ETV Bharat / state

গুৱাহাটীৰ কৃত্ৰিম বান: চৰকাৰৰ গাফিলতিৰ সমানে জগৰীয়া জনতাৰ নিৰ্লিপ্ততাও

ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ক'লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ।

Guwahati artificial flood
চৰকাৰৰ গাফিলতিৰ সমানে জগৰীয়া জনতাৰ নিৰ্লিপ্ততাও (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 7:37 PM IST

6 Min Read
Choose ETV Bharat

কুলগীতা সাউদ

গুৱাহাটী: গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ আহিলে মহানগৰৰ একাধিক অঞ্চল পানীত ডুব যায় । প্ৰতিটো বাৰিষাত একাধিকবাৰ গুৱাহাটী মহানগৰ কৃত্ৰিম বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় । তাতোকৈ ডাঙৰ কথা এয়াই যে এই বানপানীৰ ফলত প্ৰতিবছৰে নাগৰিকৰ দুৰ্ভাগ্যবশতঃ মৃত্যু হয়।

দেওবাৰে সন্ধিয়াৰ পৰা অহা মুষলধাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত গুৱাহাটীৰ একাধিক অঞ্চল ডুব যোৱাৰ লগতে মালিগাঁৱৰ উন্মুক্ত মেনহ'লত পৰি পায়েল নাথ নামৰ এগৰাকী মহিলাই দুৰ্ভাগ্য়জনকভাৱে মৃত্যুক সাবটি ল'বলগীয়া হয়।

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat)

প্ৰতিটো বছৰে বাৰিষাৰ সময়ত অহা মুষলধাৰ বৰষুণে গুৱাহাটীত নাগৰিকৰ জীৱন কাঢ়ি নিয়েই আছে। দেওবাৰে গুৱাহাটীৰ নিকটৱৰ্তী আজাৰাৰ নিবাসী পায়েল নাথে মালিগাঁৱত মৃত্যুক সাবটি ল'বলগীয়া হোৱাৰ বিপৰীতে বিগত বৰ্ষবোৰত মুঠ ১৩টা এনে ঘটনাই নাগৰিকৰ জীৱন কাঢ়ি নিছে । চৰকাৰ বা প্ৰশাসনৰ অমনোযোগিতাৰ ফলত এইদৰে মৃত্যু হোৱাৰ ঘটনা বা নাগৰিকৰ সম্পত্তিৰ ক্ষতিসাধন সম্পৰ্কত ইটিভি ভাৰত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ কাষ চাপিছিল । কৰ পৰিশোধ কৰি জীৱন নিৰ্বাহ কৰা নাগৰিকে মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগত এইদৰে হোৱা ক্ষতিসাধনৰ উচিত ন্য়ায়ৰ লগতে ক্ষতিপূৰণ পোৱাৰ দাবীদাৰ বুলি জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে ইটিভিৰ আগত মন্তব্য় কৰে।

Guwahati artificial flood
গুৱাহাটীৰ বান পৰিস্থিতি (ETV Bharat)

ভুক্তভোগী পৰিয়ালক আইনে সহায় কৰিব:

স্থানীয় প্ৰশাসন কিম্বা চৰকাৰৰ গাফিলতিৰ বাবে মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগৰ উচিত ক্ষতিপূৰণ দাবী কৰি নাগৰিক আইনৰ সহায় বিচাৰিব পাৰে । গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ জ্য়েষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে এই সন্দৰ্ভত কয়, "দেওবাৰে নিশা মালিগাঁৱত কৃত্ৰিম বানত উন্মুক্ত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনা এখন চৰকাৰৰ বাবে আটাইতকৈ ভয়ানক আৰু লজ্জাজনক কথাৰ বাদে অন্য় একো হ'ব নোৱাৰে । চৰকাৰৰ অৱহেলাৰ বাবেই এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হ'ল ।"

