ETV Bharat / state

বিগত চাৰি মাহে চাৰি মাহ অসমত খৰাং সদৃশ পৰিস্থিতি; চিন্তা বাঢ়িছে চাহ খেতিয়কৰ

বিগত দুমাহত চৰাইদেও, ডিব্ৰুগড় আৰু লখিমপুৰত মাত্ৰ ২ মিলিমিটাৰ বৰষুণৰ তথ্য ৰেকৰ্ড কৰা হৈছে ।

Drought like conditions in Assam
অসমত খৰাং সদৃশ পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 11:27 AM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : বিগত চাৰি মাহ ধৰি অসমত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । দুই এঠাইত সামান্য বৰষুণৰ তথ্য বতৰ বিজ্ঞান কেন্দ্ৰই ৰেকৰ্ড কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । বিশেষকৈ এই সময়ছোৱাত বৰষুণৰ মাত্ৰা সাধাৰণতে কম হোৱাৰ বিপৰীতে ২০২৫ বৰ্ষৰ শেষৰ ফালৰ পৰা বৰ্তমানলৈ অসমত বৰষুণ একেবাৰে শূন্য বুলিবই পাৰি ।

অসমত ২০২৫ চনত প্ৰবল বৰষুণ হৈছিল । সেই বছৰ মে’ৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত কেইবাটাও অঞ্চলত বাৰিষাৰ বৰষুণ হোৱাৰ পিছত বছৰৰ শেষৰ চাৰি মাহত অস্বাভাৱিকভাৱে বৰষুণ কম বা একেবাৰেই নোহোৱাৰ তথ্য পোৱা গৈছে । গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া তথা বিজ্ঞানী গায়ত্ৰী কলিতাই ইটিভি ভাৰতক এই সন্দৰ্ভত সদৰী কৰিছে সবিশেষ তথ্য় ।

ডিব্ৰুগড়-লখিমপুৰত ২ মিলিমিটাৰ বৰষুণ:

বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয়, "চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি অসমৰ চৰাইদেও, ডিব্ৰুগড় আৰু লখিমপুৰত মাত্ৰ ২ মিলিমিটাৰ বৰষুণৰ তথ্য ৰেকৰ্ড কৰা হৈছে, সেয়া একেবাৰে নগণ্য ।"

বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, বৰাক উপত্যকাৰ শিলচৰ ৰাজ্যৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণৰ স্থান হিচাপে চিহ্নিত হৈছিল । বৰাক উপত্যকাত মূল বাৰিষা সময়ছোৱাত ব্যতিক্ৰমীভাৱে প্ৰচণ্ড বৰষুণৰ ৰেকৰ্ড কৰা হৈছে । কেৱল জুন মাহতে প্ৰায় ৮৫৯ মিলিমিটাৰ বৰষুণ হৈছিল ।

জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহলৈকে ধাৰাবাহিক বৰষুণে শিলচৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণৰ বাবে ৩১০০ মিলিমিটাৰৰ ওপৰলৈ গতি কৰে আৰু ২০২৫ চনৰ বাবে অসমৰ সৰ্বাধিক বৰষুণ হিচাপে পৰিগণিত হৈছে ঠাইখনত ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, উজনি অসমত সেই বছৰ তুলনামূলকভাৱে খৰাং আৰম্ভণিৰ পিছত মোহনবাৰীত প্ৰবল বৰষুণ হৈছিল । এপ্ৰিলৰ পৰা বৰষুণৰ পৰিমাণ তীব্ৰভাৱে বৃদ্ধি পাই জুলাইত প্ৰায় ৪৮৯ মিলিমিটাৰ বৰষুণ হয় । আগষ্টত বৰষুণৰ পৰিমাণ অতি তীব্ৰতৰ হয় । উজনি অসমত মুঠ বৰষুণৰ পৰিমাণ প্ৰায় ২২০৬ মিলিমিটাৰ হোৱাৰ বিপৰীতে ডিচেম্বৰত সম্পূৰ্ণ শুকান হৈয়েই থাকে ।

Rainfall in Assam
বাৰ্ষিক বৰষুণৰ পৰিমাণ (ETV Bharat Assam)

