গুৱাহাটীত অনুষ্ঠিত 'প্ৰত্যাশা 2.0' বাছনি পৰীক্ষা, মুঠ ১,০০০ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ
গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত 'প্ৰত্যাশা 2.0'ৰ বাছনি পৰীক্ষা ৷ ৭-৮ জুনত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব গুৱাহাটীত ৷

Published : May 31, 2026 at 6:20 PM IST
গুৱাহাটী: দেওবাৰে গুৱাহাটীসহ চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ 'প্ৰত্যাশা 2.0' প্ৰকল্পৰ বাছনি পৰীক্ষা । গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা । গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে পৰীক্ষাটো । এই কেন্দ্ৰত অৱতীৰ্ণ হৈছে ২৬১ গৰাকী প্ৰাৰ্থী ।
আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়, "প্ৰত্যাশা পাইলট প্ৰজেক্ট ২০০২ ত আৰম্ভ হৈছিল । ২০০২ চনত অসমৰ পৰা দিল্লীত প্ৰশিক্ষণ লবলৈ নিৰ্বাচিত হৈছিল ২৫ জন ছাত্ৰ-ছাত্ৰী । তাৰেই এগৰাকীয়ে এতিয়া অসমতেই প্ৰশাসনিক বিষয়া হিচাপে চাকৰি কৰি আছে । আমি বিগত বৰ্ষৰ পৰা প্ৰত্যাশা পুনৰ আৰম্ভ কৰিলো । এইবাৰ ১,০০০ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল বাছনি পৰীক্ষাৰ বাবে । ৩ জুনত ফলাফল দিয়া হ'ব । ৭-৮ জুনত মৌখিক পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত হ'ব । দিল্লীত পৰীক্ষাৰ্থীসকলে ৭ জুনত অনলাইন যোগে দিব লাগিব মৌখিক পৰীক্ষা ।"
তেওঁ লগতে কয়, "প্ৰত্যাশাৰ জৰিয়তে অসমৰ ২৬ গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ১৪ গৰাকী প্ৰাৰ্থী বাচনি কৰা হ'ব । মুঠ ৪০ গৰাকী প্ৰাৰ্থীক দিল্লীৰ আগশাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়াৰ উপৰি প্ৰতিমাহে ১২ হাজাৰ টকাকৈ জলপানি দিয়া হ'ব ছাত্ৰ-ছাত্ৰীক । তদুপৰি ইউপিএছচি পৰীক্ষাৰ প্ৰিলিমচত উত্তীৰ্ণ প্ৰাৰ্থীক ৫০ হাজাৰ টকাকৈ জলপানী দিয়া হ'ব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবলৈ 'প্ৰত্যাশা' শীৰ্ষক এই প্ৰকল্প ।"
আছু নেতা ভট্টাচাৰ্যই লগতে কয়, "অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া যাতে সৃষ্টি কৰিব পাৰো তাৰ বাবে ইউপিএছচি পৰীক্ষাৰ প্ৰশিক্ষণ ল'বলৈ প্ৰতিবছৰে দিল্লীলৈ উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৪০ গৰাকীকৈ শিক্ষাৰ্থীক আছুৱৰ তৰফৰ পৰা প্ৰেৰণ কৰাই হৈছে প্ৰত্যাশা প্ৰকল্পৰ মূল লক্ষ্য।"
লগতে পঢ়ক:আছুৰ উদ্যোগত 'প্ৰত্যাশা প্ৰকল্প', দেওবাৰে অনুষ্ঠিত হৈছে বাছনি পৰীক্ষা

