ETV Bharat / state

শ্বহীদ প্ৰণামো তোমাক ! বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র'

ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিৰে নিৰ্মাণ কৰা 'শ্বহীদ স্মাৰক ক্ষেত্র' বুধবাৰে উদ্বোধন কৰিব মুখ্যমন্ত্রীয়ে ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 5:43 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম আন্দোলনত আত্মবলিদানেৰে ইতিহাস ৰচা মহান শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্র । এইক্ষেত্রত আছে ‘শ্বহীদ স্মাৰক‘ আৰু ‘শ্বহীদ উদ্যান’ । স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতি যুগমীয়া কৰি এক জাতীয় সম্পদলৈ পৰিণত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই 'শ্বহীদ স্মাৰক ক্ষেত্ৰ' বুধবাৰে মুকলি কৰা হ'ব । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা ১১ বজাত আনুষ্ঠানিকভাৱে এই 'শ্বহীদ স্মাৰক ক্ষেত্ৰ' উদ্বোধন কৰিব ।

ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিবছৰৰ দৰে এইবাৰো বুধবাৰ, ১০ ডিচেম্বৰত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হ'ব । অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ আহুতি দিছিল আৰু সেই দিনটোকে ৰাজ্যবাসীয়ে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ।

শ্বহীদ প্ৰণামো তোমাক ! কাইলৈ মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

এইবাৰ গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰা হ'ব । শ্বহীদ দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব ।

৮৬০ গৰাকী শ্বহীদৰ ত্যাগ-বলিদানৰ স্মৃতিৰে সুসজ্জিত স্মাৰক

বিশাল পৰিসৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ স্বদেশ-স্বজাতিৰ বাবে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি এক বিশেষ শ্ৰদ্ধাঞ্জলি হিচাপে চিৰকাল জিলিকি থাকিব । স্মাৰক ক্ষেত্ৰত ওখ স্তম্ভ আৰু বীৰ শ্বহীদসকলৰ আৱক্ষ মূৰ্তি সন্নিৱিষ্ট কৰা হৈছে, যিটো তেওঁলোকৰ চৰম ত্যাগ আৰু স্বদেশপ্ৰেমৰ প্ৰতি অটল সমৰ্পণৰ স্থায়ী প্ৰতীক হিচাপে সদায়ে জিলিকি থাকিব ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ এক প্ৰাকৃতি পৰিৱেশৰ বিশাল পৰিসৰত দৃষ্টিনন্দনকৈ সাজি উলিওৱা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্র । অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত ১১৭ বিঘা ভূমি সামৰি এই শ্বহীদ স্মাৰক ক্ষেত্র নিৰ্মাণ কৰা হৈছে । অসম আন্দোলনত শ্বহীদবৰণ কৰা ৮৬০ গৰাকী শ্বহীদৰ ভিতৰত সকলোৰে ছবি নোপোৱাৰ বাবে চাৰি শতাধিক শ্বহীদৰ আৱক্ষ মূৰ্তি এই শ্বহীদ স্মাৰক ক্ষেত্রত প্ৰতিষ্ঠা কৰা হৈছ । বাকী শ্বহীদসকলৰ নামফলক লগোৱা হৈছে ।

১৩ মহলীয়া উচ্চতাৰ স্মাৰক

১৩ মহলীয়া এক সুউচ্চ স্মাৰক নিৰ্মাণ কৰা হৈছে । এই স্মাৰকৰ তলত আছে এটা গেলাৰী, য'ত আছে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ-শ্বহীদসকলৰ আৱক্ষ মূৰ্তি । লগতে এটা অংশত আছে অসম আন্দোলনৰ বিভিন্ন স্মৃতি । বিশেষকৈ সেই সময়ত বাতৰিকাকতত প্ৰকাশ পোৱা বিভিন্ন আলোকচিত্র আৰু খবৰ । যিবোৰ সুন্দৰকৈ ফ্ৰেমিং কৰি ৰখা হৈছে । গেলাৰীটোত অসম আন্দোলনৰ পৰিৱেশটোক দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

আছে চাইক্লিঙৰ সুবিধা

স্মাৰক ক্ষেত্রৰ মূল প্ৰৱেশ পথৰ দুয়োকাষে আছে দুটাকৈ বিশাল পুখুৰী । য'ত লাইট আৰু ছাউণ্ড ছিষ্টেমৰ যোগেদি বিভিন্ন বিষয় তুলি ধৰাৰ ব্যৱস্থা কৰা হৈছে । শ্বহীদ স্মাৰক ক্ষেত্রখনৰ চাৰিওকাষে চাইক্লিঙৰ বাবে ট্ৰেকৰ ব্যৱস্থা কৰা হৈছে । চাইক্লিঙৰ ট্ৰেকৰ উপৰি অডিট'ৰিয়াম আৰু মেডিটেচনৰ ব্যৱস্থাও কৰা হৈছে । ১৩ মহলীয়া সুউচ্চ স্মাৰকটোৱে সমগ্ৰ ক্ষেত্রখনক এক অনন্য ৰূপ প্ৰদান কৰিছে ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

২৪ ঘণ্টাই জ্বলি থাকিব শ্বহীদ প্ৰণাম জ্যোতি

তদুপৰি গেলাৰী, হৰ্টিকালচাৰ গাৰ্ডেন, ফুড ক'ৰ্ট, মুকলি থিয়েটাৰ মঞ্চ, পুথিভঁৰালৰ সৈতে প্ৰেক্ষাগৃহ, যোগ কেন্দ্ৰ আদিৰো ব্যৱস্থা আছে । আনহাতে, শ্বহীদ স্মাৰক ক্ষেত্রৰ মাজত আছে এটা শ্বহীদ প্ৰণাম জ্যোতি । যিটো জ্যোতি সকলো সময়তে জ্বলি থকাৰ ব্যৱস্থা কৰা হৈছে । এই অক্ষয় বন্তি মঙলবাৰে বিয়লি মুখ্যমন্ত্রীয়ে প্ৰজ্বলন কৰিব ।

২০২০ চনত স্থাপন কৰা হৈছিল আধাৰশিলা

১১৭ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্র পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব । এই শ্বহীদ স্মাৰক ক্ষেত্রৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল ১৮০ কোটি টকা । ২০২০ চনৰ ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এই শ্বহীদ স্মাৰক ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰিছিল ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

শ্বহীদ স্মাৰক ক্ষেত্রৰ কিছু আভাস

শ্বহীদ স্মাৰক ক্ষেত্রৰ মূল স্তম্ভ তথা স্মাৰকৰ উচ্চতা হ'ব ৬৭.২০ মিটাৰ । ইয়াৰ ভূমি মহলাত আছে আদৰণি কক্ষ আৰু শ্বহীদৰ আৱক্ষ মূৰ্তি । প্ৰথম মহলাত আছে এটা যোগ কেন্দ্ৰ । আনহাতে, ভিউ পইণ্টৰ উচ্চতা ৫১.৬০ মিটাৰ । তদুপৰি আছে চাইকেল চলোৱাৰ বাবে বিশেষ ট্ৰেক । লগতে আছে ৫০০ লোকে একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ ।

পাৰ্কিং, ৱাকিং জ'ন, ছুইমিং আদি সকলো সুবিধা আছে । একেবাৰে ওপৰলৈ উঠি যাবলৈ আছে লিফ্টৰ ব্যৱস্থা । অসমীয়া জাতিৰ হকে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া মহান শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ বুধবাৰে ৰাইজৰ বাবে মুকলি হ'ব ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

শ্বহীদ স্মাৰক ক্ষেত্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

জাতীয় জীৱন সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্র উদ্বোধনৰ প্ৰাকক্ষণত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে পৰিদৰ্শন কৰে । শ্বহীদ স্মাৰক ক্ষেত্র পৰিদৰ্শন কৰি বুধবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱস পালনৰ কেন্দ্রীয় অনুষ্ঠান তথা শ্বহীদ স্মাৰক ক্ষেত্র উদ্বোধনৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ।

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "কাইলৈ পুৱা ১১ বজাত এই শ্বহীদ স্মাৰক ক্ষেত্র মুকলি কৰা হ'ব । আজি বিয়লি ৪ বজাত শ্বহীদ স্মাৰক জ্যোতিত অগ্নিসংযোগ কৰা হ'ব । এই জ্যোতি সদায় প্ৰজ্বলিত হৈ থাকিব ।"

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

শ্বহীদৰ প্ৰতি এয়া এক কৃতজ্ঞতা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰায় ৪৫ বছৰ পিছত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু আন ৮৫৫ গৰাকী শ্বহীদক কৃতজ্ঞ ৰাইজে সন্মান জনাব । এই অনুষ্ঠান অসমৰ প্ৰতিখন জিলাতে ৰাইজে চাব পাৰিব । প্ৰতিখন জিলাতে 'শ্বহীদ প্ৰণামো তোমাক' গীতটো পৰিৱেশন কৰা হ'ব । কাইলৈৰ দিনটো আমাৰ জাতীয় জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । অসম চৰকাৰে শ্বহীদ স্মাৰক বনাই চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে । আমাৰ বাবে গৌৰৱৰ দিন ।"

Swahid Smarak Khetra
বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র' (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে লগতে কয়, "আমি প্ৰায় চাৰিশ শ্বহীদৰ ফটো পোৱা নাই । সেই স্থানসমূহ খালী ৰখা হৈছে । কাৰোবাৰ ফটো আছে যদিও নাম-ঠিকনা নাই । আমি প্ৰায় চাৰিশ শ্বহীদৰ ফটো পোৱা নাই । যাৰ বাবে তেওঁলোকৰ ভায়েক বা ককায়েকক সন্মুখত বহুৱাই তেওঁলোকৰ ফটো প্ৰস্তুত কৰাৰ বাবে আমি এটা প্ৰকল্প লৈছোঁ ।"

লগতে পঢ়ক :চৰাইচোং উৎসৱ: এছিয়াৰ ভিতৰতে প্ৰথম ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস
লগতে পঢ়ক :গুলপীয়া আচ্ছাদনে আৱৰি থকা মাগুৰি মটাপুং বিলত দেশী-বিদেশী পক্ষীৰ ভিৰ