ইতিহাস হোৱাৰ পথত ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়াম: ছয় দশকজোৰা এক পৰিক্ৰমা
১৯৬২ চনত গুৱাহাটীত গঢ় লৈ উঠা নেহৰু ষ্টেডিয়ামে বিগত ৬৩ বছৰত অসমৰ ক্ৰীড়াৰ বহু ঐতিহ্য আৰু সাক্ষ্য বহন কৰিছে । সাংবাদিক মাণিক কুমাৰ ৰয়ৰ প্ৰতিবেদন

Published : December 23, 2025 at 8:20 PM IST
|Updated : December 26, 2025 at 10:00 AM IST
গুৱাহাটী : অসমৰ ক্ৰীড়া ক্ষেত্রখনৰ এক উল্লেখযোগ্য নাম 'নেহৰু ষ্টেডিয়াম' । বিগত ছটা দশক ধৰি অসমৰ ক্ৰীড়াৰ জগতখনত জিলিকি থকা ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়াম এতিয়া ইতিহাস হোৱাৰ পথত । নতুন ৰূপ পাব নেহৰু ষ্টেডিয়ামে । পুৰণি কোনো ধৰণৰ আন্তঃগাঁথনি নাথাকিব নেহৰু ষ্টেডিয়ামৰ । সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব নেহৰু ষ্টেডিয়াম । ইতিমধ্যে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ফিফা অলিম্পিক পৰ্যায়ৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম চৰকাৰৰ কেবিনেটত । নেহৰু ষ্টেডিয়ামখন ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব । হয়তো পৰৱৰ্তী সময়ত নামো সলনি হোৱাৰ সম্ভাৱনা আছে । নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ষ্টেডিয়ামখনত ফুটবল গ্ৰাউণ্ডৰ লগতে ট্ৰায়েল খেলৰ গ্ৰাউণ্ড, ইণ্ড'ৰ ষ্টেডিয়াম, ছুইমিং পুল আদি বিভিন্ন সুবিধা থাকিব ।
এই প্ৰকল্পটোৰ নিবিদা লাভ লাভ কৰিছে এল এণ্ড টি কোম্পানীয়ে । এই প্ৰকল্পটোৰ বাবে অসম চৰকাৰে ৭৬৫ কোটি টকাৰ অনুমোদন জনাইছে । নেহৰু ষ্টেডিয়ামক সামৰি ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পই লাভ কৰিব নতুন ৰূপ ।
সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাকে ধৰি কেইবাগৰাকীও মহান অসমীয়াৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত, বহু সংগ্ৰামৰ পাছত প্ৰতিষ্ঠা হৈছিল নেহৰু ষ্টেডিয়াম । আজিৰ এই প্ৰতিবেদন সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই জন্ম দিয়া নেহৰু ষ্টেডিয়ামৰ ঐতিহ্যক সামৰি প্ৰস্তুত কৰা হৈছে ।

অসমৰ ক্ৰীড়া ক্ষেত্রখনত এই ষ্টেডিয়ামখনৰ অৱদান অনন্য আৰু অতুলনীয় । বহু খেলুৱৈৰ জন্ম দিয়া ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামৰ সকলো দিশ নখদৰ্পণত থকা বিশিষ্ট ক্ৰীড়া সাংবাদিক সুবোধমল্ল বৰুৱাৰে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাতকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

নেহৰু ষ্টেডিয়ামৰ জন্মৰ ইতিহাস
ঐতিহমণ্ডিত নেহৰু ষ্টেডিয়ামৰ জন্মৰ ইতিহাস সন্দৰ্ভত সুবোধমল্ল বৰুৱাই কয়, "১৯৬২ চনৰ ১৬ জুলাইত নেহৰু ষ্টেডিয়াম উদ্বোধন কৰা হৈছিল । ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামকৰণ কৰা হৈছিল । সেই সময়ত গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি ৰাধাগোবিন্দ বৰুৱা আৰু কেইবাগৰাকী ব্যক্তি জড়িত হৈ এই ষ্টেডিয়ামখনৰ জন্ম দিছিল । পিটনিৰ ওপৰত প্ৰায় ৬০ বিঘা ভূমিত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছিল । সেইটো ১৯৫৭-১৯৫৮ চনমানৰ কথা । ইয়াৰ পিছত ১৯৬২ চনত ষ্টেডিয়ামখন মুকলি কৰা হৈছিল ।"

