জীৱনে কোবাই কোবাই শিকালেও ওঁঠৰ হাঁহিটি হেৰোৱা নাই সুজাতা ৰাণীৰ
৬০ উৰ্ধৰ স্বামীহাৰা এগৰাকী বৃদ্ধাৰ জীৱন কাহিনী । এখন সৰু দোকানক ভৰসা কৰিয়েই চলাই নিছে জীৱনৰ গাড়ীখন ৷

Published : May 18, 2026 at 1:41 PM IST
মৰিগাঁও: ৬০ উৰ্ধৰ এগৰাকী বৃদ্ধা ৷ সামান্য সুদকণ এটাৰ বাবেও কাৰো ওচৰত হাত পতা নাই ৷ মুখত এমোকোৰা হাঁহি লৈ নিতৌ পুৱা খোলে নিজৰ সৰু তামোল-পাণৰ দোকানখন ৷ এই দোকানখনৰ জৰিয়তে বৃদ্ধাগৰাকীয়ে চলাই নিছে নিজৰ জীৱন সংগ্ৰাম ৷
আমি উল্লেখ কৰা বৃদ্ধাগৰাকীৰ ঘৰ মৰিগাঁও চহৰৰ বিহুতলীত ৷ তেওঁ নাম সুজাতা ৰাণী পাল, মৰিগাঁৱৰ বিহুতলীবাসীৰ বাবে এখন চিনাকী মুুখ ৷ বয়সৰ ভৰত শৰীৰ কিছু হালি পৰিছে, কঁপালত গভীৰ চিন্তা আৰু অভিজ্ঞতাৰ ৰেখা ৷ কিন্তু দুচকুত এতিয়াও জিলিকি আছে এক শক্তি ।
বৃদ্ধাগৰাকীৰ জীৱনৰ কথা যদি ক’বলৈ যাওঁ তেন্তে আমি কিছু বছৰৰ আগলৈ যাবলৈ লাগিব ৷ প্ৰায় চাৰিটা দশকৰ আগৰ কথা... নতুনকৈ বিয়া হৈ পছতীয়া গাঁৱলৈ আহিছিল তেতিয়া গাভৰু সুজাতা । স্বামী নাৰায়ণ পালৰ সৈতে পাতিছিল এখন সৰু মৰমৰ সংসাৰ । সংসাৰত ধনৰ অনাটন আছিল যদিও সুখৰ অভাৱ নাছিল ।
সুজাতাৰ স্বামী নাৰায়ণ পালে এখন পাণ-তামোলৰ দোকান দিয়ে চলাই নিছিল পৰিয়ালটো ৷ দুজনী কন্যা সন্তানক কোনো অভাৱ নোপোৱাকৈ তেওঁ উচ্চ শিক্ষিত কৰি তুলিছিল ৷ হাঁহি-ধেমালিৰ মাজতে তেনেকৈয়ে সময় পাৰ হ’বলৈ ধৰিলে ৷ কিন্তু নিয়তিৰ পৰিকল্পনা আছিল অলপ সুকীয়া ।
২০১৮ চনৰ কথা ৷ এদিন হঠাতে পৰিলায়টোলৈ নামি আহিল ঘোৰ অমানিশা ৷ নাৰায়ণ পালৰ অকাল মৃত্যুত থানবান হৈ পৰিল পৰিয়ালটো ৷ নাৰায়ণ পালৰ মৃত্যুৰ পাছতে পৰিয়ালটোৰ সকলো দায়িত্ব মূৰপাতি ল’লে সুজাতা ৰাণী পালে ৷ তেওঁৰ স্বামীয়ে দিয়া দোকানখনত বহি দুপইচা অৰ্জন কৰিবলৈ ল’লে ৷ সেই তেতিয়াৰে পৰা আজিলৈকে এই দোকানখনেই হৈ পৰিল তেওঁৰ জীৱনৰ একমাত্ৰ সাৰথি আৰু উপাৰ্জনৰ পথ ।
ই টিভি ভাৰতৰ সাংবাদিকে সুজাতাৰ জীৱন সংগ্ৰামৰ কথা সোধাত তেওঁ মুখত এটি হাঁহি লৈয়ে কয়, ‘‘স্বামীৰ মৃত্যুৰ পাছৰে পৰা মই এই দোকানখনত বহিবলৈ লৈছো ৷ এই দোকানখনৰ পৰাই চলি আছো ৷ পৰিয়ালটো চলাবলৈ কষ্ট হয় যদিও হাতত কোনো উপায় নাই ৷ দোকান আৰু চৰকাৰৰ পৰা পোৱা সাহায্যৰ সহায়ত চলি আছো ৷ ডাঙৰ ছোৱালীজনীক বিয়া দিলো আৰু সৰু ছোৱালীজনীক পঢ়ুৱাই আছো ৷’’
| লগতে পঢ়ক : জীৱন সংগ্ৰামত মাণিক বিচাৰি শিৱসাগৰৰ কিশোৰ কৃষ্ণ |

