জাগীৰোডৰ প্ৰস্তাৱিত উপগ্ৰহীয় নগৰৰ জৰীপ তাৎক্ষণিকভাৱে বাতিল জিলা প্ৰশাসনৰ
জাগীৰোডৰ সিন্ধিশৰ -নলধৰাত আধুনিক উপগ্ৰহীয় নগৰ গঢ়ি তোলাৰ পৰিকল্পনা ।

Published : May 18, 2026 at 3:58 PM IST
মৰিগাঁও: প্ৰস্তাৱিত উপগ্ৰহীয় নগৰ প্ৰকল্পক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে বাতিল কৰিবলৈ বাধ্য় হৈছে ভূমি জৰীপ কাৰ্যসূচী । বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ পৰা লাভ কৰা আপত্তিৰ ভিত্তিত, প্ৰস্তাৱিত উপগ্ৰহীয় নগৰ স্থাপনৰ বাবে চলি থকা পুনৰ সংস্থাপন আৰু পুনৰ্বাসন জৰীপ কাৰ্যসূচী তৎকালীনভাৱে বাতিল কৰা হৈছে ।
জাগীৰোডৰ সিন্ধিশৰ আৰু নলধৰা গাঁৱত স্থাপন কৰিবলৈ লোৱা প্ৰস্তাৱিত উপগ্ৰহীয় নগৰ প্ৰকল্পক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত । স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ আপত্তি তথা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই প্ৰকল্পৰ বাবে চলাই থকা ভূমি জৰীপ কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে । জিলা আয়ুক্ত অনামিকা তেৱাৰী স্বাক্ষৰিত এখন জাননীত এই সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা হৈছে ।

সংঘাতৰ সূত্ৰপাত আৰু ৰাইজৰ আপত্তি :
উল্লেখ্য় যে জাগীৰোডৰ সিন্ধিশৰ আৰু নলধৰা অঞ্চলত চৰকাৰে এখন আধুনিক উপগ্ৰহীয় নগৰ গঢ়ি তোলাৰ চৰকাৰে পৰিকল্পনা কৰিছিল । ইয়াৰ বাবে প্ৰশাসনে ভূমিহীন লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ্বাসন আঁচনিৰ এক প্ৰস্তাৱ প্ৰস্তুত কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট অঞ্চলসমূহত এক জৰীপ কাৰ্য আৰম্ভ কৰিছিল । এই প্ৰকল্পৰ ফলত স্থানীয় বহু পৰিয়াল উচ্ছেদৰ সন্মুখীন আশংকা কৰিছিল বহুতো পৰিয়ালে ।
জৰীপ বন্ধ কৰিলে কিয় ?
নিজৰ ভেটি মাটি হেৰুওৱাৰ আশংকাত ভুক্তভোগী ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয় । ইয়াৰ পাছতে অঞ্চলটোৰ বিভিন্ন স্থানীয় আৰু জাতীয় সংগঠনে প্ৰশাসনৰ এই পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ আপত্তি দৰ্শাই আৰু প্ৰতিবাদ সাব্যস্ত কৰে । জিলা প্ৰশাসনৰ তৎকালীন জাননী, সংগঠনসমূহ আৰু ৰাইজৰ পৰা লাভ কৰা লিখিত আপত্তি তথা ক্ষোভক গুৰুত্বসহকাৰে লৈ মৰিগাঁও জিলা প্ৰশাসনে আইন-শৃংখলা পৰিস্থিতি আৰু জনসাধাৰণৰ আবেগক সন্মান জনাই জৰীপ কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
বৰ্তমানৰ পৰিস্থিতি :
প্ৰশাসনৰ এই জাননীৰ পিছত অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি বৰ্তমান কিছু শাম কাটিছে । স্থানীয় ৰাইজ আৰু দল-সংগঠনসমূহে প্ৰশাসনৰ এই সিদ্ধান্তক আদৰণি জনাইছে । অৱশ্যে এই প্ৰকল্পটো সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে নে কেৱল বৰ্তমানৰ জৰীপটোহে বন্ধ কৰা হৈছে তাক লৈ এতিয়াও চৰকাৰীভাৱে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই ।
লগতে পঢ়ক:গুৱাহাটীক দেশৰ অন্যতম আধুনিক-সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