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ষ্টেডিয়াম বুলি উল্লেখ কৰি সুবোধমল্ল বৰুৱাই কয়, "গুৱাহাটী তথা কেৱল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰে সুবৃহৎ আউটড'ৰ ষ্টেডিয়াম । ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ১৯৬২ চনৰ ১৬ জুলাই তাৰিখে । এইটো অসমৰ ক্ৰীড়া ইতিহাসৰ এটি স্মৰণীয় দিন । উদ্বোধন কৰা হয় ভূতপূৰ্ব মুখ্যমন্ত্ৰী আৰু ষ্টেডিয়াম গঢ়ি তোলাৰ পথত অভূতপূর্ব সহায়-সহযোগিতা আগবঢ়োৱা বিমলা প্ৰসাদ চলিহা প্ৰমুখ্যে মন্ত্ৰীমণ্ডলীৰ এখনি প্ৰীতি খেলেৰে । সেই সময়ত এনেধৰণৰ সা-সুবিধা থকা দ্বিতীয়খন ষ্টেডিয়াম অসমত নাছিল ।"

ৰাধাগোবিন্দ বৰুৱা আৰু নেহৰু ষ্টেডিয়াম
তেওঁ কয়, "নেহৰু ষ্টেডিয়ামখনত ফুটবল খেলৰ বাবে দুখনকৈ খেলপথাৰ আছিল । এই ষ্টেডিয়ামখনক লৈ অসমত বহু খেলুৱৈৰ আৱিৰ্ভাৱ হৈছে আৰু অসমৰ ক্ৰীড়াৰ উত্থান ঘটিছিল । এই ষ্টেডিয়ামখন প্ৰতিষ্ঠাৰ আঁৰত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ লগত ৰাজেন্দ্ৰ চন্দ্ৰ চৌধুৰীকে ধৰি বহু স্বনামধন্য ক্ৰীড়া সংগঠক আছিল । ৰাধাগোবিন্দ বৰুৱা মূল গুৰিধৰোঁতা আছিল । ষ্টেডিয়ামখনৰ উন্নতিৰ বাবে ৰাধাগোবিন্দ বৰুৱাই সেই সময়ত মল্লযুদ্ধৰো আয়োজন কৰিছিল । য'ত কিংকং, দাৰা সিঙকে ধৰি প্ৰসিদ্ধ মল্লযোদ্ধাসকল আহিছিল । তাৰ পৰা সংগৃহীত পুঁজিৰে ষ্টেডিয়ামখনৰ উন্নতিসাধন কৰা হৈছিল ।

ৰাধাগোবিন্দ বৰুৱাৰ ত্যাগক স্মৰণ কৰি তেওঁ কয়, "গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ অশেষ কষ্টৰ ফল । যিটো অসমৰ এক গুৰুত্বপূৰ্ণ ক্ৰীড়া কেন্দ্ৰ । য'ত ফুটবল আৰু ক্ৰিকেটৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয় । বিশেষকৈ ৰঞ্জী ট্ৰফী, বৰদলৈ ট্ৰফী আৰু সন্তোষ ট্ৰফীৰ দৰে প্ৰতিযোগিতাই ইয়াত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিছে । এতিয়া ইয়াক আধুনিক ৰূপ দিবলৈ চৰকাৰে পদক্ষেপ লৈছে ।"
উল্লেখ্য যে ১৯৬২ চনত গুৱাহাটীৰ উলুবাৰীত গঢ় লৈ উঠা নেহৰু ষ্টেডিয়ামখনে বিগত ৬৩ বছৰে অসমৰ ক্ৰীড়াৰ বহু ঐতিহ্য বহন কৰিছে ।

