তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুপস্থিতি : লোকসভাত শিক্ষা মন্ত্ৰালয়ৰ স্পষ্টীকৰণ
বিগত ৭২দিন ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আৰু শেহতীয়াকৈ শিক্ষা বিভাগ পাঁচ দিন ধৰি বন্ধ । সোমবাৰে সংসদত উত্থাপন হ'ল এই বিষয় ।

Published : December 1, 2025 at 9:42 PM IST
তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী যোৱা ২২ ছেপ্টেম্বৰৰ পৰা অনুপস্থিত থকাৰ ঘটনাক লৈ লোকসভাত উত্থাপিত প্ৰশ্নৰ উত্তৰত শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে আজিৰ (সোমবাৰ) কিছু গুৰুত্বপূর্ণ স্পষ্টীকৰণ প্ৰদান কৰে ।
অসমৰ নগাঁৱৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিশ্ববিদ্যালয়ত চলি থকা প্ৰশাসনিক অস্থিৰতা, উপাচাৰ্যৰ অনুপস্থিতিৰ কাৰণত সম্ভাৱিত অনিয়ম আৰু কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত তথ্য বিচাৰিছিল ।
এই বিষয়ে উত্থাপন কৰা প্ৰশ্ন নম্বৰ ৯ ৰ উত্তৰ দি শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুখান্ত মজুমদাৰে কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু তেওঁলোকৰ ধাৰণাসমূহ নিজ নিজ আইনৰ অধীনতে চলি থাকে । তেজপুৰ বিশ্ববিদ্যালয় আইন, ১৯৯৩ অনুসৰি, উপাচাৰ্যৰ পদ খালী থাকিলে বা উপাচাৰ্য দায়িত্বলাভ কৰিবলৈ অসমর্থ হ’লে প্ৰ’ উপাচাৰ্যেই সেই দায়িত্ব সাময়িকভাৱে পালন কৰিব । প্ৰ’ উপাচাৰ্য উপলব্ধ নাথাকিলে বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠতম অধ্যাপকে দায়িত্ব ল’ব লাগিব- নতুন উপাচাৰ্য নিযুক্তি হোৱা বা বিদ্যমান উপাচাৰ্য দায়িত্বত ঘূৰি আহা পৰ্যন্তলৈ ।

আনহাতে বিশ্ববিদ্যালয়ৰ সুৰক্ষা ৰক্ষী নিয়োগ, শ্রম আইন উলংঘন, গ্ৰন্থাগাৰ আৰু ই-ৰিছ’ৰ্ছ ক্ৰয়ত অনিয়ম, উদ্ধৃতি মুদ্ৰাস্ফীতি আৰু টেণ্ডাৰ প্ৰক্ৰিয়াত সম্ভাৱিত অমিল আদিৰ বিষয়ে উত্থাপিত অভিযোগ সন্দৰ্ভত ড° মজুমদাৰে জনায় যে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰে গঠন কৰা ফেক্ট-ফাইণ্ডিং কমিটীয়ে ইতিমধ্যে নিজৰ প্ৰতিবেদন ৰাজ্যপালক জমা দিছে ।
মন্ত্ৰালয়ে কেন্দ্ৰীয় কমিটীৰ বিশেষ দল বিশ্ববিদ্যালয়লৈ পঠিওৱা বিষয়টোৰ বিষয়ে কোনো বিশেষ মন্তব্য নকৰিলে, বিশ্ববিদ্যালয়ৰ স্বায়ত্তশাসনকেই প্ৰাথমিকভাৱে গুৰুত্ব দিয়া হৈছে বুলিও স্পষ্ট কৰে ।
উপাচাৰ্যৰ দীৰ্ঘদিনীয়া অনুপস্থিতি আৰু ইয়াৰ ফলত প্ৰশাসনিক অস্থবিৰতা সৃষ্টি হোৱাৰ বিষয়ে ছাত্র-শিক্ষক মহলত উদ্বেগ অব্যাহত আছে । ফেক্ট-ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনখন এতিয়াও প্ৰকাশ কৰা হোৱা নাই বুলি সংসদত উল্লেখ কৰে ।

