ETV Bharat / state

২০ বছৰে নহ'ল কেঁচা চাহপাতৰ মূল্য়ৰ সমাধান ; ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষোভ

ৰাজ্য়ত ক্ষুদ্ৰ চাহ খেতিৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে ২০ লাখৰো অধিক লোক জড়িত হৈ আছে ।

small tea farmers on green tea leaves price
২০ বছৰে নহ'ল কেঁচা চাহপাতৰ মূল্য়ৰ সমাধান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 6:26 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : অসমত প্ৰায় দুই লাখ পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ খেতিয়ক আছে । ৰাজ্য়ত উৎপাদিত চাহৰ ৫২ শতাংশ কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে । এই ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ অৰ্থনীতিলৈ প্ৰভুত অৱদান আগবঢ়াইছে । তাৰ পিছতো অৱহেলিত আৰু অনাদৃত এইসকল চাহ খেতিয়ক ।

বিগত ২০ বছৰ ধৰি কেঁচা চাহপাতৰ দামৰ ক্ষেত্ৰত সমস্য়াৰ সৃষ্টি হৈয়ে আছে । আজি পৰ্যন্ত এই সমস্য়া সমাধানৰ বাবে চৰকাৰ তথা ভাৰতীয় চাহ বোৰ্ডে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সেইবাবে এইসকল ক্ষুদ্ৰ চাহ খেতিয়কে ক্ষোভ প্ৰকাশ কৰি আহিছে ।

ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহিছে অশনি সংকেত (ETV Bharat Assam)

এই সন্দৰ্ভত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই কয়, " কেঁচা চাহপাত উৎপাদনত ব্যয় দিনক দিনে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়কে পোৱা নাই বজাৰ আৰু নিৰ্দিষ্ট দাম । সাৰ আৰু ঔষধৰ দাম তথা খৰচৰ মাত্ৰা যি ধৰণে বাঢ়িছে সেই ধৰণে আমি ফল পোৱা নাই । আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাতৰ নিৰ্দিষ্ট দাম আমি পোৱা নাই । আমি ২০ বছৰ ধৰি কেঁচাপাতৰ দামৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিছোঁ । "

Tea garden of Assam
ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহিছে অশনি সংকেত (ETV Bharat Assam)

কেঁচাপাতৰ দাম নিদিষ্ট কৰাৰ পিচতো নাপায় মূল্য় :

তেওঁ পুনৰ কয়, "আনহাতে একাংশ বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাতৰ নিৰ্দিষ্ট দাম যোৱাবৰ্ষত ভাৰতীয় চাহ বোৰ্ডে নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো আৰু দিবলৈ কোৱা সত্বেও তেওঁলোকে দিয়া নাই । আনহাতে অন্যান্য ক্ষেত্ৰত অসম চৰকাৰে বাজেটত ধন ধাৰ্য কৰি উন্নয়নৰ কাম কৰিছে; কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়ণৰ বাবে কোনো ধৰণৰ পুঁজি ধাৰ্য কৰা নাই । আমি কৈ আহিছো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উন্নয়নৰ বাবে বাজেটত ২০০ কোটি টকা ধাৰ্য কৰিবলৈ । সৰু সৰু ফেক্টৰী স্থাপন কৰিবলৈ কৈছো; কিন্তু সেয়া অসম চৰকাৰখনে কৰা নাই ।"

Tea garden of Assam
ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহিছে অশনি সংকেত (ETV Bharat Assam)

নিৰ্বাচনত কাক সমৰ্থন কৰিব ?

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ক্ষুদ্ৰ চাহ খেতিয়কসকলে সমস্যা সমাধানৰ বাবে সৰৱ হৈ পৰিছে । এইবাৰ তেওঁলোকে সেই দল বা প্ৰাৰ্থীক সমৰ্থন কৰিব যিয়ে তেওঁলোকৰ সমস্য়া সমাধানত অগ্ৰাধিকাৰ দিব । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিগৰাকীয়ে কয়, "সেয়া জানি বুজি আমি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিম ।" লগতে তেওঁ কয়, "ভূতৰ ওপৰত দানহ পৰাৰ দৰে জলবায়ুৰ পৰিৱৰ্তনে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰি আহিছে ।"

উল্লেখ্য যে ক্ষুদ্ৰ চাহ খেতিৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে ২০ লাখৰো অধিক লোক জড়িত হৈ আছে;কিন্তু আজিও ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দাবী আৰু বিচাৰি থকা সা-সুবিধাসমূহ অসম চৰকাৰ,ভাৰত চৰকাৰ আৰু ভাৰতীয় চাহ বোৰ্ডে নিদিয়াত ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিগৰাকীয়ে । ক্ষুদ্ৰ চাহখেতিয়কৰ সমস্যা আৰু দাবী সমূহ সামাধান হয় নে নহয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:

ছমাহে নাই বৰষুণ; শুকাইছে গছ, মূৰে-কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে

জাহ গ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ সপোন, এফালৰ পৰা জ্বলাই দিলে এখন বাগিচা