যোৰহাটত মুঠ বৰষুণ ১,৬৮৩.২ মিলিমিটাৰ :

২০২৫ চনত যোৰহাটত বাৰ্ষিক মুঠ বৰষুণৰ পৰিমাণ আছিল ১,৬৮৩.২ মিলিমিটাৰ । শীতকালত জিলাখনত সামান্য বৰষুণ হোৱাৰ পিছতে মাৰ্চৰ পৰা বৰষুণ বৃদ্ধি পাইছে । আগষ্টত ৩৯১.৩ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে ছেপ্টেম্বৰ আৰু জুলাইতো যথেষ্ট বৰষুণ হৈছিল; কিন্তু অক্টোবৰৰ পিছত বৰষুণৰ পৰিমাণ ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ লগে লগে ডিচেম্বৰ মাহত একেবাৰে বৰষুণ হোৱা নাছিল ।

নামনি অসমত ধুবুৰীত বিপৰীতমুখী ধাৰা দেখা গ’ল । জানুৱাৰী, মাৰ্চ আৰু ডিচেম্বৰত বৰষুণৰ মাত্ৰা শূন্য হোৱাৰ বিপৰীতে এপ্ৰিলৰ পৰা বাৰিষাৰ বৰষুণ তীব্ৰভাৱে আৰম্ভ হয় । মে’ত ৫৮১ মিলিমিটাৰৰ ওপৰত বৰষুণ হোৱা আটাইতকৈ অধিক বৰষুণৰ মাহ আছিল । তাৰ পিছত ছেপ্টেম্বৰলৈকে ধাৰাবাহিক বৰষুণ হৈছিল ।

মধ্য অসমৰ তেজপুৰত তুলনামূলকভাৱে মধ্য়মীয়া বৰষুণ হৈছিল । মে’, জুলাই আৰু আগষ্টত প্ৰচণ্ড বৰষুণৰ ৰেকৰ্ড কৰা হৈছে । ৰাজ্যৰ আন বহু প্ৰান্তৰ দৰে ডিচেম্বৰতো সম্পূৰ্ণ শুকান হৈ থাকিল তেজপুৰত ।

সমান্তৰালভাৱে ৰাজ্যৰ ৰাজধানী গুৱাহাটীত বাৰ্ষিক বৰষুণৰ পৰিমাণ তুলনামূলকভাৱে কম । মে’ত প্ৰায় ৪৪৭.৫ মিলিমিটাৰ প্ৰচণ্ড বৰষুণ দিয়ে যদিও আন মাহত মধ্যমীয়াৰ পৰা কম বৰষুণ হৈছিল । ছেপ্টেম্বৰৰ পৰা বৰষুণৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পাইছে । ডিচেম্বৰত মাত্ৰ একেবাৰে ক্ষুদ্ৰ বৰষুণহে ৰেকৰ্ড কৰা হৈছে ।

Rainfall in Tezpur Dhubri
ধুবুৰীত বৰষুণৰ পৰিমাণ (ETV Bharat Assam)

বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, ২০২৫ বৰ্ষত প্ৰচণ্ড বাৰিষাৰ মাজতো অসমত একেৰাহে প্ৰায় চাৰি মাহ ধৰি অক্টোবৰৰ শেষৰ পৰা জানুৱাৰীলৈকে বিশেষ বৰষুণ হোৱা নাই । এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিষয়াগৰাকীয়ে কয়, "ভূমধ্য সাগৰীয় উপকূলৰ যি বতাহ হিমালায়ত খুন্দা মাৰি বৰষুণৰ সৃষ্টি কৰে সেয়া হৈ উঠা নাই ।"

উল্লেখ্য় যে, এই দীৰ্ঘদিনীয়া খৰালি কালত কেইবাখনো জিলাত মাটিৰ আৰ্দ্ৰতাৰ চাপ, পানীৰ উপলব্ধতা আৰু ৰবি শস্যৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে কৃষিজীৱীসকলে ।

