ETV Bharat / state

হাগ্ৰামা মহিলাৰীৰে মিলি মুখ্যমন্ত্ৰীয়ে চলাই আছে ছিণ্ডিকেট : অখিল গগৈ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ চৰকাৰৰ তীব্ৰ সমালোচনা ।

The CM is running a syndicate with Hagrama Mohilary says MLA Akhil Gogoi
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 10:54 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে মিলি শ্ৰীৰামপুৰ চেকগেট আৰু বক্সিৰহাট চেকগেটত ছিণ্ডিকেট চলাইছে । অবৈধভাৱে একোখন গাড়ীৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিছে । ছিণ্ডিকেটৰ বাবেই মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বিপিএফ দলে পৰিবহণ মন্ত্ৰী নিজৰ হাতত ৰাখিছে । মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু চৰণ বড়োৰ মধ্যস্থতাত এই ছিণ্ডিকেট চলি আছে । ইয়াৰ বাবেও অসমত বৃদ্ধি হৈছে মূল্যবৃদ্ধি।"-এই অভিযোগ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।

শনিবাৰে গুৱাহাটীত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । সংবাদমেলত বিধায়কগৰাকীয়ে পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

সংবাদমেলত অখিল গগৈয়ে কয়,"ৰাজ্যত মূল্যবৃদ্ধি বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে এই ধৰণৰ কথিত ছিণ্ডিকেট আৰু অবৈধ সংগ্ৰহ । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শাসনকালতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ।"

তেওঁ কয়,"বিধানসভাত কালি মই এটা ডাঙৰ অভিযোগ ৰাজ্যপালৰ ওচৰলৈ লৈ গৈছিলোঁ । অসমত সকলো বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে যে শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত চলি থকা ছিণ্ডেকেট তথা গুণ্ডাটেক্স সংগ্ৰহ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক এনডিএত ৰাখিবৰ বাবে শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত অবৈধ ছিণ্ডিকেট বহুৱাইছে । ইয়াৰ বাবে দুয়োজনৰ মাজত চুক্তি হৈছে । গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ বাবেই সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । দুয়োখন গেটত প্ৰতিখন মালবাহী বাহনৰ পৰা অবৈধভাৱে গুণ্ডাটেক্স সংগ্ৰহ কৰা হয় ।"

তেওঁ কয়,"মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে এই ছিণ্ডিকেট চলাই আছে । হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি পৰিবহন বিভাগৰ মন্ত্রী পদটো বিপিএফে লৈছে । এই গোটেই বস্তুটোৰ মধ্যস্থতা কৰি দিবৰ বাবে দায়িত্ব অৰ্পন কৰিছে জয়ন্ত মল্লবৰুৱাক । হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই ছিণ্ডিকেটত আছে জয়ন্ত মল্লবৰুৱা । হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধি হিচাপে আছে চৰণ বড়ো । পৰিবহণ বিভাগটোক ব্যৱহাৰ কৰি এই ছিণ্ডিকেট চলাই থকা হৈছে । এই ছিণ্ডিকেটৰ বাবেও মূল্যবৃদ্ধি হৈছে ।"

সংবাদমেলত পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি বিধায়কগৰাকীয়ে কয়,"ইন্ধনৰ মূল্যবৃদ্ধিৰ মূল কাৰণ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা অধিক কৰ । প্ৰতি লিটাৰ পেট্ৰ'লৰ ওপৰত মুঠ ৩৮.৭০ টকা কৰ সংগ্ৰহ কৰা হয় । ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ১৯.৯০ টকা আৰু ৰাজ্য চৰকাৰে ১৮.৮০ টকা কৰ সংগ্ৰহ কৰে । চৰকাৰে ইন্ধনৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস বা প্ৰত্যাহাৰ কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য স্বয়ংক্ৰিয়ভাৱে কমিব আৰু সাধাৰণ জনতাই সকাহ পাব ।"

গগৈয়ে পুনৰ কয়,"আনহাতে ৰন্ধন গেছৰ ওপৰত থকা কেন্দ্ৰ আৰু ৰাজ্যৰ কৰ এই সংকটকালত উঠাই দিব লাগে । সেইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শীঘ্ৰে শ্ৰীৰামপুৰ চেকগেট আৰু বক্সিৰহাট চেকগেটত চলোৱা ছিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে । হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ ছিণ্ডিকেট বন্ধ নহ'লে অসমীয়া মানুহে সকলো বস্তুৰ ওপৰত বেছি মূল্য দিবলৈ বাধ্য থাকিবই লাগিব । আমাৰ দাবী হ'ল যে পৰিবহণ বিভাগটো বিপিএফ দলৰ পৰা কাঢ়ি আনিব লাগে আৰু ছিণ্ডকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ।"

লগতে পঢ়ক: বিধ্বস্ত গৌৰৱে এতিয়াও ক'ব পৰা নাই কোন হ'ব বিৰোধী দলপতি: চালে-বেৰে কোবাইহে সামৰিছে প্ৰসংগ

দুহাতেৰে মাত্ৰ টকা গোটাই, ধৃত এচিএছ বিষয়াৰ ঘৰৰ প্ৰতিটো কোণৰ পৰা উদ্ধাৰ নোটৰ বাণ্ডিল