ETV Bharat / state

বিধানসভাত গৃহীত হ’ল ইউচিচি : নতুন বিধেয়কখনক লৈ অনুভৱীসকলৰ মতামত কি?

গুজৰাট, উত্তৰাখণ্ডৰ পাছত ইউচিচি-ৰ তালিকাত সোমাল অসম ৷ এই বিধেয়কখন সন্দৰ্ভত কিছু মতামত জানো আহক...

The people of Assam commented on the Uniform Civil Code
প্ৰতিনিধিত্বমূলক ফটো (File photo)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 4:20 PM IST

|

Updated : May 29, 2026 at 4:32 PM IST

4 Min Read
Choose ETV Bharat

বিশ্বনাথ : অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা (বুধবাৰ) সদনত গৃহীত হ'ল ঐতিহাসিক সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউচিচি ৷ এই বিধেয়কখন গৃহীত হোৱাৰ পাছতে এই বিধেয়ক এতিয়া সমগ্ৰ দেশতে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম এনে তৃতীয়খন ৰাজ্য হ’বলৈ সাজু হৈছে, যিয়ে সমান নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে, অসমৰ প্ৰস্তাৱিত ইউচিচি বিলখন বহু ক্ষেত্ৰত উত্তৰাখণ্ড আৰু গুজৰাটৰ আইনতকৈ পৃথক । বিশেষকৈ লিভ ইন ৰিলেছনশ্বিপ (সন্মতিসাপেক্ষে সহবাস), বহু বিবাহ, বিবাহ পঞ্জীয়ন আৰু সামাজিক সন্তুলনক লৈ অসম চৰকাৰে নিজাকৈ এক সুকীয়া আৰ্হি প্ৰস্তুত কৰিছে ।

ইউচিচি বিধেয়কখনকলৈ কি কয় সাহিত্যিক সমাজে (ETV Bharat Assam)

ইফালে এই বিধেয়কখন বিধানসভাত গৃহীত হোৱা পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে । এই বিধেয়কখন গৃহীত হোৱাৰ পিছতে এই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিহালী বিশিষ্ট লেখক, সাহিত্যিক, কবি প্ৰেম বৈষ্ণৱে ।

প্ৰেম বৈষ্ণৱে এই বিধেয়কখনৰ সন্দৰ্ভত কয়, ‘‘অসমত এই বিলখন বহু আগতেই হ'ব লাগিছিল ৷ বহু পাছত হৈছে যদিও বিলখন অহাৰ বাবে অসমবাসীৰ কিছু লাভ হ'ব । বিশেষকৈ সমাজত চলা কু-কৰ্ম, নাৰী নিৰ্যাতন, অবৈধ সম্পৰ্ক আদি বন্ধ হ'ব । বৰ্তমান সময়ত ঘৰৰ পৰা আঁতৰি ল’ৰা-ছোৱালী পঢ়িবলৈ গৈ একেটা ৰুমতে থাকি কেতিয়াবা নিজক পাহৰি বেয়া কামত লিপ্ত হয় ৷ এতিয়া পৰা আৰু তেওঁলোকে সেই কাম নকৰে ৷ কাৰণ এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে ৷’’

তেওঁ আৰু কয়, ‘‘আমি যদি ভাৰতবৰ্ষৰ আন দুখন ৰাজ্য - উত্তৰাখণ্ড আৰু গুজৰাটৰ কথা কওঁ, এই দুখন ৰাজ্যৰ তুলনাত আমাৰ বিলখনত কিছু সুকীয়া নিয়ম আছে, গতিকে এই বিলখন অসমবাসীয়ে আদৰি লোৱাৰ প্ৰয়োজন ৷ লগতে অসম চৰকাৰে যি চিন্তা কৰি অসমত বিধেয়কখন বিললৈ ৰূপান্তৰিত কৰিছে, সেয়া সঁচাকৈয়ে শলাগ ল’বলগীয়া ৷’’

বিশিষ্ট সমাজ সেৱক বিদ্যুৎ শৰ্মাই ইউচিচিৰ সন্দৰ্ভত আৰু কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এজন বৰ চতুৰ মুখ্যমন্ত্ৰী ৷ তেওঁ যি কৰো বুলি ভাবে, অসমত কৰি দিয়ে ৷ তেওঁ এইবাৰ এক্সন মুডত আছে ।’’

