ETV Bharat / state

সন্মুখত বিধানসভা নিৰ্বাচন : বিদায়ী বৰ্ষটোত অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চমক

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২০২৫ বৰ্ষটোত চৰকাৰখনে হিতাধিকাৰী আঁচনি ৰূপায়ণ আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিত একপ্ৰকাৰ অভিলেখ গঢ়ে ।

Assam govt beneficiary schemes
মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 7:56 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : বিদায়ী বৰ্ষটোত বিশেষভাৱে চৰ্চাত থকা এটা বিষয় হৈছে হিতাধিকাৰী আঁচনি আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি । মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব দি আহিছে । ঋণ লৈ হ'লেও হিতাধিকাৰী আঁচনি ৰূপায়ণত অলপো আপোচ কৰা নাই বিজেপি চৰকাৰে ।

মাজত মাত্র কেইটামান দিন বাকী । আৰম্ভ হ'ব নতুন বছৰ ২০২৬ । নতুন বছৰটোতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তেনেস্থলত নতুন বছৰটো চৰকাৰখনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২০২৫ বৰ্ষটোত চৰকাৰখনে হিতাধিকাৰী আঁচনি ৰূপায়ণ আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিত একপ্ৰকাৰ অভিলেখ গঢ়িলে । এই প্ৰতিবেদন বিদায়ী বছৰটোত চৰকাৰখনৰ হিতাধিকাৰীমূলক আঁচনিক লৈ প্ৰস্তুত কৰা হৈছে ।

২০২৬ৰ নিৰ্বাচন আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি

ভোটৰ অংকত হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ কৰাটো নতুন কথা নহয় যদিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইক্ষেত্রত অভিলেখ গঢ়িছে । বিদায়ী বৰ্ষটোত চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰা বহুকেইখন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে চলি থকা বহুকেইখন আঁচনিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে ।

'অৰুণোদয়' আঁচনি

এইক্ষেত্রত প্ৰথমেই চৰ্চাত থকা এখন আঁচনি হৈছে 'অৰুণোদয়' আঁচনি । বিশাল পৰিসৰৰ এই আঁচনিখনে ২০২৫ বৰ্ষত ৰাজ্যৰ ৩৮ লাখৰো অধিক মহিলাক সামৰি লৈছে । এই আঁচনিৰ অধীনত প্রতিমাহে প্ৰতিগৰাকী হিতাধিকাৰীক ১২৫০ টকাকৈ প্ৰদান কৰা হয় । ইয়াৰ বাবে প্রতিমাহে ৰাজ্য চৰকাৰৰ ৪১০ কোটিৰো অধিক টকা ব্যয় হয় ।

Assam govt beneficiary schemes
অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা বেছি (ETV Bharat Assam)

ইফালে এই আঁচনিৰ লগত ৰন্ধন গেছৰ বাবে মাহে অতিৰিক্তকৈ ২৫০ টকাকৈ দিয়াৰো ব্যৱস্থা কৰা হৈছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৰুণোদয় আঁচনিখন মহিলাসকলৰ মাজত বিশেষভাৱে চৰ্চিত আৰু জনপ্ৰিয় আঁচনি ।

আনহাতে, অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে । ৰেচন কাৰ্ড থকা পৰিয়ালে জনেপ্ৰতি ৫ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰাৰ লগতে লাভ কৰে বিনামূলীয়া চিকিৎসা, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া জীৱন বীমা আৰু অৰুণোদয় আঁচনি । লগতে সুলভ মূল্যত লাভ কৰে চেনি, দাইল আৰু নিমখ । এই মূল্য জানুৱাৰী মাহত আৰু হ্ৰাস হ'ব ।

ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ ৭০,৭৩,৮৪০ টা পৰিয়ালক ৰেচন কাৰ্ডেৰে সামৰি লৈছে । ইয়াৰ ফলত উপকৃত হোৱা লোকৰ সংখ্যা হৈছে ২,৪৬,০৮,১৭৭ গৰাকী । ৰাজ্যৰ প্ৰায়সংখ্যক লোককে ৰেচন কাৰ্ডেৰে সামৰি লোৱা হৈছে । আনহাতে, ৰাজ্যখনত সুলভ মূল্যৰ দোকানৰ সংখ্যা হৈছে ৩৫,০০১ খন ।

Assam govt beneficiary schemes
ৰেচন কাৰ্ডধাৰীৰ সংখ্যা বৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী মহানগৰীত সুলভ মূল্যৰ দোকানৰ সংখ্যা হৈছে ১০৭৮ খন । গুৱাহাটীত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা হৈছে ১,৯৭,৯২৮ গৰাকী । ইফালে নিৰ্বাচনত ভোট দি জয়ী কৰালে ৰেচন কাৰ্ডত সুলভ মূল্যত মিঠাতেল দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

