চক্ৰবেহু আৰু ৰংঘৰৰ আৰ্হিত ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ ৰাইজ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহুক লৈ উজনিত ৰাইজৰ মাজত নাই পূৰ্বৰ তুলনাত বিহুৰ উচাহ । ভিন্ন আকৃতিৰ ভেলাঘৰেৰে উদযাপন কৰিব ভোগালী বিহুটি ।

Published : January 9, 2026 at 4:06 PM IST
ডিব্ৰুগড়: প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভোগালী বিহুক লৈ পূৰ্বৰ দৰে নাই ৰাইজৰ মাজত উৎসাহ-উদ্দীপনা । এইবাৰ উজনিত পূৰ্বৰ তুলনাত বিহুৰ উচাহ কম যদিও ঠায়ে ঠায়ে চলিছে বিহুৰ প্ৰস্তুতি ৷ তথাপিও পৰম্পৰা ৰক্ষা কৰি বিহু অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে চহা অসমীয়া ৰাইজে । চক্ৰবেহু আৰু ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি ভোগালীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ খোৱাং আৰু টিংখাঙৰ ৰাইজ ।
ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিত চিত্ৰলেখা গ্ৰাম্য সংগঠনৰ উদ্যোগত স্থানীয় সকলো ৰাইজে মিলি ভোগালী বিহু উদযাপনৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ ইতিমধ্যে নৰা আৰু বাঁহেৰে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলাই আছে ৰাইজে ৷ তদুপৰি বিহুৰ লগত সংগতি ৰাখি শিশু আৰু মহিলাসকলৰ মাজত পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা, বিভিন্ন খাদ্য সম্ভাৰৰো আয়োজন চলিছে ৷ বিহুৰ দিনটোত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ৰাজীৱ শদিয়াক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব বিহুস্থলীত ৷
বিহুৰ প্ৰস্তুতিৰ মাজতে উদ্যোক্তাৰ হৈ এগৰাকী মহিলাই কয়, "প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত দিনযোৰাকৈ ভোগালী আদৰণি অনুষ্ঠিত কৰিছো । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হ'ব অনুষ্ঠান । ইয়াৰ পাছতে অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা । লগতে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।"

বিহুৰ এই অনুষ্ঠানৰ বাবে পিঠা, জলপানৰ পৰা সকলো খাদ্য সম্ভাৰ সাজু কৰা হৈছে বুলিও মহিলাগৰাকীয়ে সদৰী কৰে । আন এগৰাকী মহিলাই কয়, "অহা ১১ জানুৱাৰীত অনুষ্ঠিত হ'ব ভোগালী আদৰণি জনোৱা এই অনুষ্ঠান । ৰংঘৰৰ আৰ্হিত আমাৰ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে । সকলো মহিলা-পুৰুষ লগ লাগি নৰা, খৰি কটা হৈছে ।"

টিংখাঙত চক্ৰবেহুৰ আৰ্হিৰ ব্যতিক্ৰমী ভেলাঘৰ:
হেঁপাহৰ ভোগালী বিহুৰ পূৰ্বে টিংখাঙত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহাভাৰতৰ যুদ্ধৰ এটা চক্ৰবেহুৰ আৰ্হিৰ ভেলাঘৰ । টিংখাঙৰ নাহৰপৰা বৰবিল গাঁৱত নিৰ্মাণ হৈছে এই বিশেষ আকৃতিৰ ভেলাঘৰ । নাহৰৰপৰা কৃষি সমবায় সমিতিৰ উদ্যোগত তথা নাহৰপৰা বৰবিলবাসী ৰাইজৰ সহযোগত নাহৰপৰা বকলীয়াল চুবুৰীৰ পথাৰত মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে ।

তাৰ বাবে স্থানীয় ৰাইজে ব্যতিক্ৰমী চিন্তাৰে নৰা আৰু বাঁহেৰে চক্ৰবেহুৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ । যাৰবাবে বিগত প্ৰায় এমাহ ধৰি কষ্ট কৰিছে গাঁৱৰ ডেকাসকলে । পথাৰৰ নৰা কাটি হাত উজান দিছে জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলা সকলোৱে । চক্ৰবেহু আৰ্হিৰ ভেলাঘৰটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।

চক্ৰবেহু আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰি এজন উদ্যোক্তাই কয়, "আমাৰ গাঁৱৰ ৰাইজে ব্যতিক্ৰমী ৰূপত মাঘ বিহু অনুষ্ঠিত কৰি আহিছো । এইবাৰো চক্ৰবেহুৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণৰ বাবে নিৰ্বাচন কৰি ল'লো । সকলো ৰাইজে আহি সহযোগিতা কৰিছে । চক্ৰবেহু আৰ্হিৰ ভেলাঘৰ প্ৰায় সম্পূৰ্ণ হৈছে ।"

