পুনৰ বিতৰ্কত অসম লোকসেৱা আয়োগ; ঘোষণাৰ পাছতেই বাতিল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল
অসম চৰকাৰৰ অধীনৰ বিভিন্ন সেৱাৰ ২৮৮টা পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ অনুষ্ঠিত হৈছিল ।

Published : February 17, 2026 at 12:42 AM IST
|Updated : February 17, 2026 at 12:59 AM IST
হায়দৰাবাদ : পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল ঘোষণাৰ কিছু সময়ৰ পাছতেই পুনৰ ফলাফল বাতিল কৰিবলৈ বাধ্য হয় অসম লোকসেৱা আয়োগ ।
অসম লোকসেৱা আয়োগে সোমবাৰে বিয়লি ঘোষণা কৰিছিল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ (Assam Public Service Commission Combined Competitive Examination, 2024)ৰ ফলাফল । কিন্তু ফলাফল ঘোষণাৰ কিছু সময়ৰ পাছতেই আয়োগে জাননী জাৰি কৰি ফলাফল বাতিল কৰে ।
আয়োগে জাননী জাৰি কৰি কয়, "460PSC/CON/Exam ৩৭১২০২৪-২০২৫, তাৰিখ গুৱাহাটী, নং পত্ৰৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২৬ত অৱগত কৰা ফলাফলত কিছু ভুলৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা – ২০২৪ৰ আপলোড কৰা ফলাফল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে । সতৰ্কতাৰে পৰীক্ষণ কৰাৰ অন্তত আয়োগে অতি সোনকালে এখন সতেজ নিৰ্বাচিত তালিকা আপলোড কৰিব ।"
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ তালিকা প্ৰকাশ কৰা হয় যদিও কেবিনেট সিদ্ধান্তমৰ্মে অন্তৰ্ভুক্ত হ’ব লগা দুজন মৰাণ প্ৰাৰ্থীৰ নাম বাদ পৰি যায় ৷ সেইবাবে লগে লগে এই তালিকা বাতিল কৰা হয় ৷ নতুন ফলাফলত বিশেষ সালসলনি নাথাকিব ৷ মাত্ৰ মৰাণ সম্প্ৰদায়ৰ দুজন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ’ব ৷
আয়োগে আজি ঘোষণা কৰা ফলাফলত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাসমূহৰ বাবে সৰ্বমুঠ ২৮৮গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছিল । ফলাফল তালিকাত উল্লেখ থকা অনুসৰি, অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড)ত নিহাৰ ৰঞ্জন ডেকাই প্ৰথম স্থান লাভ কৰে । দ্বিতীয় স্থান দখল কৰে ৰাজনীশ শৰ্মাই আৰু ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰে পাঞ্চালী দেৱীয়ে ।
অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড)ত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে অম্লান বৰুৱাই দ্বিতীয় আৰু ধৃতিমান বৰ্মনে তৃতীয় স্থান লাভ কৰে ।
শ্ৰম বিষয়ৰ দুটা পদত ক্ৰমে ৰেহানা খাতুন আৰু কিশোৰ নিৰোলাই আৰু জিলা পৰিবহণ বিষয়া পদত ক্ৰমে কৌশিক কাশ্যপ শইকীয়া আৰু তুষাৰ জিৎ মেধিয়ে উত্তীৰ্ণ হয় ।
একেদৰে ব্লক উন্নয়ন বিষয়া পদত ৰছনিনা পাৰবিনে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আৰু কপিল নাথে দ্বিতীয় আৰু ৱাছিম আহমেদে তৃতীয় স্থান লাভ কৰে ।
সহকাৰী পৰিচালক (এ এম)/সহকাৰী উদ্যোগ বিষয়া (এ আই অ’)/ উদ্যোগ অধীক্ষকৰ পদত ক্ৰমে ধ্ৰুৱজ্যোতি দাস, অভয় শৰ্মা আৰু ৰিমিশা চৌধুৰী উৰ্ত্তীণ হয় ।
সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ দুটা পদত ক্ৰমে মনশ্বেতা দাস আৰু মিন্টু নাথে স্থান লাভ কৰে ।
অসম বিত্ত সেৱা (জুনিয়ৰ গ্ৰেড II)ত আছমিনা আখতাৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে পূৰ্বশ্ৰী দেৱে দ্বিতীয় আৰু নয়নজ্যোতি বৈশ্যই ৰাজ্যৰ বিতৰত তৃতীয় স্থান লাভ কৰে ।
অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া
- অসম লোকসেৱা আয়োগৰ এই নাভূত-নাশ্ৰুত কাণ্ড কোনো পধ্যেই গ্ৰহণযোগ্য নহয় : উৎপল শৰ্মা
