ETV Bharat / state

জুবিন ক্ষেত্ৰকলৈ ভুৱা বাতৰি প্ৰচাৰ হৈছে, সংবাদমেলযোগে ক'লে তদাৰক সমিতিয়ে

জুবিন ক্ষেত্ৰত সংবাদমেল,পৰিষ্কাৰ-পৰিচন্নতা তদাৰক সমিতিৰ ।

The monitoring committee mentioned that false news was being spread about Zubeen Khetra
জুবিন ক্ষেত্ৰত সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 10:47 AM IST

6 Min Read
Choose ETV Bharat

সোণাপুৰ: পূৰ্বৰ দায়িত্ব লোৱা নিদিষ্ট কেইগৰাকীমান ব্যক্তিয়ে অনুৰাগীয়ে আগবঢ়োৱা ধন খেলিমেলি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । জুবিন ক্ষেত্ৰত চাফ-চিকুণ কৰি থকা কোনো লোককে কোনেও ইয়াৰ পৰা আঁতৰাই পঠোৱা নাই । যিধৰণৰে বাতৰি প্ৰচাৰ হৈ আছে সেয়া ভুল বুলি শনিবাৰে জুবিন ক্ষেত্ৰত অনুষ্ঠিত এক সংবাদমেলত সদৰী কৰে জুবিনক্ষেত্ৰ পৰিষ্কাৰ, পৰিচন্নতা তদাৰক সমিতিয়ে ।

কিছুদিন পূৰ্বে জুবিনক্ষেত্ৰত পৰিষ্কাৰ-পৰিচন্নতা কৰি থকা ছয়গৰাকী লোকক কণ্ঠশিল্পী মানস ৰবিনে দহ হেজাৰকৈ টকা প্ৰদান কৰিছিল । ইয়াৰ পিছত জুবিন ক্ষেত্ৰত এই ছয়জনৰ বাহিৰেও অন্য বহু লোকে নিস্বাৰ্থভাৱে শ্ৰমদান কৰি থকাৰ একাংশই তেওঁলোকৰ নাম কিয় নাথাকিল বুলি তেওঁলোকক সোধপোছ কৰে ।

জুবিন ক্ষেত্ৰত সংবাদমেল (ETV Bharat Assam)

এই সোধপোছ কৰাতে তেওঁলোক ক্ষুব্ধ হৈ গৰিমা শইকীয়া গাৰ্গৰ ওচৰত অভিযোগ দিয়াৰ লগতে সংবাদ মাধ্যমক বিভিন্ন ধৰণৰ ভুল তথ্য দি অপ্ৰচাৰ কৰে । যাৰ বাবে আজি সংবাদমেল সম্বোধন কৰি কয়, "জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাৱে চাফ-চিকুণ কৰি থকা কোনো লোককে কোনেও ভাবুকি বা দাবী ধমকিৰে খেদি পঠোৱা নাই ।"

বৰ্তমান জুবিন ক্ষেত্ৰ চাফ-চিকুণৰ ব্যৱস্থাৰ তদাৰক কৰি থকা জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচন্নতা তদাৰক সমিতিয়ে সংবাদমেলযোগে স্পষ্ট কৰি দিয়ে যে জুবিনক্ষেত্ৰ চাফ চিকুন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল । যিখন পূৰ্বৰ শ্মশান পৰিচালনা সমিতিৰ অন্তৰ্গত ।

The monitoring committee mentioned that false news was being spread about Zubeen Khetra
গৰিমা শইকীয়া গাৰ্গলৈ পত্ৰ (ETV Bharat Assam)

চৰকাৰে আনুষ্ঠানিকভাৱে দায়িত্ব নোলোৱা পৰ্যন্ত স্থানীয় কেইবাখনো গাঁৱৰ লোকে একত্ৰিতভাৱে এই কাম পৰিচালনা কৰিব বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত কোনো ব্যক্তিকে এই ক্ষেত্ৰত অযথা বিতৰ্ক নকৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ ।

ইপিনে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচন্নতা তথা তদাৰক সমিতিৰ বিষয়ববীয়াসকলে সংবাদমেলত সদৰী কৰা মতে তেওঁলোকে জুবিন ক্ষেত্ৰ তদাৰক তথা চাফ-চিকুনৰ দায়িত্ব লোৱা ১৯দিন হৈছে । এই ১৯ দিনত জুবিন ক্ষেত্ৰত অনুৰাগীয়ে আগবঢ়োৱা ধন ৪ লাখ ৬০হেজাৰৰো অধিক ধন প্ৰশাসনক চমজাই দিয়ে ।

The monitoring committee mentioned that false news was being spread about Zubeen Khetra
তদাৰক সমিতিয়ে দাখিল কৰা তথ্য (ETV Bharat Assam)

তেওঁলোকে উল্লেখ কৰে পূৰ্বৰ তুলনাত সম্প্ৰতি অনুৰাগীৰ সংখ্যা কমাৰ সময়তো যদি বৰ্তমান দায়িত্ব লোৱা সমিতিখনে ১৯ দিনত জমা হোৱা ৪ লাখৰো অধিক ধন প্ৰশাসনক জমা দিয়ে তাৰ বিপৰীতে বৰ্তমানৰ সমিতিৰখনৰ পূৰ্বে ইয়াৰ দায়িত্ব লোৱা লোকসকলে ৪০ দিনত সংগ্ৰহৰ ধন চাৰে চাৰি লাখ মান টকা জমা দিয়াত আশ্বৰ্য প্ৰকাশ কৰি বিত্তীয় খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰে ।

তেওঁলোকে ইয়াকো প্ৰকাশ কৰে যে এই সমিতিখন গঠন কৰাৰ কথা গৰিমা শইকীয়া গাৰ্গৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সুদৰ্শন ঠাকুৰকো অৱগত কৰা বুলি জানিব দিয়ে । যিহেতু স্থানীয় কেইবাখনো গাঁৱৰ মহিলাই নিতৌ জুবিন ক্ষেত্ৰ চাফ-চিকুণ কৰে সেয়ে তেওঁলোকক পৰিচালনাৰ বাবে এই সমিতিয়ে কাম কৰি আহিছে ।

The monitoring committee mentioned that false news was being spread about Zubeen Khetra
তদাৰক সমিতিয়ে দাখিল কৰা তথ্য (ETV Bharat Assam)

এই সম্পৰ্কত সমিতিৰ বিষয়ববীয়া অৰুণ টেৰণে কয়, "জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচন্নতা তদাৰক সমিতিয়ে কাৰোবাক উলিয়াই পঠিয়াই দিয়া বুলি যি প্ৰচাৰ চলি আছে সেয়া সম্পূৰ্ণ মিছা কথা । অকল সেই ৬ জনকে নহয় কাকোৱেই ওলাই যোৱা বুলি আমি নকওঁ । জুবিন ক্ষেত্ৰ সকলোৰে বাবে ।"

জুবিন ক্ষেত্ৰত অনুৰাগীয়ে আগবঢ়োৱা ধনৰ খেলি-মেলি হোৱা বুলি যি বাতৰি প্ৰকাশ হৈছে এই সন্দৰ্ভত সোধাত টেৰণে কয়, "আজি ৪০ দিনৰো অধিক দিন হ'ল । আমি জুবিন ক্ষেত্ৰত আছো যদিও ইয়াৰ দায়িত্বত গ্ৰহণ কৰা নাছিলো । আমি আমাৰ শ্মশানৰ ভূমি জুবিনদাৰ নামত উচৰ্গা কৰিছো । সম্প্ৰতি আমাৰ গাঁৱৰ কোনো লোকৰ মৃত্যু হ'লে দাহন কৰিবলৈ ভূমি নোহোৱা হ'ল সেয়ে চৰকাৰ-প্ৰশাসনৰ সৈতে বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰি থকাৰ বাবে সক্ৰিয়ভাৱে ইয়াত জড়িত থাকিব পৰা নাছিলো । কিন্তু ৪০ দিনৰ পিছত আমি অলপ সময় উলিয়াই আমাৰ নিজৰ ঠাইৰ শ্মশানৰ মাটি এৰি দিছোঁ । সেই বুলি ভাবি আমি সকলোৱে স্বতঃস্ফুতভাৱে ওলাই আহিছো নিজৰ দায়িত্ব বুলি ভাবি ।"

তেওঁ ইয়াকো কয়, "জুবিন ক্ষেত্ৰত অনুৰাগীয়ে দিয়া অৰিহণাৰ ধন প্ৰশাসনৰ বিষয়া আহি প্ৰতিদিনে সগ্ৰহ কৰি টেজাৰিত জমা ৰাখে । তেওঁলোকৰ সমিতিয়ে ১৯ দিন দায়িত্ব লৈ প্ৰশাসনক সকলোৰে সাৎক্ষাতত ৪ লাখ ৬৬ হেজাৰ জমা দিয়ে । কিন্তু তেওঁলোকৰ পূৰ্বে দায়িত্ব লৈ থকা লোকে প্ৰশাসনক ৪০ দিনত জমা দিয়ে ৪ লাখ ৫০ হেজাৰ মান টকাহে জমা দিয়ে ।" যাৰ বাবে তেওঁলোকে খেলিমেলি হোৱা বুলি সন্দেহ কৰা বুলি কয় ।

ইপিনে কাৰ্বি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া কৌশিক ৰংপীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে, "জুবিন ক্ষেত্ৰত কোনেও কাকো ভাবুকি দিয়া নাই । আজি যিখন সমিতিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে এই সমিতিখন জুবিন ক্ষেত্ৰ চাফ-চিকুণ তদাৰক সমিতিহে । আগবেলা কোন থাকিব, পিছবেলা কোন থাকিব বা নিশা কোন থাকিব পৰিচালনা কৰাৰ বাবে । জুবিন ক্ষেত্ৰ পৰিস্কাৰ কৰি ৰাখিবলৈ কোনোবাইটো দায়িত্ব ল'ব লাগিব ।"

তেওঁ লগতে কয়, "জুবিন ক্ষেত্ৰত চাফ-চিকুণ কৰি থকাসকলৰ মাজত মৃদুলা ইংজাল নামৰ বাইদেউগৰাকী বিজেপিৰ পঞ্চায়ত সভানেত্ৰী । তেওঁ থকাৰ বাবে সমিতিখন বিজেপিৰ নেতৃত্বত চলা বুলি বিৰ্তকৰ সৃষ্টি কৰিছে । যিসকলে এই বিৰ্তক সৃষ্টি কৰি সংবাদ মাধ্যমত মন্তব্য ৰাখিছে তেওঁলোকতকৈ এই বাইদেউৱে দিনে নিশাই শ্ৰম দান কৰিছে, অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা কৰিছে ।"

টেৰণে শেষত কয়, "যদি বিগত দুটা মাহৰ চিচি ভিভি কেমেৰাৰ ফুটেছ চাই, যি দুগৰাকী মানে সংবাদ মাধ্যমত বৰ বৰ কথা কৈ আছে তেওঁলোকতকৈ বেছি সময় দি শ্ৰমদান কৰা দেখা পাব । একাংশই সমিতিখন বিজেপিৰ বুলি প্ৰচাৰ চলাইছে । মইতো বিজেপিৰ নহয় কাৰ্বি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া । মই মোৰ নিজৰ দায়িত্ব বুলি ভাবি জুবিন ক্ষেত্ৰ চাফ-চিকুনকৈ ৰখাৰ সময় দিছো । জুবিন ক্ষেত্ৰক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি হ'ব নালাগে । জুবিন ক্ষেত্ৰ জুবিন ক্ষেত্ৰই হৈ থাকিব ।"

লগতে পঢ়ক: জনজাতিকৰণ নহ'লে আমাৰ অস্তিত্ব শেষ হ'ব : আটাছু

অগ্নিগৰ্ভা পৰিস্থিতিকো নেওচি ফুটবল জগতত অপ্ৰতিৰোধ্য মণিপুৰ