ETV Bharat / state

কাজিৰঙাত উদ্ধাৰ ঢেকীয়াপতীয়াৰ মৃতদেহ

বাগৰি এলেকাত বাঘৰ ঘনত্ব বেছি বাবে পৰস্পৰৰ যুঁজ হৈয়ে থাকে ।

Carcass of an adult female tiger in Kaziranga National Park
ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 11:03 AM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ ৷ দেওবাৰে বিয়লি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ পশ্চিম ৰেঞ্জৰ কাঠপৰা বন শিবিৰত টহলদাৰী দলে উদ্ধাৰ কৰে ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ ৷ পৰস্পৰৰ যুঁজত বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে কয়, "দেওবাৰে বিয়লি উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা বন শিৱিৰ এলেকাত টহলদাৰী বনকৰ্মীৰ দলে এটা মৃত ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰে ৷ বনকৰ্মীৰ দলটোৱে ঊর্ধ্বতন কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছতে বনবিষয়া, পশু চিকিৎসকৰ লগতে ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি গঠন কৰা সমিতি ঘটনাস্থলীত উপস্থিত হয় ৷"

ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে পুনৰ কয়, "উদ্যানৰ বাগৰিত উদ্ধাৰ হৈছে প্ৰায় ৪ বছৰীয়া মাইকী বাঘজনীৰ মৃতদেহ ৷ আনহাতে মৰণোত্তৰ পৰীক্ষাত তথা প্ৰাৰম্ভিক অনুসন্ধানত বাঘিনীজনীৰ পৰস্পৰৰ যুঁজত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ বাঘজনীৰ ৰাজহাড় আৰু নিম্নাংশত থকা আঘাতেও পৰস্পৰৰ যুঁজত মৃত্যু হোৱাৰ সন্দেহ বৃদ্ধি কৰিছে ৷"

বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে লগতে কয়, "বাগৰি এলেকাত বাঘৰ ঘনত্ব বেছি ৷ সেয়ে স্বাভাৱিকতে পৰস্পৰৰ যুঁজ হৈয়ে থাকে ৷" আনহাতে, নীতি অনুসৰি মৃত বাঘৰ দেহৰ নমুনা বিভিন্ন পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে বুলিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে জানিব দিছে ৷ উল্লেখ্য় যে বিগত সময়তো এনেদৰে মৃত্য়ু হোৱা বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক:ঈশ্বৰে বচালেহে বচোৱা ! ঢেকীয়াপতীয়া খেদিবলৈ বন বিভাগৰ ধূপ জ্বলাই প্ৰাৰ্থনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫ টা বিপদাপন্ন প্ৰজাতিৰ শগুণ মুকলিৰ যো-জা