হিতাধিকাৰী সৃষ্টি আঁচনিৰ চমক

চৰকাৰখনে উচ্চতৰ মাধমিকত প্রথম বিভাগত উত্তীর্ণসকলক স্কুটী প্ৰদান কৰা, মাইক্র'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক সাহায্য প্রদান কৰা আদিৰ নামতো বৃহৎ পুঁজি ব্যয় কৰি আহিছে । হিতাধিকাৰীক সন্তুষ্ট কৰাত কোনো কৃপণালি নাই চৰকাৰৰ । ২০২৫ বৰ্ষটোত ৰাজ্যখনত হিতাধিকাৰীমূলক বিভিন্ন আঁচনিৰ সমাহাৰ ঘটিছে । শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু মহিলাকে ধৰি প্ৰতিটো স্তৰৰ লোকক সামৰি চৰকাৰখনে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছে ।

কেৱল সেয়াই নহয়, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ সভা পাতি আঁচনিৰ সুবিধা হিতাধিকাৰীক প্ৰদান কৰিছে ।

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি

বিদায়ী বৰ্ষটোত ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা অভিলাষী হিতাধিকাৰী আঁচনি হৈছে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান । ইয়াৰ জৰিয়তে মহিলা উদ্যমীসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে । 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি'ৰ জৰিয়তে লাখ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে ।

Assam govt beneficiary schemes
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ৰেহৰূপ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই বিভিন্ন জিলালৈ গৈ মহিলাসকলক এই আঁচনিৰ চেক বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ৰাজ্য চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখনৰ যোগেদি হিতাধিকাৰীসকলে প্ৰথম কিস্তিত লাভ কৰা ১০ হাজাৰ টকা উপযুক্তভাৱে ব্যৱহাৰ কৰিলে দ্বিতীয় কিস্তিতি ২৫ হাজাৰ টকা লাভ কৰিব । বৰ্তমান প্ৰথম কিস্তিৰ ধন বিতৰণ কৰি থকা হৈছে ।

ৰাজ্যখনৰ ৩০ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক এই আঁচনিৰ যোগেদি ধন বিতৰণৰ ব্যৱস্থা কৰা হৈছে । প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিহালীত ২৩ হাজাৰ মহিলাক চেক বিতৰণেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল । শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ যোগেদি মুঠ ২০,১১৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে । এইটো এটা অসম চৰকাৰৰ বিয়াগোম হিতাধিকাৰী আঁচনি ।

Assam govt beneficiary schemes
মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে চৰকাৰে বাজেটত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ ৩,০৩৮ কোটি টকা ।

ধৰ্মীয় অনুষ্ঠানৰ বাবে আৰ্থিক সাহায্য

মন্দিৰ, নামঘৰ আদি উপাসনাথলীসমূহৰ পৰিচৰ্যা, সুৰক্ষা আদিৰ বাবে অসম চৰকাৰে ৪৩৩.৬৭ কোটি টকাৰ অনুদান দিছে । ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবেও ৩২৫.৫৫ কোটি টকা ধাৰ্য কৰিছে ।

আনহাতে, দুৰ্গা পূজা সমিতি আৰু বিহু উদযাপন সমিতিসমূহকো চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে ।

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

অসম চৰকাৰৰ আন এক অভিলাষী আঁচনি হৈছে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি' । দহ লক্ষাধিক ছাত্ৰীক সামৰি এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে । এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰে ।

সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰে । আনহাতে, স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰে ২৫০০ টকাকৈ । প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ বাজেটত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৯১ কোটি টকা আবণ্টন কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি

অসম চৰকাৰে শেহতীয়াকৈ গৱেষক শিক্ষাৰ্থীসকলৰ বাবে জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰিছে । এই আঁচনিৰ যোগেদি অসমত অৱস্থিত চৰকাৰী খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ত ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ভিতৰত পি এইচ ডি কাৰ্যসূচীত নামভৰ্তি কৰা পূৰ্ণকালীন গৱেষকসকললৈ ২৫,০০০ টকা আৰু দিব্যাংগ গৱেষকসকললৈ ৪০,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে ।

Assam govt beneficiary schemes
হিতাধিকাৰী আঁচনি বিতৰণ অনুষ্ঠানত উপস্থিত একাংশ ৰাইজ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম

অসম চৰকাৰৰ বিদায়ী বৰ্ষটোত প্ৰৱৰ্তন কৰা আন এটা হিতাধিকাৰী তথা অভিলাষী আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান । শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ বাবে আৰ্থিক সহায় ২ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে দিয়াৰ বাবে এই আঁচনিখন হাতত লোৱা হৈছে । হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও আৰ্থিক সাহায্য দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ।

লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী নাগৰিককে হিতাধিকাৰী কৰাৰ লক্ষ্যৰে আঁচনি ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক :সীমান্তত সুৰক্ষা বৃদ্ধিৰ পাছত অসমে ঘূৰাই পঠিয়ালে ১৮ বাংলাদেশীক
লগতে পঢ়ক :অশান্ত কাৰ্বি আংলং : নিজ ভূমিতেই আজি অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে কাৰ্বিসকল