ETV Bharat / state

মোমাই তামুলী বৰবৰুৱা পাহৰণিৰ গৰ্ভত নেকি ?  ১৪৭ বিঘা ভূমিত বেদখল

বেদখলকাৰীৰ কবলত গোলাঘাটৰ সেই বিশেষ স্থান ৷ এক বিশেষ প্ৰতিবেদন ।

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
কেনে আছে মোমাই তামুলী বৰবৰুৱাই পতা বাৰীখন ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 8:17 PM IST

|

Updated : July 8, 2026 at 8:38 PM IST

6 Min Read
Choose ETV Bharat

গোলাঘাট: আহোম ৰাজত্বকালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা বিষয়াজনৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। গোলাঘাট জিলাৰ লগত মোমাই তামুলী বৰবৰুৱাৰ আছে এক বিশেষ সম্বন্ধ ।

কিয়নো গোলাঘাটৰ জিলাৰ বৰ্তমানৰ খুমটাই সমষ্টিৰ চাৰিঙীয়া অঞ্চলত স্বৰ্গদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাক ১৪৭ বিঘা ভূমিত বাৰী পাতি বসবাস কৰিবলৈ দিছিল । এই ভূমিত তেওঁ ঢাপ পাতি বাৰী পতাৰ প্ৰথা আৰম্ভ কৰিছিল ।

কেনেদৰে আছে মোমাই তামুলী বৰবৰুৱাই পতা বাৰীখন ? (ETV Bharat Assam)

কোন এই মোমাই তামুলী বৰবৰুৱা

গোলাঘাট জিলাৰ মহুৰামুখ হোলমাৰীত স্বৰ্গদেউ চুক্লেংমুঙে শাসন চলাই থাকোঁতে কমাৰগাঁৱৰ তামুলী গাঁৱত বসবাস কৰিছিল সেই সময়ৰ তামুলী লাফ লাই লুফ । ১৫৯০ চনত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল আৰু শিশুটিৰ নাম ৰখা হৈছিল শুকুতি । শিশু অৱস্থাৰ পৰাই শুকুতি সকলো দিশতে পাকৈত আছিল তথা অত্যন্ত শান্ত, ৰক্ষণশীল আৰু সংযতভাৱে কাম কৰা বিধৰ আছিল । তেৱেঁই পৰৱৰ্তী সময়ত পৰিচিত হয় মোমাই তামুলী বৰবৰুৱা নামেৰে ৷

মোমাই তামুলী বৰবৰুৱাৰ কৰ্মজীৱন

মোমাই তামুলী বৰবৰুৱাৰ কৰ্মদক্ষতাৰ প্ৰতি আকৰ্ষিত হৈ স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁক 'মোমাই' হিচাপে নিযুক্তি দিয়ে । তেওঁ ৰাজসভাত নিযুক্তি লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে পাইক প্ৰথা আৰম্ভ কৰিছিল ।

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
সংৰক্ষণৰ অভাৱত মোমাই তামুলী বৰবৰুৱাই পতা বাৰীখন (ETV Bharat Assam)

মোমাই তামুলী বৰবৰুৱাই নতুন নিয়ম বান্ধিছিল যে চাৰিজন পাইকেৰে একোটা গোট গঠন হ'ব । চাৰিজন পাইকক ক্ৰমে মূল, দেৱাল আৰু তেৱাল এইদৰে চিন ৰখা হ'ব । একোটা গোটৰ এজন সদস্য়ই ৰজাৰ বাবে চাৰিমাহকৈ গা-খাটি দিব লাগিছিল । অৰ্থাৎ চাৰিওজন পাইকে গাইপতি চাৰিমাহকৈ ৰজাৰ বাবে কাম কৰিব লাগিছিল ।