বহু সা-সুবিধাৰে মহিমামণ্ডিত নেহৰু ষ্টেডিয়াম
সমগ্ৰ নেহৰু ষ্টেডিয়ামখনতে যথেষ্ট সা-সুবিধা আছে । এই সন্দৰ্ভত সুবোধমল্ল বৰুৱাই কয়, "সেই সময়ত ইণ্ড'ৰ ষ্টেডিয়াত বেটমিণ্টন, টেবুল টেনিছ আৰম্ভ হৈছিল । ফুটবল আৰু ক্ৰিকেট খেলাৰ উপৰি হকী খেল হৈছিল । টেনিছ ক'ৰ্ট আছে । শ্বুটিং ৰেঞ্জ আছে । এতিয়াৰ ইণ্ড'ৰ ষ্টেডিয়ামত জিনমাষ্টিকছ, টাইকোৱানডো, জুডো, বাস্কেট বল আদিৰ ব্যৱস্থা আছে । তদুপৰি. আৰ্ছাৰী, ছুইমিং আদি খেলৰ ব্যৱস্থা আছে । স্কোৱাছ ক'ৰ্ট আছে । এই সকলোবিলাকক সামৰি নেহৰু ষ্টেডিয়ামৰ কমপ্লেক্সটো গঢ় লৈছিল ।"
তেওঁ লগতে কয়, "এই গোটেই চৌহদটোক ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামকৰণ কৰা হৈছিল । ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ভিতৰতে আছে নেহৰু ষ্টেডিয়াম । সেইদৰে তিনিটাকৈ ইণ্ড'ৰ ষ্টেডিয়াম আছে । কনকলতা ইণ্ড'ৰ ষ্টেডিয়াম, তৰুণৰাম ফুকন ইণ্ড'ৰ ষ্টেডিয়াম আৰু এবিটা ইণ্ড'ৰ ষ্টেডিয়াম । এই ক্ৰীড়া প্ৰকল্পত অসমৰ প্ৰায় সকলোবোৰ ৰাজ্যিক ক্ৰীড়া সংগঠনৰ কাৰ্যালয় ইয়াতে আছে । নেহৰু ষ্টেডিয়ামত ২৫ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰাৰ ব্যৱস্থা আছে ।"

নেহৰু ষ্টেডিয়ামত হোৱা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল
এই সন্দৰ্ভত সুবোধমল্ল বৰুৱাই কয়, "নেহৰু ষ্টেডিয়ামত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল ১৯৮৩ চনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল । কিন্তু তাৰ পূৰ্বে ইণ্টাৰনেচনেল খেল এখন হৈছিল । প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল ১৯৮৩ চনত হৈছিল । তাৰ পাছত নেহৰু ষ্টেডিয়ামত প্ৰায় ১৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল ।"

নেহৰু ষ্টেডিয়াম আৰু বৰদলৈ ট্ৰফী
নেহৰু ষ্টেডিয়ামৰ আন আন খেলৰ প্ৰসংগত সুবোধমল্ল বৰুৱাই কয়, "ক্ৰিকেটৰ উপৰি নেহৰু ষ্টেডিয়ামত বিভিন্ন টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল । বৰদলৈ ট্ৰফীৰ মেইন খেলখন নেহৰু ষ্টেডিয়ামতে হৈছিল । ফেডাৰেচন কাপ হৈছিল ১৯৭৯ চনত । ১৯৭৬ চনত অসমৰ ফুটবল ইতিহাসৰ আটাইতকৈ স্মৰণীয় গ'লটো গিলবাৰ্টছন চাংমাই দিছিল । ফুটবলৰ ক্ষেত্রত নেহৰু ষ্টেডিয়ামত খেলিবলৈ ছোভিয়েট ইউনিয়ন, মস্কো আদি ৰাষ্ট্ৰৰ টীম আহিছিল ।"