ইয়াৰ বিপৰীতে তেজপুৰ মহকুমা কৃষি বিষয়া জাকিৰ হুছেইনে কয়, "এই কম বৰষুণৰ ফলত বিশেষ একো ক্ষতি হোৱা নাই । কাৰণ ৰবি শস্যৰ খেতিত আজিকালি উন্নতমানৰ পদ্ধতিৰ দ্বাৰা পানীযোগান তথা জলসিঞ্চনৰ পৰা উপকৃত হৈছে; কিন্তু বড়ো ধানৰ খেতি আৰম্ভ হৈছে আৰু যদি কিছুদিন পাছত বৰষুণৰ পৰিমাণ একেবাৰেই নহয় তেতিয়া খেতিয়কে অসুবিধাৰ সন্মুখীন হ'ব পাৰে ।"

Rainfall in Tezpur
তেজপুৰত বৰষুণৰ পৰিমাণ (ETV Bharat Assam)

উল্লেখ্য় যে, বিগত ২০২৫ চনৰ বৰষুণৰ ধৰণে আকৌ এবাৰ অসমৰ চৰম বতৰৰ পৰিৱৰ্তনশীলতাৰ প্ৰতি উদ্বেগ কৰি তুলিছে । কাৰণ তীব্ৰ বৰষুণৰ পৰিমাণ আৰু তাৰ সমান্তৰালভাৱে দীৰ্ঘদিনীয়া খৰালিৰ পৰিৱেশ । বিশেষকৈ বৰাক উপত্যকাৰ দৰে অধিক বৰষুণ হোৱা অঞ্চল আৰু উজনি আৰু মধ্য অসমৰ বানপ্রৱণ অঞ্চলত পানী সংৰক্ষণৰ উন্নত, বান প্রশমনৰ আন্তঃগাঁথনি আৰু জলবায়ু স্থিতিস্থাপক কৃষি পৰিকল্পনাৰ জৰুৰী ব্যৱস্থাৰ প্রয়োজন ৷

চাহ খেতিয়কৰ চিন্তা :

আনহাতে উত্তৰ পূব চাহ সন্থাৰ উপদেষ্টা তথা ভাৰতীয় চাহ ব'ৰ্ডৰ উপাধক্ষ্য বিদ্যানন্দ বৰকাকতিয়ে চাহ উদ্যোগৰ ক্ষেত্ৰত বতৰৰ এই পৰিবৰ্তনৰ বিষয়ে কয়, "২০২৬ চনত এতিয়া এটা খৰাং পৰিস্থিতিৰ অৱস্থা হৈছে । বৰ্তমান চাৰিমাহ ধৰি বৰষুণ নাই সমগ্ৰ অসমত । গতিকে এইবাৰ সাধাৰণতে মাৰ্চৰ পৰা আমাৰ যিটো চাহৰ হাৰ্ভেষ্টিং আৰম্ভ হয়, এইবাৰ ভবা নাই যে আমি মাৰ্চৰ পৰা কৰিব পাৰিম । কাৰণ ২০২৬ চনৰ এতিয়ালৈকে সাংঘাতিক ধৰণৰ খৰাং অৱস্থা দেখিছো । কিন্তু আকৌ যদি বৰষুণ আহি যায় হয়তো তেতিয়াহ'লে চাহ খেতি যোৱা বছৰ যিটো উৎপাদন আছিলে হয়তো তেনেকুৱাও হ'বগৈ পাৰে । এতিয়াও খুব ধৰা টান; কিন্তু যিটো আমি আৰ্লী ক্ৰপ বুলি কওঁ সেইটো মানে মাৰ্চত যিটো আমি সাধাৰণতে বৰষুণ ভাল ধৰণে যদি হয় তেতিয়াহ'লে আমি মাৰ্চত চাহৰ উৎপাদন আৰম্ভ কৰিব পাৰো; কিন্তু এই বছৰ বতৰৰ গতি দেখি লগা নাই যে আমি সোনকালে হোৱা খেতি পাম ।"

লগতে পঢ়ক:ৰাজ্য়ত অনাবৃষ্টি ! ৪২ বছৰৰ ভিতৰত এখন জিলাত হৈছে কম বৰষুণ

ছয় মাহে বানত ডুবি থকা অনিল নগৰবাসীয়ে এইবাৰৰ নিৰ্বাচনত কি কৰিব