ফিল্মৰ পৰা ডিজিটেললৈ ফটোগ্ৰাফীৰ উত্তৰণ: ফটো সাংবাদিক তপন দাসৰ দৃষ্টিত ফটোগ্ৰাফীৰ অতীত আৰু বৰ্তমান
অসমৰ কিংবদন্তি আলোকচিত্ৰশিল্পী তথা ‘শ্বাটাৰ গুৰু’ হিচাপে পৰিচিত নলিনী কান্ত বৰুৱাৰ ঐতিহাসিক ভিন্টেজ কেমেৰাৰ সংগ্ৰহ এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত সংৰক্ষিত হ’ব ।

Published : August 19, 2026 at 9:17 PM IST
গুৱাহাটী/তেজপুৰ: এখন ফটোৱে বহু কথাই নোকোৱাকৈ প্ৰকাশ কৰিব পাৰে ৷ সময়, সমাজ, সংস্কৃতি, পৰিৱেশৰ লগতে মানুহৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্ত এখন ফটোৱে নিৰ্মোহভাৱে দাঙি ধৰিব পাৰে । যিকোনো এটা বিষয়, এটা মুহূৰ্ত কেমেৰাৰ লেন্সত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত ফটোগ্ৰাফীৰ ভূমিকা অনস্বীকাৰ্য । প্ৰতিবছৰে ১৯ আগষ্টত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় এই ফটোগ্ৰাফী দিৱস ।
১৮৩৯ চনৰ ১৯ আগষ্টত ফ্ৰান্স চৰকাৰে ডাগেৰিঅ’টাইপ নামৰ ফটোগ্ৰাফী প্ৰক্ৰিয়াৰ বিৱৰণ ৰাজহুৱাভাৱে ঘোষণা কৰিছিল । সেই ঐতিহাসিক দিনটোৰ স্মৃতিতে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয় ।

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে ফটোগ্ৰাফীৰ অতীত আৰু বৰ্তমানৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে জ্যেষ্ঠ ফটো সাংবাদিক তপন দাসে । তপন দাসে কয়, “১৮৩৯ চনৰ পৰাই ১৯ আগষ্টৰ দিনটোত বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে । আমাৰ আলোকচিত্ৰ শিল্পীসকলৰ বাবে এইটো এটা বৰ প্ৰিয় দিন ।”
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ফটোগ্ৰাফী সম্পৰ্কীয় বহুকেইটা বিষয়ত মত প্ৰকাশ কৰে ৭০ৰ দশকতে ফটোগ্ৰাফী আৰম্ভ কৰা তপন দাসে ৷
ইটিভি ভাৰতৰ প্ৰশ্ন: তাহানিৰ সময় আৰু বৰ্তমানৰ মাজত ফটোগ্ৰাফীৰ পৰিৱৰ্তনৰ ধাৰাটোক আপুনি কিদৰে বৰ্ণনা কৰিব ?
তপন দাস : মই ১৯৭২ চনতে ফটোগ্ৰাফী আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ যিটো ফটোগ্ৰাফীৰ ব্যৱস্থা, বা ইয়াৰ প্ৰতি সমাজৰ যিটো ধাৰণা ধাৰণা আছিল, সেয়া এতিয়া সলনি হৈছে । মই কেনেদৰে ফটোগ্ৰাফীৰ কৰিছিলোঁ আৰু এতিয়া যেনেদৰে ফটোগ্ৰাফী হৈছে এই সমূহ হৈছে ফটোগ্ৰাফীৰ উত্তৰণ । দিনক দিনে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বহু নতুনত্ব আহি আছে ।’’
ইটিভি ভাৰতৰ প্ৰশ্ন: ফিল্ম কেমেৰাৰ পৰা আজিৰ Digital Camera আৰু Smartphone Photography লৈ অহা পৰিৱৰ্তনৰ সন্দৰ্ভত আপুনি কি কয় ?
তপন দাস : এসময়ত মইয়ো ফটো সাংবাদিকতা কৰিছিলোঁ । ১৯৮৭ৰ পৰা ১৯৯৯ লৈ মই ফটো সাংবাদিকতা কৰিছিলোঁ । সেই সময়ত এখন ছবি তুলি অনাৰ পাছত ফিল্ম ডেভেলপ, প্ৰিন্ট কৰি তাৰ পিছতহে কাৰ্যালয়ত জমা দিবলগীয়া হৈছিল । ফলত কোনো ঘটনাৰ ছবি প্ৰকাশ পাবলৈ কেতিয়াবা এদিন বা দুদিনো সময় লাগিছিল । বৰ্তমান সময়ত ডিজিটেল হোৱাৰ বাবে বহু সুবিধা হ’ল ।

