ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : সদনত দাখিল হ'ল বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন, নতুনকৈ আহিল এছ টি (ভেলী)

বিৰোধী দলপতিকে ধৰি বিৰোধী দলৰ বিধায়কসকলে প্ৰতিবেদনখনক লৈ আলোচনা কৰাৰ বাবে বাৰম্বাৰ দাবী জনাই যদিও অধ্যক্ষ দৈমাৰীয়ে দাবী কৰা আলোচনাৰ প্ৰস্তাৱ মানি নল'লে ।

ST STATUS FOR 6 COMMUNITIES
মন্ত্রী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 6:58 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় বহুচৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্রীগোটৰ প্ৰতিবেদন । মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত 'ৰিপোৰ্ট অফ দি কমিটী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন এণ্ড চাজেষ্ট অন দি ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ ছিক্স কমিউনিটিজ ইন দি ষ্টেট' প্ৰতিবেদন দাখিলৰ লগে লগে বিৰোধীয়ে প্ৰতিবেদনখন সন্দৰ্ভত আলোচনাৰ দাবী জনায় ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈকে ধৰি বিৰোধী দলৰ বিধায়কসকলে প্ৰতিবেদনখনক লৈ আলোচনা কৰাৰ বাবে বাৰম্বাৰ দাবী জনায় । কিন্তু অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিৰোধীয়ে দাবী কৰা আলোচনাৰ প্ৰস্তাৱ মানি নল'লে । প্ৰতিবেদন দাখিলৰ পাছতে পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে । উল্লেখ্য যে জনজাতিকৰণৰ স্বীকৃতিৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৬ জনগোষ্ঠীৰ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে দাখিল কৰিলে মন্ত্ৰীগোটৰ প্ৰতিবেদন । মন্ত্রীগোটৰ এই প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব ।

ST STATUS FOR 6 COMMUNITIES
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ প্ৰতিবেদন (ETV Bharat Assam)
লক্ষণীয় বিষয় যে মন্ত্রীগোটৰ প্ৰতিবেদনত অসমৰ জনগোষ্ঠীসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে । অসমত পূৰ্বৰে পৰা আছে এছ টি (ভৈয়াম) আৰু এছ টি (পাৰ্বত্য) । মন্ত্রীগোটৰ প্ৰতিবেদনত নতুনকৈ এছ টি (ভেলী অৰ্থাৎ উপত্যকা) সংযোজন কৰাৰ প্ৰস্তাৱ কৰা হৈছে । মন্ত্রীগোটৰ প্ৰতিবেদন অনুসৰি মৰাণ আৰু মটকক এছ টি (ভৈয়াম)ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছে । সেইদৰে অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশী সকলকো এছ টি (ভৈয়াম)ত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে ।
ST STATUS FOR 6 COMMUNITIES
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ প্ৰতিবেদন (ETV Bharat Assam)

আনহাতে আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠী-আদিবাসী সকলক নতুনকৈ কৰা এছ টি (ভেলী)ত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে মন্ত্রীগোটৰ প্ৰতিবেদনত । ইফালে অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ-ৰাজবংশীক এছ টি (ভেলী)ত অন্তর্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে । মন্ত্রীগোটৰ প্ৰতিবেদন অনুসৰি বিধানসভাত এছ টিৰ বাবে সংৰক্ষিত আসনত নতুন এছ টি সোমাব নোৱাৰিব । সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষিত আসনত নতুন এছ টিয়ে সুবিধা নাপাব । বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ নতুনসকলক অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে মন্ত্রীগোটৰ প্ৰতিবেদনত ।

ST STATUS FOR 6 COMMUNITIES
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ প্ৰতিবেদন (ETV Bharat Assam)

বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনক নিৰ্বাচনী টোপ আখ্যা দিছে বিৰোধীয়ে । ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে এনেদৰে জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে বিৰোধীয়ে । বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অসমৰ এছ টি সকলক তিনিটা ক্লাছিফিকেচন কৰিব । নতুনকৈ কৰা হৈছে এছ টি (ভেলী) । সংবিধানত নথকা এটা কথা কোৱা হৈছে । সম্পূৰ্ণৰূপে টুপী দিয়া হৈছে । বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে নহয় ২০২৬ৰ নিৰ্বাচনৰ ছয় জনগোষ্ঠীক টুপী পিন্ধাই ভোট লোৱাৰ বাবেহে এই প্ৰতিবেদন দিছে ।"

উল্লেখ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রীগোটে বুধবাৰে কেবিনেটত দাখিল কৰিছিল প্ৰতিবেদন । কেবিনেটে অনুমোদন জনোৱাৰ পিছত শনিবাৰে বিধানসভাত দাখিল কৰা হয় । সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ থকা সময়ত এই মন্ত্রীগোটৰ অধ্যক্ষ আছিল বৰ্তমানৰ মুখ্যমন্ত্রী আৰু তেতিয়াৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পাছত এই মন্ত্রীগোটৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হয় মন্ত্রী ডাঃ ৰণোজ পেগুক । তেতিয়া মন্ত্রীগোটত মন্ত্রী কেশৱ মহন্ত আৰু সঞ্জয় কিষাণ সদস্য হিচাপে আছিল । পিছত সঞ্জয় কিষাণৰ স্থানত মন্ত্রী পীযুষ হাজৰীকাক দায়িত্ব দিয়া হয় । ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাৰ মন্ত্রীগোটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত প্ৰতিবেদন প্ৰস্তুত কৰি কেবিনেটত দাখিল কৰে আৰু শনিবাৰে সদনত দাখিল কৰা হয় ।

লগতে পঢ়ক : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা : বি টি চি সচিবালয় ভাঙি চূৰমাৰ প্ৰতিবাদকাৰীৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : কেবিনেটত দাখিল মন্ত্রীগোটৰ প্ৰতিবেদন, প্ৰেৰণ কৰা হ'ব বিধানসভালৈ

জনজাতিকৰণৰ দাবীত চলি থকা প্ৰতিবাদলৈ মুকলি সমৰ্থন মুখ্যমন্ত্ৰীৰ