ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত পাঁচদিনীয়া দৌলোৎসৱৰ শুভাৰম্ভ
মাৰ্চৰ তিনি তাৰিখ মঙলবাৰে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ বাবে দৰ্শনাৰ্থীৰ বাবে বিয়লি ৩ বজালৈ মহাপ্ৰভুক দৰ্শন কৰিব পাৰিব ।

Published : March 2, 2026 at 8:58 PM IST
উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত এইবেলি ২ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে । শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৰুৱা, প্ৰধান সম্পাদক(প্ৰশাসন) পবিত্ৰ বৰুৱা, সম্পাদক (প্ৰশাসন) গণেশ দাসে সদৰি কৰা অনুসৰি ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মেঘ দাহ পৰ্বৰে দৌলোৎসৱ কাৰ্যসূচী শুভাৰম্ভ হ'ব ।
২ মাৰ্চৰ সন্ধিয়া মহাপ্ৰভুক ধৰ্মীয় পৰম্পৰাৰে মূল মণিকূটৰ পৰা উলিয়াই আনি দৌলোৎসৱৰ ৰভাঘৰত সিংহাসনত আৰোহণ কৰা হ'ব । ইয়াৰ পাছতেই মেঘদাহ পৰ্বৰ বাবে মহাপ্ৰভুক সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খেৰেৰে সু-সজ্জিত ভেলাঘৰত স্থাপন কৰি নাম কীৰ্তন কৰি হোমৰ পাছত মেঘ দাহ পৰ্ব সমাপন কৰা হ'ব । মেঘ দাহ পৰ্বৰ অন্তত দৌলঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণৰ পাছত বিগ্ৰহ দৌলত আৰোহণ কৰা হ'ব ।

দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৬.৩০ বজাত মহাপ্ৰভুক নিত্যস্নানৰ পাছতেই মহাপূজা আৰম্ভ হ'ব । ভকতসকলৰ নাম কীৰ্তন, ভাগৱত আৰু কীৰ্তন পাঠ, আয়তীসকলৰ নাম প্ৰসংগৰ উপৰিও আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী সুমন দাস আৰু মণ্টু ডেকাৰ দলে নাগাৰা নাম পৰিবেশন কৰিব । দিনৰ ১২.৩০ বজাত প্ৰথমবাৰৰ বাবে মহাপ্ৰভুক সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে ফাকু দিয়া পৰ্ব আৰম্ভ হোৱাৰ লগতে হোম আৰম্ভ হ’ব । হোমৰ অন্তত মহাপ্ৰভুক ভোগ উচৰ্গা কৰা হ'ব ।
সন্ধিয়া ৮.৩০ বজাত দ্বিতীয়বাৰৰ বাবে মহাপ্ৰভুক ফাকু প্ৰদান কৰাৰ লগতে হোমাহুতি অনুষ্ঠান সমাপন কৰি দৌল গোবিন্দ প্ৰভুক ৰাজহুৱা সেৱা আশীৰ্বাদ অনুষ্ঠানৰ পাছতেই প্ৰসাদ বিতৰণ কৰা হ'ব । মাৰ্চৰ চাৰি তাৰিখে পুৱা মহাপ্ৰভুৰ নিত্য স্নানৰ পাছত ভকত বৈষ্ণৱসকলৰ নাম প্ৰসংগৰ উপৰিও আয়তীসকলৰ নাম প্ৰসংগৰে মন্দিৰ প্ৰাংগণ ভক্তিৰসেৰে মুখৰিত হৈ থাকিব । পুৱা ৯.৩০ বজাত মহাপূজা আৰম্ভ হ'ব । আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী বাইহাটা চাৰিআলিৰ অৰবিন্দ কুমাৰ আৰু ডিমুৰ দ্বীপেন কলিতাই নাগাৰা নাম পৰিবেশন কৰিব । ১১.৩০ বজাত মহাপ্ৰভুক ভোগ উচৰ্গাৰ পাছতেই প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হ'ব । দুপৰীয়াৰ ভাগত ভক্তসকলৰ বাবে অন্ন গ্ৰহণ ব্যৱস্থা থাকিব । সন্ধিয়ালৈ আৰতিৰ প্ৰসাদ বিতৰণৰ পাছত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব ।