পূৰ্বৰ ফিল্ম ফটোগ্ৰাফী আৰু বৰ্তমান ডিজিটেল ফটোগ্ৰাফীৰ মাজত বিশেষ একো পাৰ্থক্য নাই । কেৱল ডিজিটেল হোৱাৰ বাবে সময় এতিয়া ৰাহি হৈছে । যাৰ ফলত মুহূৰ্তৰ ভিতৰত ফটোসমূহ দিব পৰা যায় । আগতে এনেকুৱাও হৈছিল আমি কি ফটো উঠাইছোঁ সেইয়া আমি চাব পৰা নাছিলো ।
ইটিভি ভাৰতৰ প্ৰশ্ন: এগৰাকী ফটো সাংবাদিক হিচাপে কৰ্মজীৱনত আপোনাৰ বাবে আটাইতকৈ কঠিন ঘটনা কি আছিল ?
তপন দাস : ফটো সাংবাদিকতা কৰি থকাৰ সময়ত মই বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ । তাৰে ভিতৰত বড়ো আন্দোলন উল্লেখ্যনীয় আছিল । সেই সময়ত যেতিয়া আমি কভাৰেজ কৰিবলৈ গৈছিলোঁ, তেতিয়া ফিল্ম ফটোগ্ৰাফী কৰিছিলোঁ । সেই সময়ত বহু প্ৰত্যহ্বান লৈ ফটোগ্ৰাফী কৰিবলৈ গৈছিলোঁ । বড়োসকলে সেই সময়ত ধনু-কাঁড় লৈ আন্দোলন কৰিছিল । আমি গাড়ী লৈ গৈছিলোঁ, সেই সময়ত মোৰ চিটৰ আগত কাড় এডাল সোমাই গৈছিল । মই সৌভাগ্যক্ৰমে বাচিছিলো ।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া পূৰ্বতকৈ সুবিধাবোৰ বহু ভাল হ'ল । এজন ভাল ফটোসাংবাদিক হোৱাটো বহুত সহজ নহয়, বহু প্ৰত্যাহ্বানৰ সন্মুখিন হ'বলগীয়া হয় । ইফালে ফটো সাংবাদিকসকলৰ পাৰিশ্ৰমিকৰ বিষয়টোতো ক্ষোভ প্ৰকাশ কৰে তপন দাসে । ফটো সাংবাদিকসকলৰ কঠোৰ পৰিশ্ৰম আৰু দায়িত্বৰ তুলনাত উপযুক্ত পাৰিশ্ৰমিক তথা স্বীকৃতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি তেওঁ মত প্ৰকাশ কৰে ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত অসমৰ কিংবদন্তি ‘শ্বাটাৰ গুৰু’ নলিনী কান্ত বৰুৱাৰ ঐতিহাসিক কেমেৰা সম্ভাৰ সংৰক্ষণ
অসমৰ কিংবদন্তি আলোকচিত্ৰশিল্পী তথা ‘শ্বাটাৰ গুৰু’ হিচাপে পৰিচিত নলিনী কান্ত বৰুৱাৰ ঐতিহাসিক ভিন্টেজ কেমেৰাৰ এক সংগ্ৰহ এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত সংৰক্ষিত হ’ব । বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভাগটোৱে আয়োজন কৰা ‘ছবি ঘৰ’ নামৰ আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত আলোকচিত্ৰশিল্পীগৰাকীৰ পুত্ৰ মাধুৰ্য বৰুৱাই এই কেমেৰাসমূহ বিভাগটোক অৰ্পণ কৰে ।

