৰিজাৰ্ভ’ ভাৰতৰ এটা অন্যতম ব্যাঘ্ৰ সংৰক্ষিত এলেকা বুলি প্ৰকাশ কৰি তেওঁ কয়," তাত ‘হেবিটেট ইমপ্ৰুভমেন্ট’ দেখিছো ৷ তাত ভালেমান ‘চায়েন্টিফিক মেনেজমেণ্ট’ হৈ থাকে ৷ আমাৰ ইয়াত যেনেকৈ দল হৰিণা আছে তেনেকৈ কানহাত ‘বাৰসিঙা’ আছে ৷"

বিভিন্ন বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ অন্তত বনৰীয়া ম’হৰ বিচৰণৰ উপযুক্ততাৰ ওপৰত ভিত্তি কৰি কানহালৈ ৫০টা বনৰীয়া ম’হ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীগৰাকীয়ে ।
লগতে পঢ়ক:ঘৰৰ ল’ৰা ঘৰলৈ ! পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই'
কাজিৰঙাত ফিছিং কেট 'মেছেকা'ৰ সম্ভেদ : জলাহভূমি সংৰক্ষণত নতুন আশাৰ সংকেত