জ্য়েষ্ঠ অধিবক্তগৰাকীয়ে লগতে উল্লেখ কৰে, "গুৱাহাটীৰ চৌপাশে ডাঙৰ ডাঙৰ নিৰ্মাণ কাৰ্য চলি আছে । গুৱাহাটীৰ মাজমজিয়াত উৰণসেতুৰ অভাৱ নাই । এই চহৰ উৰণসেতুৰ মহানগৰীত পৰিণত হৈছে । কোটি কোটি টকা খৰচ কৰি থকা চৰকাৰখনে পথৰ নলাৰ গাঁত বন্ধ কৰিব নোৱাৰে ? সেইটোক আমি কি আখ্যা দিম ? এয়া হৈছে চৰকাৰৰ অমনোযোগিতাৰ আটাইতকৈ ডাঙৰ উদাহৰণ । এইক্ষেত্ৰত দায়িত্বত থকাসকলে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে ।"

Guwahati artificial flood
গুৱাহাটীৰ বান পৰিস্থিতি (ETV Bharat)

এইক্ষেত্ৰত নাগৰিকে পাব পৰা আইনী সহায় সম্পৰ্কত তেওঁ কয় যে চৰকাৰৰ অৱহেলা বা অমনোযোগিতাৰ বাবে এনে ঘটনা সংঘটিত হৈছে, তাৰ বাবে মহিলাগৰাকীৰ পৰিয়ালে বা ভুক্তভোগী পৰিয়ালে নিসন্দেহে আদালতৰ মজিয়ালৈ আহি ক্ষতিপূৰণ বিচাৰিব পাৰে । তদুপৰি যিসকল দায়িত্ববাহী বিষয়া তেওঁলোকৰ বিৰুদ্ধে একো নহ'লেও বিভাগীয় তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে । আইনৰ কাষ চাপিলে দায়িত্বত থকা নিৰ্দিষ্ট বিভাগে দায়িত্ব পালনত ব্যৰ্থ হৈছে বুলি প্ৰমাণ হ'লে দায়িত্বত থকা বিষয়াসকল চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো নিশ্চিত । তাত কোনো সন্দেহ নাই।"

Guwahati artificial flood
গুৱাহাটীৰ সোমবাৰৰ ছবি (ETV Bharat)

অৱশ্য়ে তেওঁ আশংকা ব্য়ক্ত কৰে যে, এনে মানৱসৃষ্ট ঘটনাবোৰ সংঘটিত হ'লে পূৰ্বতেও কোনো ভুক্তভোগীৰ পৰিয়াল আইনৰ কাষ চপা নাছিল আৰু এতিয়াও নাচাপে । এই কথাবোৰ এনেদৰে চলি থাকিব বুলি কয় ।

কিয় ভুক্তভোগীয়ে আদালতৰ কাষ নাচাপে:

জ্যেষ্ঠ অধিবক্তা বৰঠাকুৰে ইটিভিক জনাই যে- "ভুক্তভোগীৰ পৰিয়ালবোৰে মূলতঃ দুটা কাৰণত আদালতৰ কাষ নাচাপে । প্ৰথম- ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো মানুহে জটিল বুলি গণ্য় কৰে, ন্য়ায়ৰ বাবে আদালতলৈ গৈ থাকিব লাগিব বা অধিবক্তাক টকা দি থাকিব লাগিব বাবেই এই প্ৰক্ৰিয়াৰ ভিতৰলৈ কোনো নাহে ।"

Guwahati artificial flood
গুৱাহাটীৰ বান পৰিস্থিতি (ETV Bharat)

নাগৰিকে ন্য়ায় বিচাৰি ন্য়ায়ালয়ৰ কাষ নচপাৰ দ্বিতীয় কাৰক হিচাপে তেওঁ কয়, "মানুহে মূলতঃ ভয় খায় । ন্য়ায়ৰ বাবে টোকৰ মাৰিলে মোৰ যদি কিবা হয় ? এই কাৰণ দুটাৰ বাবে আইনৰ কাষ চাপিব নিবিচাৰে । তদুপৰি আইনৰ প্ৰক্ৰিয়াটো লেহেমীয়া হয় । ন্যায় পাবলৈ পলম হয় । ন্যায় পাম বোলা কথাটোত মানুহৰ বিশ্বাস নোহোৱা হৈ যায় । এইবিলাক কাৰণত আহিব নিবিচাৰে ।"