বিদেশী দলৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁ কয়, "বৰদলৈ ট্ৰফীৰ মাজেৰে বহু আন্তঃৰাষ্ট্ৰীয় ফুটবল টীম আহিছিল । আন্তঃৰাষ্ট্ৰীয় খেল নহ'লেও বৰদলৈ ট্ৰফীত বাংলাদেশ, থাইলেণ্ড, ইৰাণ, উজবেকিস্তান আদি বিভিন্ন দেশৰ দল আহি খেলিছিল । কিন্তু ইণ্টাৰনেচনেল ফুটবল মেচ হোৱা নাই । সন্তোষ ট্ৰফী হৈছ । বৰদলৈ ট্ৰফী আৰম্ভ হৈছিল ১৯৫২ চনত আৰু নেহৰু ষ্টেডিয়াম হৈছিল ১৯৬২ চনত । ১৯৬২ চনৰ পৰাই বৰদলৈ ট্ৰফী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈ আহিছিল ।"
তেওঁ কয়, "আচলতে গুৱাহাটীৰ খেলৰ বিন্দুটো নিয়ন্ত্রণ কৰিছিল বৰদলৈ ট্ৰফীয়ে আৰু গুৱাহাটীখন খেলৰ ক্ষেত্রখনত বেছি পৰিচিত হৈ পৰিছিল বৰদলৈ ট্ৰফীৰ মাজেৰে । বৰদলৈ ট্ৰফীৰ খেলসমূহ অনুষ্ঠিত হৈছিল নেহৰু ষ্টেডিয়ামত । বৰদলৈ ট্ৰফী আৰু নেহৰু ষ্টেডিয়ামৰ এৰাব নোৱৰা সম্পৰ্ক এটা আছে । এটা সময়ত বৰদলৈ ট্ৰফী অসমৰ বছৰৰ এটা উৎসৱলৈ পৰিণত হৈ পৰিছিল । ফুটবলৰ ক্ষেত্রত নেহৰু ষ্টেডিয়ামত বৰদলৈ ট্ৰফীৰ উপৰি ফেডাৰেচন কাপ, সন্তোষ ট্ৰফী আদি হৈছে । নেহৰু ষ্টেডিয়ামক লৈ আমাৰ বহুত স্মৃতি আছে ।"

অসমৰ খেলৰ কেন্দ্ৰবিন্দু নেহৰু ষ্টেডিয়াম
নেহৰু ষ্টেডিয়ামৰ প্ৰসংগত সুবোধমল্ল বৰুৱাই কয়, "অসমৰ ক্ৰীড়াৰ ক্ষেত্রখনত নিশ্চিতভাৱে নেহৰু ষ্টেডিয়াম কেন্দ্ৰবিন্দু আছিল । কাৰণ অসমত হোৱা আন্তঃৰাষ্ট্ৰীয় নাইবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহৰ বেছিভাগেই নেহৰু ষ্টেডিয়ামত হৈছিল । সেইবাবে নেহৰু ষ্টেডিয়াম অসমৰ ক্ৰীড়াৰ প্ৰাণ তথা কেন্দ্ৰবিন্দু আছিল । ক্ৰীড়াৰ প্ৰতিটো উত্থান নেহৰু ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছিল ।"

নেহৰু ষ্টেডিয়ামৰ স্বৰ্ণিল ইতিহাস সুঁৱৰি তেওঁ কয়, "আটাইতকৈ ডাঙৰ কথা যে অসমৰ ফুটবল ইতিহাসত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে এবাৰে সোণৰ পদক লাভ কৰিছিল । সেই খেলখন ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত হৈছিল । অসম আৰু তামিলনাডুৰ মাজত ফাইনেল খেলখন হৈছিল আৰু খেলখন নেহৰু ষ্টেডিয়ামত হৈছিল ।"
নামী-দামী তাৰকা খেলুৱৈৰ স্মৃতি বহন কৰা নেহৰু ষ্টেডিয়াম
নেহৰু ষ্টেডিয়ামৰ ইতিহাস সুঁৱৰি সুবোধমল্ল বৰুৱাই কয়, "অসমৰ ক্ৰিকেট ইতিহাসত নেহৰু ষ্টেডিয়ামৰ বহু স্মৃতি আছে । ১৯৮৩ চনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল । শেষৰখন খেল সম্ভৱত ২০১০ চনত হৈছিল ভাৰত আৰু নিউজীলেণ্ডৰ মাজত । নেহৰু ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰ, ব্ৰায়ান লাৰা, ভিভিয়ান ৰিছাৰ্ডছ, আছিফ ইকবাল, ক্লাইভ লয়ড, কপিল দেৱ, কাৰ্ল হুপাৰ, ষ্টিভ ৱ', এলেন ডোনাল্ড, সনথ জয়সূৰ্য, সুনীল গাভাস্কাৰ, সৌৰভ গাংগুলী, কাৰ্টনী ৱালছ, আদম পেৰোৰা, এণ্ড্ৰিউ ফ্লাৱাৰৰ উপৰি বিশ্বৰ বহু মহান ক্ৰিকেটাৰৰ স্মৃতি সজীৱ হৈ আছে ।"

