ETV Bharat / state

মহানগৰীত সিচঁৰতি হৈ আছে এশ কোটিৰো অধিক জালনোট, সৰবৰাহকাৰীৰ স্বীকাৰোক্তি

জালনোটৰ ঘাটিত পৰিণত গুৱাহাটী । মহানগৰীত এশ কোটি টকাৰ জালনোট থকাৰ বিস্ফোৰক স্বীকাৰোক্তি জালনোট সৰবৰাহকাৰীৰ ।

The arrested smugglers confessed to having counterfeit notes worth Rs 100 crore in Guwahati
মহানগৰীত সিচঁৰিত হৈ আছে এশ কোটিৰো অধিক জালনোট, সৰবৰাহকাৰীৰ স্বীকাৰোক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 8:15 PM IST

|

Updated : July 2, 2026 at 8:26 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সিচঁৰতি হৈ আছে এশ কোটি টকাৰো অধিক জালনোট । এই বিস্ফোৰক স্বীকাৰোক্তি এজন জালনোট সৰবৰাহকাৰীৰ । নাম অজয় বিশ্বকৰ্মা । বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰা জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাই স্পষ্টভাৱে সদৰী কৰে যে গুৱাহাটীত এশ কোটি টকাৰো অধিক জালনোট সিচঁৰতি হৈ আছে ।

অজয় বিশ্বকৰ্মাই দিয়া স্বীকাৰোক্তি অনুসৰি লখিমপুৰৰ বঙালমাৰাৰ পৰা চলে জালনোটৰ এই বৃহৎ ছিণ্ডিকেট । লক্ষণীয় বিষয় যে গুৱাহাটী মহানগৰীত জালনোটৰ ব্যাপক পয়োভৰ ঘটিছে । বিগত কেইদিনত আৰক্ষীয়ে গুৱাহাটীত বুজন পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীত বিগত ৪৮ ঘণ্টাত তিনিটাকৈ স্থানত আৰক্ষীয়ে জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে।

মহানগৰীত সিচঁৰতি হৈ আছে এশ কোটিৰো অধিক জালনোট, সৰবৰাহকাৰীৰ স্বীকাৰোক্তি (ETV Bharat Assam)
The arrested smugglers confessed to having counterfeit notes worth Rs 100 crore in Guwahati
জব্দ কৰা জালনোটখিনি (ETV Bharat Assam)

উল্লেখ্য যে বুধবাৰে নিশা মহানগৰীৰ দুটা স্থানৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে। মালিগাঁও আৰু ছয়মাইলৰ পৰা আৰক্ষীয়ে জালনোটসমূহ জব্দ কৰে। মালিগাঁৱত নিশা ৭ লাখ ৩৭ হাজাৰ টকাৰ জাল নোট জব্দ কৰাৰ লগতে জালনোটসহ বহিঃৰাজ্যৰ দুই লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এই জালনোটখিনি কামাখ্যা ৰে’ল জংচনৰ পৰা জব্দ কৰা হয়। আৰক্ষীৰ জালত পৰা দুই সৰবৰাহকাৰী হৈছে দয়াল দাস আৰু গোলাব শ্বেখ । দুই সৰবৰাহকাৰীয়ে জালনোটখিনি ঝাৰখণ্ডলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

The arrested smugglers confessed to having counterfeit notes worth Rs 100 crore in Guwahati
গ্ৰেপ্তাৰ কৰা জালনোট সৰবৰাহকাৰী (ETV Bharat Assam)

আনহাতে গুৱাহাটীৰ ছয়মাইলতো বুধবাৰে নিশা দিছপুৰ আৰক্ষীয়ে জালনোটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । AS-01-PC-8433 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰী দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক ।

ধৃত দুয়োৰে ঘৰ ধেমাজি চিলাপথাৰৰ দেউৰীগাঁৱত । অভিযানত বাহনসহ জালনোটৰ লগতে অন্যান্য সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে । দিছপুৰ আৰক্ষীয়ে ধৃত দুয়োজনকে জেৰা অব্যাহত ৰাখিছে। ইয়াৰে ধৃত অজয় বিশ্বকৰ্মাই দিয়া স্বীকাৰোক্তি অনুসৰি গুৱাহাটীত এশ কোটি টকাৰ জালনোটৰ ক'লা বেহা চলিছে ।

The arrested smugglers confessed to having counterfeit notes worth Rs 100 crore in Guwahati
জব্দ কৰা বাহন আৰু জালনোট (ETV Bharat Assam)

লখিমপুৰৰ বঙালমৰাৰ পৰা গুৱাহাটীত চলিছে জালনোটৰ ক’লা বেহা।

ছাহিল আলী ওৰফে ইছমাইল আৰু তেওঁৰ পত্নীৰ নেতৃত্বত চলিছে জালনোটৰ বেহা। গুৱাহাটীৰ কটাহবাৰীত থাকি ছাহিলে গুৱাহাটীত মেলিছে জালনোটৰ বজাৰ । ছাহিল আৰু পত্নীৰ লগতে এই বেহাত জড়িত আছে কেইবাজনো লোক ।

আব্দুল গফুৰ, আফচানুৰ ৰহমান, চিন্ময় কলিতাও জড়িত আছে এই বেহাত । আৰক্ষীক মেনেজ কৰি জালনোটৰ বেহা চলোৱাৰ এই অভিযোগ সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাৰ। ধৃত অজয় বিশ্বকৰ্মাৰ অভিযোগ অনুসৰি চক্ৰটোৱে বঙামাৰাৰ পৰা জালনোট আনি গুৱাহাটীত ক’লা বেহা চলাইছে। আনকি গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মাই এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনাই ।

ইয়াৰ পূৰ্বে মঙলবাৰে পাঞ্জাবাৰীত ১৩ লাখ টকা মূল্যৰ জালনোট জব্দ কৰা হৈছিল । উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত এখন বাহনৰ পৰা জব্দ কৰা হৈছিল নোটখিনি । দিছপুৰ আৰক্ষীৰ জালত পৰে তিনি জালনোট সৰবৰাহকাৰী । জালনোটৰ লগতে এখন বাহনো জব্দ কৰে আৰক্ষীয়ে । উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আহিছিল সৰবৰাহকাৰী দলটো ।

লক্ষ্যণীয় বিষয় যে ধৃত অজয় বিশ্বকৰ্মাৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তি কি সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব । ধৃত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা পূৰ্বেও কেইবাবাৰো আৰক্ষীৰ জালত পৰিছিল।

লগতে পঢ়ক: পদব্ৰজে বিশ্ব পৰিভ্ৰমণৰ উদ্দেশ্য: ধুবুৰী গুৰুদ্বাৰত উপস্থিত পাঞ্জাবী যুৱক

বিশ্বৰ শ্ৰেষ্ঠ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত ইউএছটিএমৰ দুই গৱেষক

Last Updated : July 2, 2026 at 8:26 PM IST