গোটটোৰ দুজন পাইক ৰজাৰ ঘৰলৈ কাম কৰিবলৈ গ'লে বাকী দুজনে তেওঁৰ ঘৰখন চোৱা-চিতা কৰিছিল । পাইকসকলক গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল । তেনে মাটিক গা-মাটি বোলা হৈছিল । পাইকবোৰ চোৱা-চিতা কৰিবলৈ বিভিন্ন বিষয়াক দায়িত্ব দিয়া হৈছিল । এনেদৰে মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ সেই সময়ত কিছুমান বিশেষ বিশেষ গাঁও স্থাপন কৰিছিল ৷ যেনে মাটিৰ সামগ্ৰী তৈয়াৰ কৰা সকলৰ বাবে কুমাৰ গাঁও । চেলেং বোৱা তৈয়াৰ কৰা লোকসকলৰ বাবে চেলেঙী গাঁও, হাল বোৱা লোকসকলৰ বাবে হালোৱা গাঁও, হাবিত থকা লোকসকলৰ বাবে হাবিয়াল গাঁও আদি ।

বৰ্তমান মোমাই তামুলী বৰবৰুৱাৰ বাৰী কেনে অৱস্থাত আছে ?

কিন্তু পৰিতাপৰ বিষয় যে আজি এই ঐতিহাসিক মোমাই তামুলী বৰবৰুৱা বাৰী বেদখলকাৰীৰ কবলত পৰি অস্তিত্বৰ সংকটত পৰিছে । কিয়নো ১৪৭ বিঘা মাটিত আহোম ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাই পতা বাৰী কিছুমান লোকে অস্থায়ীভাৱে কৃষি-কৰ্ম কৰিছে আৰু কিছু লোকে চাহ খেতিৰ জৰিয়তে নিজৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
বেদখলকাৰীৰ কবলত সেই বিশেষ স্থান (ETV Bharat Assam)

এই সম্পৰ্কে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দীনেশ গগৈয়ে কয়, "মোমাই তামুলী বৰবৰুৱাৰ প্ৰকৃত নাম আছিল শুকুতি । আহোম ৰাজত্বকালৰ সেই সময়ত স্বৰ্গদেউ চুক্লেংমুঙে গোলাঘাট জিলাৰ মহুৰামুখ শোলমাৰীত ৰাজধানী পাতি শাসন কৰিছিল আৰু তেওঁৰ লগত আছিল ব্যক্তিগত সচিব বা তামুলী আছিল তেওঁৰ নাম আছিল লাফ লাও লুফ । এই লাফ লাও লুফ বাস কৰিছিল কমাৰগাঁৱৰ তামুলী গাঁৱত ।"

গগৈয়ে কয়,"তেওঁ বসবাস কৰা সেই তামুলী গাঁৱত এজন পুত্ৰ সন্তান জন্ম হৈছিল যাৰ নাম আছিল শুকুতি যাক আমি পৰৱৰ্তী সময়ত মোমাই তামুলী বৰবৰুৱা বুলি জানিবলৈ পাওঁ । এদিন স্বৰ্গদেউ প্ৰতাপ সিংহই সেই অঞ্চলৰে গৈ থাকোঁতে এজন মানুহে খুব সুন্দৰকৈ জেওৰা দি থকা দেখি ৰজাই তেওঁক ৰাজসভালৈ মাতি পঠিয়াইছিল ।"

প্ৰাক্তন অধ্যাপকগৰাকীয়ে আৰু কয়,"সেইমতে মোমাই তামুলী বৰবৰুৱাই বিহৰা বিলৰ পৰা কেইটামান হাঁহ ধৰি ৰাজসভালৈ যোৱাৰ পাছত ৰজাই এই হাঁহ কেনেকৈ ধৰিলে বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল- মই বিলত থকা মেটেকাৰ মাজত সোমাই অকল নাক উলিয়াই লাহে লাহে হাঁহকেইটাৰ ওচৰত গৈ ঠেঙত ধৰি হাঁহকেইটা আপোনালৈ আনিলোঁ ।"

