অৱসৰ বিনোদন হ'ব মহঙা, পাৰ্কত সোমালেই লাগিব ধন
বিনামূলীয়া প্ৰৱেশৰ দিন উকলিল, সকলো পাৰ্কতে দিব লাগিব প্ৰৱেশ মাচুল, কোন পাৰ্কৰ কিমান মাচুল ? পঢ়ক এই প্ৰতিবেদন ।

Published : June 28, 2026 at 10:05 AM IST
গুৱাহাটী: বিনামূলীয়াৰ দিন উকলিল । এতিয়াৰ পৰা প্ৰৱেশ কৰিলে দিব লাগিব মাচুল । হয়, গুৱাহাটীৰ পাৰ্কৰ কথাই কোৱা হৈছে । গুৱাহাটীৰ অত্যাধুনিক উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যান মুকলি হোৱা দিনৰে পৰা বিনামূলীয়া প্ৰৱেশৰ সুবিধা আছিল । কিন্তু অহা ৫ জুলাইৰ পৰা পাৰ্কখনত প্ৰৱেশ কৰিলে দিব লাগিব মাচুল ।
প্ৰত্যেকজনৰ বাবে মাচুল ধাৰ্য কৰা হৈছে ৬০ টকা । কেৱল সতী ৰাধিকা শান্তি উদ্যানেই নহয় গুৱাহাটীৰ আন পাৰ্কৰ ক্ষেত্রতো মাচুল নিৰ্ধাৰণ কৰি দিলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জিএমডিএই । ৫ জুলাইৰ পৰা পাৰ্ক সমূহত প্ৰৱেশ কৰিলে জিএমডিএই নিৰ্দিষ্ট কৰি দিয়া মাচুল আদায় দিব লাগিব ।
বিনামূলীয়া প্ৰৱেশ ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জিএমডিএ কৰ্তৃপক্ষই । অৱশ্যে পুৱা ৬ বজাৰ পৰা পুৱা ১০ বজালৈ প্ৰাতঃভ্ৰমণৰ ক্ষেত্রত মাচুল দিব নালাগে । সেইদৰে ৯ বছৰৰ তলৰ শিশু, ৭৫ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ।
জিএমডিএই বিভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি মাচুলসমূহ নিৰ্ধাৰণ কৰিছে । নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ পৰা পাৰ্ক সমূহৰ নতুন মাচুল কাৰ্যকৰী হ'ব । ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ১৫০ টকালৈকে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে । ইফালে গুৱাহাটী ৰ'পৱেৰ ক্ষেত্রত ২৫০ টকা মাচুল ধাৰ্য কৰা হৈছে ।
জিএমডিএই জাৰি কৰা উদ্যানসমূহৰ নতুন মাচুল :
- উজানবজাৰৰ যোৰ পুখুৰী পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা
- শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা
- আমবাৰীৰ শ্বহীদ উদ্যানৰ প্ৰৱেশ মাচুল ২৫ টকা
- শুৱালকুচীৰ বস্ত্র উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা

- হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
- আদাবাৰীৰ অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
- চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা
- পানবজাৰৰ নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা
- ফাঁচীবজাৰৰ বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা

- উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল ৬০ টকা
- পানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পাৰ্কৰ প্ৰৱেশ মাচুল ৬০ টকা
- পানবজাৰৰ মহাবাহু ব্ৰহ্মপুত্র ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰৱেশ মাচুল ১৫০ টকা
- পানবজাৰৰ গুৱাহাটীৰ ৰ'পৱেৰ প্ৰৱেশ মাচুল ২৫০ টকা
জিএমডিএ কৰ্তৃপক্ষৰ মতে উদ্যানসমূহৰ আধুনিকীকৰণ, চাফ-চিকুণতা আৰু উন্নত জনসেৱা নিশ্চিত কৰিবলৈ এই মাচুল ধাৰ্য কৰা হৈছে ।

