ETV Bharat / state

এপ্ৰিল মাহৰ ভিতৰত হ’ব পাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

চূড়ান্ত হোৱাৰ দিশে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । সম্পূৰ্ণ হৈছে ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি । অভিযুক্ত পক্ষৰ যুক্তি দৰ্শোৱাৰ পাছতেই সম্পূৰ্ণ হ’ব বিচাৰ প্ৰক্ৰিয়া ।

ABHI NEEL MURDER CASE HEARING
এপ্ৰিল মাহৰ ভিতৰত হ’ব পাৰে অভি-নীল হত্যাকাণ্ডৰ চূডান্ত ৰায়দান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 8:36 PM IST

2 Min Read
Choose ETV Bharat

নগাওঁ : সাত বছৰ পাছত অৱশেষত চূড়ান্ত হোৱাৰ দিশে আগবঢ়িছে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত । গোচৰটোৰ মুঠ ৭১ গৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত সোমবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত সম্পূৰ্ণ হয় ভুক্তভোগীপক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়াও ।

সোমবাৰে নগাঁও আদালতত গোচৰটোৰ ভুক্তভোগী পক্ষৰ হৈ যুক্তি দৰ্শায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিজন মহাজনে । সোমবাৰে ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা সম্পূৰ্ণ হোৱাৰ পাছত আদালতে পুনৰ অভিযুক্ত পক্ষক যুক্তি দৰ্শাবলৈ পুনৰ দিন ধাৰ্য কৰিছে । অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাব নগাঁও আদালতত ।

ভুক্তভোগীৰ অধিবক্তা বিজন মহাজনৰ সংবাদ মাধ্যমক সম্বোধন (ETV Bharat Assam)

এই সন্দৰ্ভত ভুক্তভোগীৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, "গোটেই বিশ্বকে লজ্জানত কৰা এই নীল-অভি হত্যাকাণ্ডৰ বিচাৰৰ যি প্ৰক্ৰিয়া পৰিসমাপ্তিৰ দিশে ধাৱমান হৈছে । আজি প্ৰচিকিউচনৰ যি আৰ্গুমেণ্ট আৰু তাৰ লগতে ভিক্টিমছ অৰ্থাৎ নীল-অভি দুয়োগৰাকী শোকাকুল পিতৃৰ হৈ আদালতত প্ৰচিকিউচনৰ পূৰ্ণাংগ ৰূপত আৰ্গুমেণ্ট প্ৰক্ৰিয়াৰ পৰিসমাপ্তি ঘটিছে । ইয়াৰ পিছত আদালতে তাৰিখ ধাৰ্য কৰিছে ২৬,২৭ ফেব্ৰুৱাৰী, ২০২৬ । ডিফেন্সৰ হৈ আৰ্গুমেণ্ট আদালতত উত্থাপন কৰিব । তাৰ পিছতে এই গোচৰটো জাজমেণ্টৰ ফালে ধাৱমান হ'ব ।"

ইফালে সাত বছৰে ন্যায়ৰ বাবে অপেক্ষা কৰা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ অহা এপ্ৰিল মাহৰ ভিতৰত ৰায়দানৰ আশা কৰিছে অভি-নীলৰ দুই পিতৃয়ে ।

লগতে পঢ়ক :ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিৰল দৃশ্য : শিলত ওলাইছে প্ৰকাণ্ড ভৰিৰ চিহ্ন !
লগতে পঢ়ক :এটি অসহায় পৰিয়াল, বৃক্ক ৰোগত আক্ৰান্ত কন্য়াৰ সহায় বিচাৰি পিতৃৰ আৰ্তনাদ