তেওঁ লগতে কয়, "সেই সময়ৰ ক্ৰিকেটৰ প্ৰায় সকলো তাৰকা খেলুৱৈয়ে নেহৰু ষ্টেডিয়ামত খেলিছে । সকলো বিখ্যাত খেলুৱৈয়ে আহিছিল । ক্ৰীড়াৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী আৰু উৎসৱৰ বাবেও এই নেহৰু ষ্টেডিয়ামৰ বিশেষ অৱদান আছে । অসমৰ ক্ৰীড়া সংস্কৃতি গঢ় দিয়াত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । নেহৰু ষ্টেডিয়ামত লতা মংগেশকাৰ, মহম্মদ ৰফী, সুমন কল্যাণপুৰ অদি নামী-দামী তাৰকা, খেলুৱৈ, ৰাজনৈতিক নেতা, সামাজিক ব্যক্তি আহিছিল ।"

নতুন ষ্টেডিয়ামক লৈ নতুন আশা
নেহৰু ষ্টেডিয়ামক লৈ থকা আবেগিক অনুভৱ ব্যক্ত কৰি সুবোধমল্ল বৰুৱাই কয়, "নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ষ্টেডিয়ামখন আটকধুনীয়া হওক তাৰেই কামনা কৰোঁ । সময়ৰ গতিত সলনিৰ প্ৰয়োজন আছে । ষ্টেডিয়ামখন যেতিয়া নিৰ্মাণ কৰা হৈছিল তেতিয়া বিশেষ পৰিকল্পনা নাছিল । প্ৰয়োজনৰ বাবে চৌহদটোত য'তে-ত'তে নিৰ্মাণ কাৰ্য হৈছে । আমি বিচাৰোঁ ভালদৰে নিৰ্মাণ হওক ।"
নেহৰু ষ্টেডিয়ামত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল
নেহৰু ষ্টেডিয়ামত ১৪খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছে । প্ৰথমখন ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হৈছিল । জয়ী হৈছিল ৱেষ্ট ইণ্ডিজ । ১৯৮৭ চনৰ ১১ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত মেচখন অনুষ্ঠিত হৈছিল । একেটা বছৰৰ ২৩ ডিচেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজত হৈছিল । ১৯৯৩ চনৰ ২৩ মাৰ্চত ভাৰত আৰু জিম্বাবৱেৰ মাজত এদিনীয়া আন্তৰ্জাতিক মেচ অনুষ্ঠিত হৈছিল ।
সেইদৰে ১৯৯৩ চনৰ ১৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত মেচ হৈছিল । ১৯৯৪ চনৰ ১ নৱেম্বৰত ৱেষ্ট ইণ্ডিজ আৰু নিউজীলেণ্ডৰ মাজত খেলা হৈছিল । ১৯৯৬ চনৰ ১ নৱেম্বৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত খেল হৈছিল । ১৯৯৭ চনৰ ২২ ডিচেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত খেল হৈছিল । ১৯৯৯ চনৰ ১৪ নৱেম্বৰত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত খেল হৈছিল ।
আনহাতে, ২০০২ চনৰ ১৯ মাৰ্চত ভাৰত আৰু জিম্বাবৱেৰ মাজত খেল হৈছিল । ২০০৩ চনৰ ৯ নৱেম্বৰত অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজত খেল হৈছিল । নেহৰু ষ্টেডিয়ামত অন্তিমখন এদিনীয়া আন্তৰ্জাতিক খেল ২০১০ চনৰ ২৮ নৱেম্বৰত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল । মেচখনত ভাৰতে ৪০ ৰাণত জয়ী হৈছিল ।

ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পই পাব নতুন ৰূপ
ৰাজ্য তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বহু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰোৱা ষ্টেডিয়ামখনক এতিয়া নতুন ৰূপ দিয়া হ'ব । ২৫ ডিচেম্বৰৰ পৰাই ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব । ইতিমধ্যে অসম ক্রীড়া ব'ৰ্ডে নেহৰু ষ্টেডিয়ামৰ গ্ৰাউণ্ডত সকলো ধৰণৰ ক্ৰীড়া অনুশীলন, মেচ বন্ধ ৰখাৰ নিৰ্দেশ দিছে । একেধৰণে ২৫ ডিচেম্বৰৰ ভিতৰত আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা সকলো কার্যালয় খালী কৰাৰ জাননী জাৰি কৰিছে ।
নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ষ্টেডিয়ামখনত অত্যাধুনিক সকলো সা-সুবিধা উপলব্ধ হ'ব । বিশেষকৈ গ্রাউণ্ডখন ২২-২৫ হাজাৰ ক্ষমতা বিশিষ্ট হোৱাৰ উপৰি ফিফাৰ মানবিশিষ্ট কৰা হ'ব । ক্রীড়া প্ৰকল্পত ৪টা ব্লক থাকিব । বিভিন্ন ক্রীড়া সন্থাৰ কাৰ্যালয়, ক্রীড়া সঞ্চালকালয়ৰ কাৰ্যালয়, স্প'ৰ্টছ হোষ্টেল, প্রায় ১,৫০০ বাহনৰ পাৰ্কিংস্থলী, প্ৰেক্ষাগৃহ, ইণ্ড'ৰ গেমছৰ অনুশীলনৰ সুবিধা, কমাৰ্চিয়েল ব্লক, ফুটবলৰ অনুশীলন গ্রাউণ্ড, বেডমিণ্টন, টেবুল টেনিছ, মাৰ্চিয়েল আৰ্টছ, ছুইমিং পুল আদিৰ ব্যৱস্থা থাকিব ।

বেডমিণ্টন, টেবুল টেনিছ, মাৰ্চিয়েল আৰ্টছৰ বাবে ১,০০০ আসন বিশিষ্ট ইণ্ড'ৰ হল নিৰ্মাণ কৰা হ'ব । নতুনকৈ হ'বলগীয়া ক্রীড়া প্ৰকল্পটোত জি-১২ বিল্ডিং নির্মাণ কৰা হ'ব । বৰ্তমানৰ তিনিটা ইণ্ড'ৰ ষ্টেডিয়ামৰ উপৰি স্কোৱাছ ক'ৰ্ট, বিমলা প্ৰসাদ চলিহা ছুইমিং পুল, টেনিছ ক'ৰ্ট, বাস্কেট বল ক'ৰ্ট আদি ভাঙি পেলোৱা হ'ব ।
এই নেহৰু ষ্টেডিয়ামত ১৪ খনকৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্রিকেট, ৰঞ্জী ট্ৰফী, দুলীপ ট্ৰফী, দেওধৰ ট্ৰফী, লোকপ্ৰিয় বৰদলৈ ট্ৰফী, গুৱাহাটী ক্রীড়া সন্থাৰ বিভিন্ন লীগ মেচ, সন্তোষ ট্রফী, ফেডাৰেচন কাপ, ২০০৭ চনত ৰাষ্ট্ৰীয় ক্রীড়া গেমছ অনুষ্ঠিত হৈছিল । এতিয়া এইবোৰ স্মৃতি বুকুত বান্ধি এক নতুন যাত্ৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ গৌৰৱ নেহৰু ষ্টেডিয়াম । পুৰণি স্মৃতি এতিয়া মাথোঁ হ'ব এক নষ্টাল'জিয়া ।