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
এতিয়া নাই ফলকখনো (ETV Bharat Assam)

আনহাতে, লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে তেওঁ কয়, "মোমাই তামুলী বৰবৰুৱা চাৰিঙীয়া অঞ্চলত বসবাস কৰি থাকোঁতে, এই অঞ্চলত বসবাস কৰি আছিল সেই সময়ত লাচিত বৰফুকনৰ জন্ম হৈছিল । এই সম্পৰ্কে ড৹ সূৰ্য কুমাৰ ভূঞাৰ এখন গ্ৰন্থত স্পষ্টকৈ উল্লেখ আছে যে মোমাই তামুলী বৰবৰুৱাৰ বাৰীত থাকি লাচিত বৰফুকনে ৰাজনীতি, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি সকলো জ্ঞান অৰ্জন কৰিছিল । ইয়াৰ পৰা এটা কথা আমি ক'ব পাৰোঁ যে লাচিত বৰফুকনৰ জন্ম গোলাঘাটত হৈছিল ।"

মোমাই তামুলী বৰবৰুৱাৰ সেই সময়ত কিছু আভাস

এই সম্পৰ্কে প্ৰাক্তন অধ্যাপক দীনেশ গগৈয়ে আৰু কয়, "বিশেষকৈ দৈয়াং ধনশিৰি গিলখিৰি উপত্যকাত মোমাই তামুলী বৰবৰুৱাৰ বহু অৱদান আছিল । তেওঁ দৈয়াং উপত্যকাক তিনিটা ভাগত বিভক্ত কৰিছিল ওপৰ দৈয়াং, নাম দৈয়াং আৰু বচা দৈয়াং ৷ তাৰ পাছত তেওঁ চাৰিঙীয়া বেতিয়নী অঞ্চলক সামৰি মাজ দৈয়াং হিচাপে ভাগ কৰি লৈছিল ।

ইয়াৰ উপৰিও তেওঁ পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল পাইক প্ৰথা । ৰজাঘৰৰ কাম কৰি দিয়াৰ বাবদ তেওঁলোকে ৰজাঘৰৰ সুবিধা লাভ কৰিব । আনহাতে সেই সময়ত গোলাঘাট জিলাৰ ভিতৰুৱা পথসমূহ নিৰ্মাণ কৰিছিল । তাৰ উদাহৰণ মেৰাপানীৰ পৰা এটা বৰবৰুৱা পথ এতিয়াও আছে ।"

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
দল-সংগঠনে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে মোমাই তামুলী বৰবৰুৱাৰ বাৰীত চলা বেদখল সন্দৰ্ভত তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক অংকুৰ কোঁৱৰে কয়, "অসম চৰকাৰে লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ । কিন্তু লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাই পতা বাৰী আজি বেদখলকাৰীৰ কবলত আছে ।"

The garden set up by Momai Tamuli Borbaruah, now seized by encroachers
বেদখলকাৰীৰ খেতি (ETV Bharat Assam)

তেওঁ কয়, "অসমৰ বিভিন্ন ঠাইত আহোম ৰাজত্বকালত সমল থকা ঠাইসমূহ একাংশই বেদখল কৰিবলৈ আৰম্ভ কৰিছে । গোলাঘাট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ- মোমাই তামুলী বৰবৰুৱাৰ এই বাৰী বেদখল মুক্ত কৰিবলৈ । কিন্তু পৰিতাপৰ বিষয় যে এইক্ষেত্ৰত কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই ।"

লগতে পঢ়ক: পথ নিৰ্মাণৰ নামত দুৰ্নীতি ! জিলা পৰিষদৰ সদস্যাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

৩৮ কিঃমিঃ অসম-বাংলাদেশ সীমা কিয় উন্মুক্ত ? তাৰ কাৰণ ক'লে মন্ত্ৰী অতুল বৰাই

Last Updated : July 8, 2026 at 8:38 PM IST