ETV Bharat / state

বিধানসভাত মূল্যবৃদ্ধিৰ প্ৰসংগ : সদন ত্যাগ কৰি কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যপালৰ ভাষণৰ মাজতে অসম বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছৰ প্ৰতিবাদ ৷

The Opposition staged a protest in the Assam Assembly over the issue of rising prices
সদন ত্যাগ কৰি প্ৰতিবাদ কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 11:45 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয় দিনা মূল্যবৃদ্ধিক লৈ সদনত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে । বিশেষকৈ কংগ্ৰেছৰ বিধায়কসকলৰ লগতে অখিল গগৈয়ে সদনত মূল্যবৃদ্ধিৰ প্ৰসংগলৈ সৰৱ হৈ পৰে । বিধানসভাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে বিৰোধীৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যপালক দেশৰ সংকট, সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়ে ক'বলৈ দাবী জনায় বিধায়ক অখিল গগৈসহ বিৰোধী বিধায়কসকলে । ৰাজ্যপালে ভাষণ দি থকাৰ সময়তে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে । সদন ত্যাগ কৰি বিধানসভা চৌহদত কংগ্ৰেছৰ বিধায়কসকলে মূল্যবৃদ্ধিলৈ সৰৱ হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে । 'বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই', 'মূল্যবৃদ্ধি হ্ৰাস কৰক', 'বিজেপি চৰকাৰ হায় হায়' আদি শ্ল'গান দি বিৰোধী বিধায়কসকলে বিধানসভা চৌহদ উত্তাল কৰি তোলে ।

এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয়, "ৰাজ্যৰ মূল জলন্ত সমস্যা মূল্যবৃদ্ধিৰ প্ৰসংগত ৰাজ্যপালৰ ভাষণত এটা বাক্যও উচ্ছাৰণ কৰা নাই । যাৰ বাবে আমি কংগ্ৰেছ বিধায়িনী দলে সদন ত্যাগ কৰিছো । ৰাজ্য চৰকাৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে নাটক কৰি আছে ।"

বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, "কংগ্ৰেছ বিধায়িনী দল সদায় ৰাইজৰ লগত আছে । আমি সদায় ৰাইজৰ সমস্যা সমাধান কৰাৰ বাবে সৰৱ ভূমিকা পালন কৰিম । বৰ্তমান ৰাজ্যখনত সকলো বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে, কিন্তু চৰকাৰখনৰ কোনো কানসাৰ নাই । মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো পদক্ষেপ লোৱা নাই । কেন্দ্ৰ আৰু ৰাজ্যৰ কোনো পদক্ষেপ নাই । সাধাৰণ জনতাৰ দুবেলা দুমুঠি খোৱাৰ বাবে কষ্ট হৈছে । চৰকাৰে নিজৰ দায়িত্ব পালন কৰা নাই ।"

বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়, "অধ্যক্ষই সদায় খোজকাঢ়ি আহক । মুখ্যমন্ত্রী কেইজনে সদায় ৰিক্সাত যাওক । প্ৰধানমন্ত্রী মোদীয়ে ডাঙৰ বিমান লৈ বিদেশ ভ্ৰমণ কৰাৰ বিপৰীতে খোজকাঢ়ি যাওক । নাটক বেছি কৰি লাভ নাই ।"

বিধায়ক ডাঃ জয়প্ৰকাশ দাসে কয়, "তেল নাখাব, গাড়ী কমকে চলাব আদি কোৱাৰ পিছত প্ৰধানমন্ত্রী বিদেশ ভ্ৰমণলৈ গৈছে । আমি ধিক্কাৰ দিছো । ৰাইজক সকাহ দিয়াৰ ক্ষেত্রত চৰকাৰৰ কোনো পদক্ষেপ নাই । চৰকাৰ এতিয়াও শুই আছে ।"

লগতে পঢ়ক : সংকটৰ সময়ত প্ৰধানমন্ত্ৰী গৈ বিদেশত ৰীলছ বনোৱাত ব্যস্ত: কৃষক মুক্তি সংগ্ৰাম সমিতি

লগতে পঢ়ক : বিধায়কৰ শপত গ্ৰহণেৰে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