শিল্পী নুৰুদ্দিন আহমেদে মঞ্চতেই পালে 'পদ্মশ্ৰী' লাভৰ খবৰ : মঞ্চৰ পৰাই অসমৰ ৰাইজলৈ জনালে সেৱা
কলিয়াবৰৰ মঞ্চত এটা বঁটা গ্ৰহণ কৰি থাকোতেই ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদলৈ আহিল সেই ভাল লগা খবৰটো ৷

Published : January 25, 2026 at 7:09 PM IST
কলিয়াবৰ: ঘোষণা কৰা হ'ল দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা । অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক ২০২৬ চনৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদানৰ কথা ঘোষণা কৰে । সত্ৰীয়া সংস্কৃতিৰ অন্যতম অংগ মুখাশিল্পৰ লগতে বটদ্ৰৱা প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্পত চিত্ৰ-ভাস্কৰ্যৰ কৰ্মৰে অনবদ্য অৱদান আগবঢ়াই আহিছে অসমৰ কলা জগতলৈ ।
প্ৰায় ছহেজাৰ নাটক আৰু শতাধিক অসমীয়া চলচ্চিত্ৰত কলা নিৰ্দেশক হিচাপে কাম কৰাৰ লগতে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ গুৰু আসনৰ দৰে গুৰুত্বপূৰ্ণ শিল্পকৰ্মৰ বাবে বিশেষভাৱে পৰিচিত আহমেদ । অসমীয়া সংস্কৃতি আৰু পৰম্পৰাগত শিল্পক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁৰ অৱদান অতুলনীয় । তেওঁ অসমৰ এগৰাকী বিশিষ্ট ভাস্কৰ্য শিল্পীৰ লগতে ৰাজ্যৰ বোলছবি-ভ্ৰাম্যমাণ থিয়েটাৰতো এগৰাকী স্বনামধন্য কলা নিৰ্দেশক ।
অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক কলিয়াবৰৰ অধিৱেশনত নাট্য সন্মিলনে আগবঢ়োৱা 'জি. এল. আগৰৱালা সোঁৱৰণী কলাকাৰ বঁটা' গ্ৰহণ কৰিবলৈ অহা শিল্পী নুৰুদ্দিন আহমেদে কলিয়াবৰ মঞ্চতে লাভ কৰিলে পদ্মশ্ৰী সন্মান লাভৰ বাৰ্তা । অসম নাট্য সন্মিলনৰ সদ্য প্ৰাক্তন সভাপতি কুমাৰ দীপক দাসে বাৰ্তাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতেই সভাগৃহত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ । সকলোৱে হাতচাপৰিৰে অভিনন্দন জনোৱাৰ মাজতে শিল্পীগৰাকীয়ে মঞ্চৰ পৰাই অসমবাসীক সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে ।
এই সন্মান লাভ কৰি নুৰুদ্দিন আহমেদে কয়, "সঁচাই মই আজি বহুত বেছি আনন্দিত। আমাৰ নিচিনা সাধাৰণ মানুহেও এই সন্মান পায় এই কথা কেতিয়াও ভবা নাছিলোঁ । কোনোদিনে সন্মানৰ কাৰণে কাম কৰা নাই । নিজৰ পেটটোৰ কাৰণে আৰু কৰ্মই ধৰ্ম বুলিহে কাম কৰিছোঁ । যোৱা পঞ্চাশ বছৰে এই কাম কৰি আছোঁ । ভাস্কৰ্যৰে নহয় নাটক-থিয়েটাৰ, বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰতো কাম কৰিছোঁ । সঁচাকৈ বিশেষভাৱে আনন্দিত ।"

আনহাতে, শেহতীয়াকৈ বৰদোৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ লগতো জড়িত থকা আহমেদে এই ক্ষেত্ৰত কয়, "বৰদোৱাৰ লগতো শেহতীয়াকৈ জড়িত হৈ আছিলোঁ । তাৰ প্ৰায়খিনি নিৰ্মাণৰ লগত মোৰ লগতে মোৰ দুই পুত্ৰও জড়িত হৈ আছিল । মোৰ লগত এক ত্ৰিশজনীয়া এক কলা-কুশলীৰ দল আছে, তেখেতসকলো এই কাৰ্যত মোৰ সহযোগী আছিল, তেখেতসকললৈও মোৰ ধন্যবাদ জনাইছোঁ ।"
নাট্য সন্মিলনৰ বঁটাৰ বিষয়ত নুৰুদ্দিন আহমেদে কয়, "জি. এল. আগৰৱালা সোঁৱৰণী কলাকাৰ বঁটা আগবঢ়াইছে । এতিয়ালৈকে প্ৰায় ছহেজাৰ নাটকৰ কাম কৰিছোঁ । এশখনতকৈও অধিক চিনেমাৰ কাম কৰিছোঁ । এই বঁটাৰ বাবেও মই সুখী ।" ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ পোৱা প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁ কয়,"ই এক ভাল সন্মান । আৱেগিকতো হয়েই, তদুপৰি মোৰ নিচিনা এখন সৰু গাঁৱৰ পৰা আহি এই সন্মান লাভ কৰিবলৈ হ'লো, তাৰ বাবে মোৰ গাঁওবাসীকো ধন্যবাদ জনাইছোঁ ।"
কলিয়াবৰলৈ আহমেদৰ লগত অহা পত্নী জীনু ৰাজখোৱায়ো এই সন্মানৰ বাবে অসমবাসীক ধন্যবাদ জনায় । এগৰাকী পত্নী হিচাপে তেখেতৰ এই সন্মানৰ বাবে আনন্দিত বুলিও জনায় । কলিয়াবৰৰ কেইবাটাও দল-সংগঠনে নুৰুদ্দিন আহমেদক এই সন্মান লাভৰ বতৰাৰ পিছতে সম্ভাষণ জনাই আনন্দ প্ৰকাশ কৰে । কলিয়াবৰ শাখা সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাব, প্ৰজন্মকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে গামোচা পিন্ধাই শুভেচ্ছা জনায় ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদক ।

