ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ
এই চুক্তিয়ে সমগ্ৰ অসমতে আন্তঃগাঁথনি উন্নয়ন, আধুনিকীকৰণৰ পদক্ষেপ আৰু উন্নত যাত্ৰী সেৱাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ।

Published : February 28, 2026 at 12:51 PM IST
গুৱাহাটী : ৰাজ্যৰ বিমান পৰিবহণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ এক বিশেষ পদক্ষেপ । বৃহস্পতিবাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অসম চৰকাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । ৰাজ্যত বিমান সংযোগ বৃদ্ধিৰ বাবে এই বুজাবুজিৰ চুক্তিত ৰাজ্য চৰকাৰে স্বাক্ষৰ কৰে ।
শুকুৰবাৰে সন্ধিয়া দিছপুৰ লোক সেৱা ভৱনৰ কনফাৰেন্স হলত ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ উভয়ৰে উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ।
এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ অৰ্থনৈতিক বিকাশ, পৰ্যটন খণ্ড আৰু সামগ্ৰিক উন্নয়নত সহায় কৰিবলৈ বিমানবন্দৰৰ সুবিধা সম্প্ৰসাৰণ আৰু আঞ্চলিক সংযোগ উন্নত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।
বিষয়াসকলে জনোৱা মতে, এই চুক্তিয়ে সমগ্ৰ অসমতে আন্তঃগাঁথনি উন্নয়ন, আধুনিকীকৰণৰ পদক্ষেপ আৰু উন্নত যাত্ৰী সেৱাৰ বাবে ৰাজ্যিক প্ৰশাসন আৰু ৰাষ্ট্ৰীয় বিমান পৰিবহণ কৰ্তৃপক্ষৰ মাজত সমন্বিত প্ৰচেষ্টাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ।
উক্ত অনুষ্ঠানত সংবাদ মাধ্যমৰ সন্মুখত আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধি, বিমান পৰিবহণৰ বিষয়াৰ উপস্থিতিত দুয়োপক্ষৰ মাজত চুক্তি স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে নথি-পত্ৰৰ আদান-প্ৰদান কৰা হয় ।
ৰাজ্যখনক উত্তৰ-পূবৰ মূল দুৱাৰমুখ হিচাপে স্থান দিয়াৰ যি বিস্তৃত প্ৰচেষ্টা তাৰৰ সৈতে সংগতি ৰাখি এই সহযোগিতাই অসমৰ সংযোগৰ উচ্চাকাংক্ষাক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।
উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে অসমত বিমান সেৱাৰ মান উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন অত্যাধুনিক টাৰ্মিনেল উদ্বোধনৰ পিছৰে পৰা ৰাজ্যৰ বিমান পৰিবহণ ক্ষেত্ৰখনত এক নতুন মাইলৰ খুঁটি স্থাপন হৈছে ।