সাহিত্যিক শৰ্মাই আৰু কয়, ‘‘ইউচিচিৰ বিলখন বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগতেই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমত যদি বিজেপি চৰকাৰৰ আহে প্ৰথমে অসমত ইউচিচি অনা হ'ব ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি অসমত বিজেপিয়ে এই বিলখন একক গৰিষ্ঠাতাৰে সমৰ্থন আদায় কৰি বিধানসভাত গৃহীত কৰিলে ৷’’

তেওঁ আৰু কয়, ‘‘এই বিলখনক লৈ ইমান আনন্দ কৰিবলগীয়া কোনো কথা নাই ৷ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ'ল, কিন্তু কেন্দ্ৰীয় চৰকাৰে আজিও এই বিধায়কখন গৃহীত কৰা নাই বা সংসদত উত্থাপন কৰা নাই, মাথোঁ দেশৰ দুখন ৰাজ্য উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে অসমত এই বিল গৃহীত হৈছে । প্ৰতিখন ৰাজ্যত সুকীয়া সুকীয়াকৈ এই বিধায়কখন গৃহীত কৰিছে ৷’’

চৰকাৰে ইউচিচি জৰিয়তে মহিলাসকলৰ নিৰাপত্তাৰ কথাত গুৰুত্ব দিলে, কিন্তু তাৰ সমান্তৰালকৈ বহু সময়ত যে কিছু পুৰুষো মহিলাৰ দ্বাৰা নিৰ্যাতন হয়, এই ক্ষেত্ৰত চৰকাৰে কিয় গুৰুত্ব নিদিলে বুলিও চৰকাৰৰ ওচৰত প্ৰশ্ন কৰে বিশিষ্ট সমাজ সেৱক বিদ্যুৎ শৰ্মাই । পুৰুষৰ নিৰ্যাতনৰ ওপৰতো বিলখনত কিছু নিয়ম নীতি ৰাখিব লাগিছিল, কাৰণ বহু সময়ত মহিলা দ্বাৰা পুৰুষ নিৰ্যাতিত হোৱাও দেখা যায়- এই বুলিও কয় শৰ্মাই ।

আনহাতে, ইউচিচি সন্দৰ্ভত বিশিষ্ট সাহিত্যিক প্ৰেম বৈষ্ণৱে কয়, ‘‘চৰকাৰে ইউচিচি অসমত আনিছে, ভাল কৰিছে ৷ কাৰণ বহু সময়ত ল’ৰা-ছোৱালী পঢ়া সময়ত একেলগে থাকে আৰু সময়ত এটা অবৈধ সম্পৰ্ক গঢ়ি উঠে ৷ লাহে লাহে দুটা পৰিয়ালৰ মাজত মনোমালিন্য হোৱা লগতে ল’ৰা-ছোৱালীকেইটাৰো ভৱিষ্যত বেয়া হয় ৷ এতিয়া পৰা ল’ৰা-ছোৱালীৰ বাবেও কিছু ভাল হৈছে ৷’’

তেওঁ আৰু কয়, ‘‘বিলখন গৃহীত কৰিলেই নহ'ব, আইনীভাৱে কঠোৰ হোৱাৰ লগতে ৰাইজৰ মাজলৈ নিবলৈ চৰকাৰে সজাগতা সৃষ্টি কৰিব লাগে ৷ সেয়া চৰকাৰৰ দায়িত্ব ৷’’

লগতে পঢ়ক : বিধানসভাত গৃহীত হ'ল ইউচিচি: আইনৰ আওতাত আহিল বিবাহ, বিবাহ বিচ্ছেদ, বহুবিবাহ, লিভ-ইন

লগতে পঢ়ক : গুজৰাট-উত্তৰাখণ্ডৰ পাছত তালিকাত সোমাল অসম

লগতে পঢ়ক : মেঘালয়তো কাৰ্যকৰী হ’ব নেকি ইউচিচি; কনৰাড চাংমাই ক’লে, "জনজাতীয় স্বাৰ্থ ৰক্ষা কৰাটো শীৰ্ষ অগ্ৰাধিকাৰ"

লগতে পঢ়ক : নাগৰিক সম-সংহিতাৰ সপক্ষে-বিপক্ষে কোনে কি কয় ?

Last Updated : May 29, 2026 at 4:32 PM IST