অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত অটল অভি-নীলৰ পিতৃ
সম্পূৰ্ণ হোৱাৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । অভিযুক্তক দোষমুক্ত কৰাৰ বাবে যুক্তি প্ৰদৰ্শন জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াৰ ।

Published : February 26, 2026 at 6:10 PM IST
নগাঁও: ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্রক্রিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে । গোচৰটোৰ সাক্ষ্য গ্ৰহণ, ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা সম্পূৰ্ণ হোৱাৰ পাছত বৃহস্পতিবাৰে অভিযুক্ত পক্ষৰ হৈ নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত যুক্তি দৰ্শাই অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই ।
আদালতত অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তক দোষমুক্ত কৰাৰ লক্ষ্যৰে যুক্তি প্ৰদৰ্শন কৰা বুলি জানিবলৈ দিছে জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই । অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে ৩০২ ধাৰা অৰ্থাৎ হত্যাৰ ধাৰা সন্নিবিষ্ট কৰিব পৰা সমল নাই বুলিও উল্লেখ কৰে জ্যেষ্ঠ অধিবক্তা শৰণীয়াই ।
বিপৰীতে অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তিত প্ৰতীয়মান যোৱা নাই ভুক্তভোগী পক্ষৰ জ্যেষ্ঠ অধিবক্তা অৰ্থাৎ গোচৰটোৰ পাব্লিক প্ৰচিকিউটৰ জ্যেষ্ঠ জিয়াৰুল কামাৰ । গোচৰটোৰ মুঠ ১৪ গৰাকী সাক্ষীৰ ৭ গৰাকী সাক্ষীয়ে ভাষ্য সলনি কৰা বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা জিয়াৰুল কামাৰে । গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত অভিজিৎ নাথ আৰু নিলোৎপল দাসক অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰাৰ কথা প্ৰমাণ হোৱা বুলি উল্লেখ কৰে জ্যেষ্ঠ অধিবক্তা জিয়াৰুল কামাৰে । অন্ধবিশ্বাসৰ ফলত বিয়পি পৰা অপপ্ৰচাৰৰ বাবেই গুৱাহাটীৰ যুৱক দুজনক কাৰ্বি আংলঙত হত্যা কৰাৰ কথাও উল্লেখ কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তি বিচাৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।
সম্প্ৰতি ৪৫ জনকৈ অভিযুক্তৰ বিৰুদ্ধে চলি থকা গোচৰৰ বৃহস্পতিবাৰে প্ৰথমদিনা অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱাৰ পাছত আদালতে পূৰ্বে শুকুৰবাৰে অন্তিম যুক্তি দৰ্শোৱাৰ দিন ধার্য কৰিছিল যদিও বিপক্ষৰ অধিবক্তাই পুনৰ অতিৰিক্ত এদিন বিচাৰিব পাৰে বুলিও জনায় জ্যেষ্ঠ অধিবক্তা জিয়াৰুল কামাৰে ।
গোচৰটোৰ বৃহস্পতিবাৰৰ শুনানিতো উপস্থিত থাকে অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃদ্বয় । ভুক্তভোগী দুই পিতৃ আজিও অটল দোষীক চৰম শাস্তি প্ৰদানৰ দাবীত । আদালতত অভিজিৎ নাথ আৰু নিলোৎপল দাসক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হোৱাৰ কথা উল্লেখ কৰে অভিজিৎ নাথৰ পিতৃ অজিত নাথে ।
লগতে পঢ়ক: নেহৰুৰ প্ৰতিমূৰ্তি বিনষ্ট কৰা কাৰ্যক তীব্ৰ গৰিহণা গৌৰৱ গগৈৰ