দেওবাৰ গুৱাহাটী মহানগৰত সংঘটিত কৃত্ৰিম বান আৰু এই বানত দুৰ্ভাগ্য়জনকভাৱে মৃত্য়ুক সাবটি লোৱা পায়েল নাথ সম্পৰ্ক মন্তব্য় কৰি জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে লগতে কয়, "কেৱল টকা-পইচা কমিচনৰ অংকত বহি আছে শাসক । নৈতিকতাবোধ না ই। নৈতিকতাবোধ নোহোৱা মানুহক আমি প্ৰশাসনত বহুৱাই থৈছো, আমাক শাসন কৰিবলৈ দিছো, গতিকে এনেকুৱা ঘটনাবোৰ ঘটিবলৈ লৈছে । এনে ঘটনা বেলেগ দেশত ঘটিলে শাসকে এই ঘটনাৰ বাবে পদত্যাগ কৰিলেহেঁতেন বা জনতাই পদত্যাগ কৰিবলৈ বাধ্য কৰিলেহেঁতেন ।"

Guwahati artificial flood
এইখনেই গুৱাহাটী (ETV Bharat)

চৰকাৰৰ লগতে নাগৰিককো দোষাৰোপ কৰি তেওঁ কয়, "আমাৰ নাগৰিকৰ ভূমিকাও সক্ৰিয় আৰু সবল নহয় । যাৰ কাৰণে চৰকাৰে যি মন তাকে কৰে । ২০২৪ চনটোত কৃত্ৰিম বানত নলাত পৰি আঠ বছৰীয়া এটি শিশুৰ মৃত্যু হৈছিল । দুবছৰৰ পিছত একেধৰণৰ কাৰণতে পুনঃ এগৰাকী মহিলাৰ মৃত্যু হ'বলগীয়া হৈছে । উন্নয়নৰ গংগাত যদি মানুহবোৰ মৰিবলগীয়া হয় তেনেহলে কিহৰ এই উন্নয়নৰ গংগা ।"

পূৰ্বতেও হৈছে অনুৰূপ ঘটনা:

উল্লেখ্য যে, ২০০২ চনত মহানগৰীত কৃত্ৰিম বানত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ মৃত্যু হৈছিল ৷ বানত কৰুণভাৱে মৃত্যুক সাবটি লৈছিল উপামণি চৌধুৰী ৷ চানমাৰি অঞ্চলত এটা নলাত পৰি উপামণিৰ মৃত্যু হৈছিল । কৃত্ৰিম বানে একাকাৰ কৰি পেলোৱা মহানগৰীৰ এক উন্মুক্ত নলাত পৰি উপামণি চৌধুৰী নামৰ এগৰাকী মহিলা একেদৰে নিৰুদ্দিষ্ট হৈ পৰিছিল ৷ শেষত পল্টন বজাৰৰ নন্দন হোটেলৰ ওচৰৰ নলাৰ জাবৰৰ দ’মত আবদ্ধ হৈ থকা অৱস্থাত তেওঁৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছিল। ২০০৭ চনত জু-ৰোডৰ উন্মুক্ত নলাত পৰি বিনয়মোহন দাস নামৰ এজন লোকৰ মৃত্যু হৈছিল ।

Guwahati artificial flood
গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতি (ETV Bharat)

২০১৭ত গুৱাহাটীৰ বানপানীৰ বাবে নজন লোকে কৰুণভাৱে মৃত্যুক সাবটি লৈছিল । ইয়াৰ ভিতৰত চাৰিজন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল । পদপথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ ৫৫ বছৰীয়া বাসন্তী দেৱীৰ কৰুণ মৃত্যু হৈছিল । কেৱল বাসন্তী দেৱীয়ে নহয়, সেই বছৰটোত গুৱাহাটীত বানপানীৰ বাবে মুঠ আঠজন লোকৰ মৃত্যু হৈছিল । ইয়াৰে চাৰিজনে বানপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটি লৈছিল । সেই বছৰটোতে মহানগৰীৰ বানত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷ আনহাতে দুবছৰ পূৰ্বে ২০২৪ত পিতৃৰ সৈতে ঘৰলৈ ওভতাৰ সময়ত কৃত্ৰিম বানত অবিনাশ সৰকাৰ নামৰ আঠ বছৰীয়া শিশুটিৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক: ভয়ংকৰ জলাশয়ত পৰিণত সমগ্ৰ গুৱাহাটী : নলাত পৰি প্ৰাণ গ'ল মহিলাৰ, স্কুল-কলেজ সকলো বন্ধ