অভি-নীল হত্যাকাণ্ডৰ দোষীৰ মৃত্যুদণ্ডৰ ৰায়েই হ’ব আদৰণীয়: ক'লে জ্যেষ্ঠ নাগৰিকে
অভি-নীল হত্যাকাণ্ডৰ কথা মনত পৰিলেই শিহৰিত উঠে গাৰ নোম । ন্য়ায়ৰ অপেক্ষাত ভুক্তভোগীৰ পৰিয়াল ।

Published : February 28, 2026 at 9:56 PM IST
নগাঁও: সেয়া আছিল ২০১৮ চনৰ ৮ জুনৰ এটা অভিশপ্ত দিন । সেই দিনটোতেই সন্ধিয়া দুই প্ৰতিভাবান যুৱকে প্ৰাণ ভিক্ষা কৰি দিয়া চিৎকাৰৰ কথা মনত পৰিলেই প্ৰতিজন লোকৰ গাৰ নোম শিয়ঁৰি উঠে । তথাপি শিলৰ দৰেই যেন কঠিন হৈ আছিল সেইসকল নৰপিশাচৰ । হয়, ক’ব বিচাৰিছো সমগ্ৰ ৰাজ্য কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ কথা ৷
গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথ সেইদিনা গৈছিল সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৷ কিন্তু উভতি অহাৰ পথতেই মানৱৰূপী এদল দানৱৰ অমানৱীয় আক্ৰমণৰ বলি হৈছিল নিলোৎপল আৰু অভিজিৎ । সেই সময়ত সম্পূৰ্ণ অসহায় যুৱক দুজনে প্ৰাণ ভিক্ষা কৰি 'মই অসমীয়া' বুলি পৰিচয় দি কৰিছিল চিৎকাৰ, কিন্তু নাই কোনেও যেন নুশুনিলেই । উদণ্ড দলটোৰ নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দুয়োজন যুৱকে ।
এই ঘটনাটোক কেন্দ্ৰ কৰি কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো সাব্যস্ত হৈছিল প্ৰতিবাদ । অভি-নীল হত্যাকাণ্ডৰ ন্যায় বিচাৰি সকলোৱে দাবী উত্থাপন কৰিছিল । ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাক লৈ তৎপৰ হৈ পৰিছিল ডিফু আৰক্ষী । ঘটনাস্থলীৰ পৰা তদন্তৰ বাবে যথেষ্ট সমল, চোকা অস্ত্ৰ আদি উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ৪৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ডিফু আৰক্ষীয়ে ।
৪৮ জনকৈ অভিযুক্তৰ তিনিজন নাবালক হোৱাত জুভেনাইললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৪৫ জনকৈ অভিযুক্তক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ঘটনা সন্দৰ্ভত সেই সময়ত স্থানীয় আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তৎপৰতাৰে অনুসন্ধান কৰি কম সময়ৰ ভিতৰতেই আদালতত ৮০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল ডিফু আৰক্ষী ।
ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথমাৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত অভি-নীলৰ পৰিয়ালৰ লোকে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা স্থানান্তৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱাত ন্যায়ালয়ে ডিফু আদালতৰ বিপৰীতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলোৱাৰ নিৰ্দেশ দিয়ে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত নগাঁও আদালতলৈ স্থানান্তৰিত হয় গোচৰটো ।
সেই সময়ৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যদিও ক’ভিড সৃষ্ট পৰিবেশ, ন্যায়াধীশৰ বদলি আদি বিভিন্ন কাৰণত কিছু পৰিমাণে হ'লেও লেহেমীয়া হৈ পৰে বিচাৰ প্ৰক্ৰিয়া । এই কথা পূৰ্বেই উল্লেখ কৰিছিল নীল-অভিৰ পিতৃয়ে । শেহতীয়াকৈ ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে । গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াসহ মুঠ ৭১ গৰাকীকৈ লোকৰ সাক্ষ্য গ্ৰহণ, অভিযুক্ত পক্ষৰ মন্তব্য, ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি গ্ৰহণ কৰাৰ পাছত অভিযুক্ত পক্ষৰ অধিবক্তাৰো যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে ।
অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তাই আৰু এটা দিন বিচৰাত আদালতে ৬ মাৰ্চত পুনৰ শুনানিৰ দিন ধার্য কৰিছে । পৰৱৰ্তী ১৩ মাৰ্চত বিপক্ষৰ অধিবক্তাৰ যুক্তিৰ ওপৰত ভুক্তভোগী পক্ষৰ অধিবক্তাই পুনৰ যুক্তি দাঙি ধৰাৰ পাছত চূড়ান্ত হ’ব বিচাৰ প্ৰক্ৰিয়া । অৱশ্যে ৰায়দানলৈ আৰু দহ-পোন্ধৰ দিন প্ৰয়োজন হ’ব পাৰে বুলিও শুকুৰবাৰে আদালতত উল্লেখ কৰিছিল নীল-অভিৰ পিতৃয়ে ।
ইপিনে, আদালতত অভিজিৎ নাথ আৰু নিলোৎপল দাসক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হোৱাৰ বুলি প্ৰতিষ্ঠা হোৱা বুলিও উল্লেখ কৰিছিল অভি নীলৰ পিতৃয়ে; কিন্তু কি হ’ব ৰায়দান ? প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবঢ়া অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ ৰায়দানলৈ হয়তো অপেক্ষা কৰিছে সমগ্ৰ অসমবাসীয়ে । এনে সময়ত পূৰ্বৰ পৰাই অভি-নীল হত্যাকাণ্ডৰ দোষীক মৃত্যুদণ্ডৰ দৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰি আহিছিল অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ দুই দুৰ্ভগীয়া পিতৃয়ে ।
এজনো দোষীয়ে যাতে ৰেহাই নাপায়:
গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ প্ৰাকমুহূৰ্তত দুই প্ৰতিভাবান যুৱক নিলোৎপল, অভিজিতৰ হত্যাৰ দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে নগাঁৱৰো বহু জ্যেষ্ঠ নাগৰিক তথা ব্যক্তিয়ে । বিষয়টো সন্দৰ্ভত মন্তব্য কৰি বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ অধিবক্তা শিৱানন্দ কাকতিয়ে ইটিভি ভাৰতৰ সন্মুখত কয়, “অন্ধবিশ্বাসৰ বলি হৈ এটা উৰাবাতৰি বিয়পোৱাৰ ফলতেই সোপাধৰাৰ সন্দেহত দুজন উঠি অহা যুৱকক এইদৰে মৰিয়াই মৰিয়াই হত্যা কৰা এজনো দোষীয়ে যাতে ৰেহাই নাপায় । আটাইৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ দৰে দৃষ্টান্তমূলক শাস্তিৰ ৰায়দানেই হ’ব আদৰণীয় ।”
দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী :
একেদৰে বিষয়টোক লৈ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈয়েই কয়, “অসম তথা ভাৰতৰ যিকোনো স্থানত আমি নিৰাপদে ঘূৰি ফুৰাৰ অধিকাৰ আছে । প্ৰকৃতি ভালপোৱা গুৱাহাটীৰ প্ৰতিভাবান যুৱক দুজন কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাটো কোনো অপৰাধ নাছিল; কিন্তু বিনা কাৰণত যুৱক দুজনক হত্যা কৰা হৈছে । অসমৰ দুটা মূল্যবান সম্পদ নিঃশেষ কৰি পেলোৱা হৈছে । গতিকে অভি-নীল হত্যাত জড়িত প্ৰতিজন দোষীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ দৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে এনে দুর্ঘটনাৰ আৰু কেতিয়াও পুনৰাবৃত্তি নহয় ।”
এতিয়া অপেক্ষা কেৱল আদালতৰ ৰায়লৈ । কি শাস্তি হয় অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ ?