৫ মাৰ্চৰ পুৱা ৬.৩০ বজাত মহাপ্ৰভুৰ নিত্য স্নান অনুষ্ঠানৰ পাছত আয়তীসকলৰ নাম-কীৰ্তনৰ লগতে ভাগৱত আৰু কীৰ্তন পাঠ কৰা হ'ব । ইয়াৰ পাছতেই মহাপূজা আৰম্ভ হ'ব । ১০ বজাৰ পৰা আমন্ত্ৰিত নুনমাটিৰ বলোৰাম ডেকা আৰু ছিপাঝাৰৰ দীনেশ নাথৰ দলে নাগাৰা নাম পৰিৱেশন কৰিব । মহাপ্ৰভুৰ ভোগ উচৰ্গাৰ পাছতেই প্ৰসাদ ভোগ বিতৰণ কৰাৰ উপৰিও ভক্তসকলৰ বাবে অন্ন ব্যৱস্থা থাকিব ৷ সন্ধিয়া আৰতিৰ অন্তত যোৰহাট টীয়কৰ পৰা আমন্ত্ৰিত চক্ৰপাণি শিল্পী সমাজে দক্ষযজ্ঞ ভাওনা প্ৰদৰ্শন কৰিব ।

৬ মাৰ্চৰ পুৱা নিত্য স্নানৰ পিছতেই ভক্তসকলৰ নাম প্ৰসংগৰে মন্দিৰ প্ৰাংগণ মুখৰিত হৈ থাকিব । ভাগৱত কীৰ্তন পাঠৰ উপৰিও আয়তীসকলে নাম পৰিবেশন কৰিব । মহাপূজাৰ অন্ত হোৱাৰ পিছত আমন্ত্ৰিত বেণ্ডপাৰ্টীৰ সুৰ সমলয় অনুষ্ঠান পৰিৱেশন কৰিব । মহাপ্ৰভুৰ ভোগ উচৰ্গা আৰু প্ৰসাদ ভোগ বিতৰণৰ অন্তত সকলো ভক্তৰ অন্ন ব্যৱস্থা থাকিব । বিয়লি ২.৩০ বজাত মহাপ্ৰভূৰ বিগ্ৰহ লৈ সমগ্ৰ উত্তৰ গুৱাহাটীত বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হ'ব । সমগ্ৰ উত্তৰ গুৱাহাটী পৰিভ্ৰমণৰ অন্তত মহাপ্ৰভুক পুনৰ মূল মন্দিৰলৈ অনা হ'ব আৰু পঞ্চপ্ৰচাৰ পূজাৰ শেষত মহাপ্ৰভুক মূল মন্দিৰত আৰোহণ কৰা হ'ব । সন্ধিয়া আতচবাজী প্ৰদৰ্শন কৰাৰ লগতে যাত্ৰা অভিনয় অনুষ্ঠিত হ'ব । মন্দিৰ পৰিচালনা সমিতিয়ে দৌল উৎসৱৰ সকলো কাৰ্যসূচীসমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।
উল্লেখযোগ্য যে, মাৰ্চৰ তিনি তাৰিখ মঙলবাৰে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ বাবে দৰ্শনাৰ্থীৰ বাবে বিয়লি ৩ বজালৈ মহাপ্ৰভুক দৰ্শন কৰিব পাৰিব । চন্দ্ৰগ্ৰহণৰ সমাপ্তিৰ পিছত পুনৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব আৰু মহাপ্ৰভুক দৰ্শন কৰিব পাৰিব । সেইদিনা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা দুপৰীয়াৰ অন্নৰ ব্যৱস্থা ৰখা নাই বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক: হোলীগীতৰ মাতত উখল-মাখল সত্ৰ নগৰী বৰপেটা