বিভাগে কেমেৰাসমূহ নিজৰ আলোকচিত্ৰ সংগ্ৰহৰ অংশ হিচাপে সংৰক্ষণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে প্ৰদৰ্শন আৰু শৈক্ষিক ব্যৱহাৰত ৰাখিব । ইয়াৰ জৰিয়তে অসমৰ আলোকচিত্ৰৰ ঐতিহ্য আৰু নতুন প্ৰজন্মৰ দৃশ্য-গল্পকাৰসকলৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ স্থাপন হ’ব ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । অনুষ্ঠানত ছাত্ৰ কল্যাণৰ ডীন মানবেন্দ্ৰ মণ্ডল আৰু মানৱিকী আৰু সমাজবিজ্ঞান অনুষদৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মা উপস্থিত থাকে ।
২০২৬ বৰ্ষৰ বিশ্ব আলোকচিত্ৰ দিৱসৰ মূল বিষয়বস্তু ‘HOME’ (ঘৰ)-ৰ সৈতে সংগতি ৰাখি ‘ছবি ঘৰ’ত ‘The Essence of Independence’, ‘Discovering Home Away from Home’ আৰু ‘Nature’—এই তিনিটা বিষয়ত আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয় । বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থী আৰু গৱেষকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰে । এই প্ৰদৰ্শনীত বিভিন্ন শৈক্ষিক পটভূমি আৰু দৃষ্টিভংগীৰ প্ৰতিফলন দেখা যায় ।
প্ৰদৰ্শনীৰ অন্যতম আকৰ্ষণ আছিল নলিনী কান্ত বৰুৱাৰ আলোকচিত্ৰ জীৱন আৰু ফটোগ্ৰাফীৰ ক্ৰমবিকাশক লৈ প্ৰস্তুত কৰা এক বিশেষ টাইমলাইন । ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা তেওঁৰ ‘Photo Service’ ষ্টুডিঅ’ৰ সৈতে জড়িত ভিন্টেজ কেমেৰাসমূহ প্ৰদৰ্শনৰ জৰিয়তে ফটোগ্ৰাফীৰ যান্ত্ৰিক যুগৰ পৰা বৰ্তমানৰ ডিজিটেল যুগলৈ হোৱা পৰিৱৰ্তনক তুলি ধৰা হয় ।
ভাৰত-চীন যুদ্ধকে ধৰি গুৰুত্বপূৰ্ণ ঐতিহাসিক মুহূৰ্ত নলিনী কান্ত বৰুৱাই নিজৰ কেমেৰাত বন্দী কৰিছিল । ইয়াৰ উপৰি প্ৰদৰ্শনীত সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত এক বিশেষ ফটো ৱাল আৰু ‘কেমেৰা অবছকুৰা’ৰ ওপৰত এক বিশেষ প্ৰদৰ্শনো আছিল ৷

কেমেৰাসমূহ গ্ৰহণ কৰি গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° মনোজ দেউৰীয়ে বৰুৱা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ বিশেষভাৱে মাধুৰ্য বৰুৱাক কেমেৰাসমূহ বিভাগটোক অৰ্পণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই কেমেৰাসমূহ কেৱল পুৰণি যন্ত্ৰ নহয়; ইয়াৰ সৈতে জড়িত হৈ আছে বহু কাহিনী, স্মৃতি আৰু আলোকচিত্ৰৰ এক সমৃদ্ধ ঐতিহ্য । এই সংগ্ৰহ সংৰক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে আলোকচিত্ৰৰ অতীতৰ পৰা শিকি ভৱিষ্যতৰ দিশত আগবাঢ়িব পাৰিব ।
মাধুৰ্য বৰুৱাই বিভাগটোৱে নৱপ্ৰজন্মৰ আলোকচিত্ৰশিল্পীসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ শলাগ লয় । তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ছবি সলনি কৰা বা নতুন ছবি সৃষ্টি কৰাটো সহজ হৈ পৰা বৰ্তমানৰ সময়ত শিক্ষাৰ্থীসকলে নিজৰ স্বকীয় সৃষ্টিশীলতা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি আলোকচিত্ৰ নিৰ্মাণ কৰাটো আশাব্যঞ্জক । পিতৃৰ কেমেৰাসমূহ বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হোৱা কথাটো তেওঁৰ বাবে গভীৰভাৱে আৱেগিক বুলি উল্লেখ কৰি তেওঁ কয় যে এই কেমেৰাসমূহৰ মূল্য কেৱল আৰ্থিক নহয়, ইয়াৰ সৈতে জড়িত স্মৃতি আৰু আবেগেই ইয়াক অমূল্য কৰি তুলিছে ।
আলোকচিত্ৰ প্ৰতিযোগিতাখনৰ বিচাৰক আছিল ফটো সাংবাদিক সমীৰ কৰ, ফটোগ্ৰাফাৰ তথা ভিজুৱেল ষ্ট’ৰিটেলাৰ সাজিজুৰ ৰহমান আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক চন্দন গোস্বামী ।
প্ৰতিযোগিতাৰ ফলাফল:
১. Home Away from Home
- প্ৰথম: সূৰজ প্ৰতিম সেনচোৱা (MCJ)
- দ্বিতীয়: কৰণজিৎ কোঁৱৰ (MCJ)
- তৃতীয়: অংশ নৱৰং (পদাৰ্থ বিজ্ঞান বিভাগ)
২. Essence of Independence
- প্ৰথম: কেশৱ কাশ্যপ (MCJ)
- দ্বিতীয়: পাৰ্থিৱ সূত্ৰধৰ (MCJ)
- তৃতীয়: বন্দনা নেওগ (MCJ)
৩. প্ৰকৃতি (Nature)
- প্ৰথম: জ্যোতিষ্মান বৰা
- দ্বিতীয়: হিতাকৃত চক্ৰৱৰ্তী
লগতে পঢ়ক: বিশ্ব ফটোগ্ৰাফী দিৱসত ইটিভি ভাৰতৰ বিশেষ

