ETV Bharat / state

১৫ দিনৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা কৰিব নোৱাৰিব ভক্তই

ভক্তৰ বাবে বন্ধ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ । ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ বন্ধ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ । কিন্তু কিয় ?

MAHAMRITYUNJAY TEMPLE CLOSED
১৫ দিনৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা কৰিব নোৱাৰিব ভক্তই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 2:00 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । মহামৃত্যুঞ্জয় ট্ৰাষ্টৰ সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । আজিৰে পৰা অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ভক্তৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহামৃত্যুঞ্জয় মন্দিৰ ন্যাসে ।

বিশেষকৈ মন্দিৰৰ ভিতৰৰ কিছু আধৰুৱা নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ উদ্দেশ্যেই ভক্তৰ বাবে মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই মহামৃত্যুঞ্জয় মন্দিৰ ন্যাসৰ সৈতে জড়িত দ্বীপমণি গোস্বামীয়ে ।

১৫ দিনৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা কৰিব নোৱাৰিব ভক্তই (ETV Bharat Assam)

এই সন্দৰ্ভত মহামৃত্যুঞ্জয় মন্দিৰ ন্যাসৰ সৈতে জড়িত দ্বীপমণি গোস্বামীয়ে ফোনযোগে জনাই, "আজিৰ পৰা ৩১ জানুৱাৰীলৈকে মহামৃত্যুঞ্জয় মন্দিৰ ভক্তৰ বাবে বন্ধ কৰি ৰখা হৈছে । মন্দিৰৰ ভিতৰৰ কিছু নিৰ্মাণকাৰ্য চলি থকাৰ বাবেই ৩১ জানুৱাৰীলৈকে মন্দিৰ দৰ্শন অথৱা সেৱা কৰাৰ বাবে সুবিধা নাপাব ভক্তসকলে । নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে অৰ্থাৎ ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ মহামৃত্যুঞ্জয় মন্দিৰ ভক্তৰ বাবে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

উল্লেখযোগ্য যে, বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰীত । নগাঁৱৰ ভেৰভেৰীত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিদিনেই প্ৰায় সহস্ৰাধিক ভক্তৰ সমাগম হয় । ইংৰাজী নতুন বর্ষ উপলক্ষে মহামৃত্যুঞ্জয় মন্দিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ ভক্তৰ লগতে পৰ্যটকৰো আগমন ঘটিছিল মহামৃত্যুঞ্জয় মন্দিৰত ।

মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ কিছু অংশৰ নিৰ্মাণকাৰ্য চলি থকা বাবে ভক্তৰ বাবে বন্ধ কৰি দিয়াত এটা পষেকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰত সেৱা কৰিব নোৱাৰিব ভক্তসকলে । ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ মহামৃত্যুঞ্জয় মন্দিৰ বন্ধ ৰখা বুলি মন্দিৰ চৌহদত বেনাৰ আঁৰি ৰাখিছে মহামৃত্যুঞ্জয় মন্দিৰ ন্যাসে ।

লগতে পঢ়ক: ১৭ হাল ম'হে যুঁজিলে পহিলা মাঘত, ৰক্ষা পৰিল সাতামপুৰুষীয়া পৰম্পৰা

আচম্বিতে হেৰাই যোৱা জুবিনক বিচাৰি হাহাকাৰ কৰি উঠে গৰিমাৰ হৃদয় !