এইবাৰ সেমেকা দীপাৱলীৰ বজাৰ, কোটি টকাৰ লোকচানৰ গৰাহত বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগ
এইবাৰ বৰপেটাৰ থলুৱা আতচবাজীৰ বজাৰখনে কমেও ডেৰ কোটি টকাৰ লোকচানৰ গৰাহত পৰিছে বুলি মন্তব্য কৰে বৰপেটা আতচবাজী শিল্পী সমবায় সমিতি লিমিটেডৰ সভাপতি গোপজিৎ পাঠকে ।

Published : October 20, 2025 at 10:20 PM IST
বৰপেটা : আজি পোহৰৰ উৎসৱ দীপাৱলী । এক দীঘলীয়া প্ৰস্তুতিৰে দীপাৱলীৰ বাবে বৰপেটাৰ আতচবাজীৰ উদ্যোগীসকল প্ৰতিবছৰে সাজু হয় । এইবাৰো বেংকৰ পৰা ঋণ লৈ কুটীৰ উদ্যোগটোৰ উদ্যোগীসকলে সাজু হৈছিল দীপাৱলীৰ বাবে ।
কিন্তু শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছতে সকলো ম্লাল হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত আতচবাজীৰ বিক্ৰী একেবাৰে হ্ৰাস পায় । ফলত আজি দীপাৱলীৰ দিনটোতো উদ্যোগীসকলে আতচবাজী বিক্ৰী কৰিব নোৱাৰিলে ।
জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এইবাৰ বৰপেটাৰ আতচবাজী উদ্যোগীসকলে শব্দবিহীন সামগ্ৰীহে প্ৰস্তুত কৰিছিল । কিন্তু একাংশ সংগঠনে দীপাৱলী উদযাপন আৰু আতচবাজী ব্যৱহাৰত বাধা আৰোপ কৰাৰ ফলতে উদ্যোগীসকলে ব্যৱসায়ত লোকচান ভৰিবলগীয়া হয় । এই কথা সদৰী কৰে বৰপেটা আতচবাজী শিল্পী সমবায় সমিতি লিমিটেডৰ সভাপতি গোপজিৎ পাঠকে ।


তেওঁ লগতে কয়, ''অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক বৰপেটাৰ থলুৱা আতচবাজী ক্ৰয় কৰি উদ্যোগটোক জীয়াই ৰখাত সহযোগিতা কৰিবলৈ কেইদিনমান পূৰ্বে আহ্বান জনাইছিল । তাৰ ফলত সামান্য পৰিমাণৰ আতচবাজী বিক্ৰী হয় যদিও একাংশ লোক আৰু সংগঠনে বিপৰীত প্ৰচাৰ চলোৱাৰ বাবে ৰাইজে পূৰ্বৰ দৰে সঁহাৰি নজনালে । ফলস্বৰূপে ব্যৱসায়ীসকলে লোকচানন সন্মুখীন হয় ।''

তেওঁ আৰু কয় যে জুবিন গাৰ্গৰ দৰে শিল্পীৰ নামত হোৱা লোকচানৰ বাবে তেওঁলোকৰ এইবাৰ বিশেষ আক্ষেপ নাই । কিন্তু আতচবাজী বিক্ৰীত বাধা প্ৰদানক লৈ এক বৃহৎ ষড়যন্ত্ৰ তথা ৰাজনীতিও চলিছে বুলিও পাঠকে আক্ষেপ কৰে । এনে ৰাজনীতিয়ে জুবিন গাৰ্গে বিচৰা সমাজখন সৃষ্টি কৰিবনে নকৰে তাকে লৈ সন্দেহ থকা বুলি উদ্যোগীজনে প্ৰশ্ন উত্থাপন কৰে ।


