ETV Bharat / state

পাহাৰৰ পৰা খহি পৰা মাটিয়ে লখিমপুৰত এজনৰ প্ৰাণ ল'লে!

পাহাৰৰ কটা মাটি ডাম্পাৰত আনিবলৈ যাওতেই পাহাৰ খহি পৰাৰ ফলত প্ৰাণ হেৰুৱালে এজনে ।

The mountain soil fell into the dumper, man lost his life in Lakhimpur
পাহাৰৰ পৰা খহি পৰা মাটিয়ে প্ৰাণ ল'লে এজনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 4:00 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: লখিমপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত পাহাৰ খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। পাহাৰৰ কটা মাটি ডাম্পাৰত আনিবলৈ যাওতেই পাহাৰ খহি ডাম্পাৰৰ ওপৰতে পৰাৰ ফলত চালক জনৰ মৃত্যু হয় । লখিমপুৰৰ বান্দৰদেৱাত এই দুৰ্ভাগ্য়জনক ঘটনা সংঘটিত হৈছে।

লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত পাহাৰ খহি বিজু কুটুম নামৰ লোকজনৰ মৃত্যু হয় । লখিমপুৰৰ বান্দৰদেৱাৰ মূল ব্যৱসায়িক অঞ্চলটো দুয়োখন ৰাজ্যৰে সীমা । এই এলেকাতে আছে ৰাজ্যখনৰ ৰাজধানী ইটানগৰ সংযোগী পথৰ প্ৰৱেশ গেট । এই এলেকাৰ কাষতে আজি শোকাবহ ঘটনাটো সংঘটিত হয় । পাহাৰৰ পৰা খহি পৰা মাটিয়ে এজন লোকৰ প্ৰাণ কাঢ়ি লয় ।

পাহাৰৰ পৰা খহি পৰা মাটিয়ে প্ৰাণ ল'লে এজনৰ (ETV Bharat Assam)

সেই এলেকাটোত অৰুণাচলৰ এজন লোকে পাহাৰৰ ৰঙা মাটি কটাই আছিল । কটা মাটিখিনি ডাম্পাৰেৰে কঢ়িয়াই নিয়া হৈছিল । শনিবাৰে পুৱা এনেদৰে পাহাৰ কটা মাটি ডাম্পাৰে আনিবলৈ যোৱাৰ সময়তে ডাম্পাৰতে পাহাৰৰ মাটি খহি পৰে । খহি পৰা মাটিয়ে হেঁচা মাৰি ধৰে চালকজনক । ফলত থিতাতে নিহত হয় চালকজন ।

উল্লেখযোগ্য AR-01-P-4685 নম্বৰৰ ডাম্পাৰখনত পাহাৰৰ ৰঙা মাটি ভৰাই থকাৰ অৱস্থাত ওপৰৰ পৰা পাহাৰৰ মাটি খহি ডাম্পাৰ খনৰ ওপৰত পৰাৰ ফলত এই শোকাবহ ঘটনাটো ঘটে । ঘটনাটোত লখিমপুৰ জিলাৰ পথালি পাহাৰৰ মিলনজ্যোতি গাঁৱৰ প্ৰায় ৪৫ বছৰীয়া বিজু কুটুম নামৰ ডাম্পাৰ চালক জনৰ থিতাতে মৃত্যু হয় ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে । জীৱিকাৰ বাবে কাম কৰি থকা অৱস্থাত এনেদৰে বিজু কুটুমে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত অঞ্চলটোত এক শোকাৱহ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: গুৱাহাটী আৰক্ষীৰ বন্দুকৰ পৰা ওলাল বুলেট, আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা

বিনামূলীয়া চাউলত ওলাল মৃত চৰাই-এন্দুৰ, ৰাইজ নামিল প্ৰতিবাদত