ইফালে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল ঘোষণাৰ পাছতেই বাতিল কৰাত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যম ফেচবুকত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "অসম লোকসেৱা আয়োগৰ এই নাভূত-নাশ্ৰুত কাণ্ড কোনো পধ্যেই গ্ৰহণযোগ্য নহয় । ফলাফল ঘোষণাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰিব লাগে । ফলাফল ঘোষণা হোৱাৰ পাছত এইদৰে কৃতকাৰ্য্য পৰীক্ষাৰ্থীসকলৰ, তেওঁলোকৰ অভিভাৱকৰ আশা-হেঁপাহ-সুখানুভূতিৰ সৈতে হেতালি খেলাটো নিতান্তই নিন্দনীয় কাৰ্য হৈছে । এয়া চূড়ান্ত অন্যায় । অপদাৰ্থ প্ৰশাসনৰ জ্বলন্ত উদাহৰণ । পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছোঁ । যাৰ গাফিলতি, ত্ৰুটিৰ বাবে এই তথাকথিত “inadvertent error” সংঘটিত হৈছে, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক ।"
- তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিবৃতিত কয়, "অসম অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিও বাতিল কৰা ঘটনা বিস্ময়কৰ আৰু ৰহস্যজনক । ব্যাপক দুৰ্নীতি-অনিয়মৰ বাবে অসম লোকসেৱা আয়োগৰ বিশ্বাসযোগ্যতা ইতিপূৰ্বেই প্ৰত্যাহ্বানৰ মুখত পৰিছে । এনে প্ৰেক্ষাপটত আজি ফলাফল ঘোষণা কৰিও সেয়া বাতিল কৰি দিয়াটোৱে আয়োগৰ ওপৰত পুনৰ সন্দেহ সৃষ্টি কৰাৰ লগতে ৰাইজৰ আস্থাও হ্ৰাস পাব । এই ঘটনাই উনুকিয়াই যে লোকসেৱা আয়োগৰ পৰীক্ষা মূল্যায়ন আৰু ফলাফল প্ৰস্তুত কৰাত পুনৰ কিবা অঘটন ঘটাৰ সন্দেহ কৰাৰ পূৰ্ণ থল আছে । গতিকে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত ।"
- এ পি এছ চিৰ ২০২৪ বৰ্ষৰ ফলাফল ঘোষণাকলৈ ল'ৰা-ধেমালি কিয় - কৃষক মুক্তি
এ পি এছ চি ২০২৪ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ এঘণ্টাৰ পাছতে ঘোষিত ফলাফল আসোঁৱাহপূৰ্ণ হোৱা বুলি পুনৰ বাতিল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । এক প্ৰেছ বিবৃতিত শইকীয়াই এনে কাণ্ডত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি অসম চৰকাৰ আৰু এ পি এছ চিক প্ৰশ্ন কৰে, "এসপ্তাহ পূৰ্বে মৌখিক পৰীক্ষা সমাপ্ত হৈছিল ৷ আমি জানো যে প্ৰিলিমছ, মেইনছ আৰু তাৰ পাছতে মৌখিক পৰীক্ষা হয় ৷ আগৰ দুয়োটা পৰীক্ষাৰ ফলাফল পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত মৌখিক পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ তিনিদিনৰ পিছতে ফলাফল ৰাজহুৱা কৰা হ’ব ৷ ৰাকেশ পালৰ দিনতে এই সিদ্ধান্ত কৰা হৈছিল ৷ কিন্তু আজি এসপ্তাহলৈকে ৰিজাল্ট ঘোষণা নকৰাটোৱে প্ৰাৰ্থীসকলৰ মাজত সাংঘাতিক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰি আহিছিল ৷ ইয়াৰ মাজতে বিশেষ আসোঁৱাহৰ বিষয়ে উল্লেখ কৰি অনিচ্ছাকৃত বা বিসংগতিপূৰ্ণ বিষয়ৰ বাবে এই ৰিজাল্ট শ্বীটখন বাতিল কৰা বুলি কোৱাটোৱে সাংঘাতিক ধৰণেৰে সন্দেহৰ সৃষ্টি কৰিছে ৷"
তেওঁ লগতে কয়, "নিশ্চিতভাৱে ইয়াত পূৰ্বৰ যি কেলেংকাৰী আছিল, মন্ত্ৰী-বিধায়কৰ পৰিয়ালৰ পছন্দৰ মানুহ পাছ কৰাব নোৱাৰিলে এই ধৰণৰ বিসংগতি দেখুৱাই পুনৰ এটা দুৰ্নীতিত লিপ্ত হৈছিল সেই পৰম্পৰা পুনৰ আৰম্ভ হৈছে নেকি আমি এই প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো ৷ স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ এই ৰিজাল্ট বিসংগতিপূৰ্ণ বুলি বাতিল কৰাটোৱে চৰকাৰখনৰ স্বচ্ছতা আৰু নিকা বুলি কোৱা নিযুক্তিৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে আৰু আৰু আমি ইয়াৰ এটা তদন্তৰ দাবী জনাইছো ৷ কি ৰহস্য ইয়াত লুকাই আছে আৰু কি দুৰ্নীতিয়ে এ পি এছ চিক ছানি ধৰিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আমি মুখ্যমন্ত্ৰীক দাবী জনাইছো ।"
লগতে পঢ়ক : চি বি এছ ইৰ দুটা বৰ্ড পৰীক্ষাৰ নতুন নিয়ম, প্ৰথম পৰীক্ষাত হাজিৰ হোৱাটো কিয় বাধ্যতামূলক ?

