ETV Bharat / state

মাজুলীৰ প্ৰকৃতিয়ে জীৱনবোধ দিলে বিদেশী পৰ্যটকক

মাজুলীত এতিয়া পৰ্যটকৰ ভিৰ । মুখা শিল্প পৰিৱেশনে আপ্লুত কৰিলে বিদেশী পৰ্যটকক ।

The calm and steady environment of Majuli has impressed foreign tourists
মাজুলীত মুখা শিল্প প্ৰদৰ্শন কৰা শিল্পীসকলৰ সৈতে বিদেশী পৰ্যটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী: বাৰিষাৰ সংহাৰী ৰূপৰ অন্ত পৰাৰ লগে লগে এতিয়া মাজুলীত প্রকৃতিয়ে লৈছে এক অনুপম ৰূপ । বানপানীয়ে ধুই থৈ যোৱা নদীদ্বীপটোৱে এতিয়া যেন পিন্ধিছে সেউজীয়াৰ ন-সাজ । বিল, জলাশয়ত আলহী চৰাইৰ জলকেলি, লুইতৰ বুকুৰ সোণালী সূৰ্যাস্ত আৰু সত্ৰীয়া সংস্কৃতিৰ এই অপৰূপ সমাহাৰ উপভোগ কৰিবলৈ এতিয়া মাজুলীত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে । শালমৰাৰ মৃত শিল্পৰ পৰা মিচিং-দেউৰী গাঁৱৰ জনজীৱনলৈ, সকলোতে এতিয়া পৰ্যটকৰ উখল-মাখল পৰিৱেশ ।

এই পৰ্যটন বৰ্ষৰ আৰম্ভণিতে সুদূৰ ফ্ৰান্সৰ পৰা অহা এটি ৬ জনীয়া পৰ্যটকৰ দলে মাজুলী ভ্ৰমণ কৰি যি অভিজ্ঞতা বৰ্ণনা কৰিলে, সেয়া মাজুলীবাসীৰ লগতে অসমবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় । যান্ত্ৰিকতাৰ গ্ৰাসত পৰা পাশ্চাত্যৰ চহৰীয়া জীৱনতকৈ মাজুলীৰ এই ধীৰ-স্থিৰ জীৱনশৈলী বহুগুণে সুখকৰ বুলি অভিহিত কৰিছে এই বিদেশী দলটোৱে ।

মাজুলীৰ প্ৰকৃতিয়ে জীৱনবোধ দিলে বিদেশী পৰ্যটকক (ETV Bharat Assam)

মুখা শিল্প দেখি অভিভূত ফ্ৰান্সৰ দম্পতী । মাজুলীৰ ঐতিহ্যমণ্ডিত নতুন চামগুৰি সত্ৰত উপস্থিত হৈ পৰ্যটকৰ দলটোৱে সত্ৰীয়া সংস্কৃতিৰ অন্যতম সম্পদ 'মুখা ভাওনা' প্ৰত্যক্ষ কৰে । মুখা শিল্পৰ নিপুণতা আৰু ইয়াৰ আঁৰৰ আধ্যাত্মিক দৰ্শন দেখি দম্পতীহাল আৱেগিক হৈ পৰে । ফ্ৰান্সত অসম বৰকৈ পৰিচিত নহয় যদিও, বিভিন্ন গৱেষণামূলক প্ৰবন্ধ পঢ়ি তেওঁলোকে অসমৰ প্ৰকৃতি উপভোগ কৰিবলৈ অহাৰ সিদ্ধান্ত লৈছিল ।

The calm and steady environment of Majuli has impressed foreign tourists
মুখা ভাওনা উপভোগ কৰিলে বিদেশী পৰ্যটকে (ETV Bharat Assam)

সাংবাদিকৰ আগত ফ্ৰান্সৰ পৰ্যটকগৰাকীয়ে কয়,"মাজুলীৰ শান্ত পৰিৱেশ আৰু ইয়াৰ প্ৰকৃতি সঁচাকৈয়ে অতুলনীয় । ইয়াত সময়বোৰ বৰ ধীৰ গতিৰে পাৰ হয়, যিটো আমাৰ বাবে এক নতুন অভিজ্ঞতা । চহৰৰ কোলাহলৰ পৰা আঁতৰি মাজুলীৰ দয়ালু মানুহৰ সান্নিধ্যত আৰু প্ৰকৃতিৰ কোলাত চাইকেল চলাই তথা যোগাসন কৰি আমি বিচাৰি পাইছোঁ এক মানসিক প্ৰশান্তি ।"

"আমাৰ জীৱন নে, এই সৰলতা শ্ৰেষ্ঠ ?"— পৰ্যটকৰ আত্মজিজ্ঞাসা মাজুলীৰ ভ্ৰমণে বিদেশী পৰ্যটকৰ মনত এক দৰ্শনিক প্ৰশ্নৰো উদয় কৰাইছে । দলটোৰ আন এজন সদস্যই মাজুলীৰ সৰল জীৱনধাৰাক লৈ গভীৰ মন্তব্য প্ৰকাশ কৰে ।

The calm and steady environment of Majuli has impressed foreign tourists
মুখা শিল্প দৰ্শন কৰিলে বিদেশী পৰ্যটকে (ETV Bharat Assam)

তেওঁ কয়,"মাজুলী এখন বিস্ময়কৰ ঠাই । আমি যিসকলে ডাঙৰ চহৰত থাকোঁ, আমাৰ বাবে ইয়ালৈ অহাটো এক বিশেষ অভিজ্ঞতা । ইয়াত সকলোৰে সৈতে খোজ কাঢ়ি, সৰু সৰু ঠাইত কাম কৰি আমি জীৱনৰ এক বেলেগ সোৱাদ পাইছোঁ । মাজুলীৰ পৰিৱেশে আমাৰ মনত প্ৰশ্নৰ উদয় কৰাইছে, আচলতে আমাৰ আধুনিক জীৱনটোৱেই বেছি ভাল নে এই ঠাইৰ জীৱনশৈলী বেছি ভাল ? হয়তো এই দুয়োটাৰ এটা মিশ্ৰণ হ'ব পাৰে, কিন্তু ইয়াত উপস্থিত হৈ আমি সঁচাকৈয়ে নিজৰ জীৱনক লৈ নতুনকৈ ভাবিবলৈ লৈছোঁ ।"

পৰ্যটকৰ আগ্ৰহ দেখি উৎফুল্লিত পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে ক’লে,"শিল্প কলাই আমাৰ জাতিৰ মেৰুদণ্ড, গুৰুজনাৰ সৃষ্টি বিশ্বমুখী কৰাই আমাৰ লক্ষ্য ।"

লগতে পঢ়ক: সোণাপুৰৰ জুবিন ক্ষেত্ৰত ‘দক্ষ যজ্ঞ’ ভাওনা

বিধানসভাত নতুন বিধেয়ক উত্থাপন : স্থাপন হ'ব দুখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয়