অম্বুবাচী মহাযোগৰ বাবে সাজু নীলাচল পাহাৰ: কেতিয়া বন্ধ হ'ব মন্দিৰৰ দুৱাৰ ?
পুনৰ দেশ-বিদেশৰ সাধু-সন্যাসীৰে ভৰি পৰিব নীলাচল পাহাৰ ৷ ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ আৰম্ভ হ'ব ৷

Published : May 23, 2026 at 6:29 PM IST
গুৱাহাটী: বিশ্বপ্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত এতিয়া সমাগত মহা অম্বুবাচী মহাযোগৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । এইবাৰ ৮ লাখৰো অধিক ভক্ত-দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ । অহা ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ । তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ আৰু ২৬ জুনৰ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ ।
ইতিমধ্যে অম্বুবাচী মহাযোগৰ বাবে ভক্ত আৰু দৰ্শনাৰ্থীৰ লগতে সাধু-সন্নাসীৰ আগমন ঘটা পৰিলক্ষিত হৈছে নীলাচল পাহাৰত । অৱশ্যে আৰু কিছুদিন পাছতেই এই সমাগম ব্যাপক ৰূপত পৰিলক্ষিত হ'ব । সমাগত অম্বুবাচী মহাযোগ সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাৰে হোৱা ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
আগন্তুক অম্বুবাচী মহাযোগ সন্দৰ্ভত বৰদলৈয়ে কয়, "এইবাৰৰ অম্বুবাচী মহাযোগৰ ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি হ'ব । পৰম্পৰা অনুসৰি তিনিদিনৰ বাবে মন্দিৰ বন্ধ থাকিব । তিনিদিন পাছত ২৬ জুনৰ পুৱা পৰম্পৰা অনুসৰি নিত্যপৰ্ব দেৱীস্নান আদি কৰাৰ পিছত মন্দিৰৰ দুৱাৰ খোলা হ'ব । পুৱা ৬ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত মন্দিৰৰ দুৱাৰ ব্যৱস্থা কৰা হ'ব । তাৰ পিছত ভক্তই দৰ্শন কৰিব পাৰিব । ২২ জুনৰ দিনা মন্দিৰ দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব । নিশা আৰতি হোৱাৰ পিছত বন্ধ কৰা হ'ব ।"

অম্বুবাচীৰ প্ৰস্তুতি সন্দৰ্ভত বৰদলৈয়ে কয়, "অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰাৰ বাবে প্ৰত্যেকবাৰৰ বাবে এইবাৰো এখন কমিটী গঠন কৰা হৈছে । ইতিমধ্যে কমিটীখনে কাম আৰম্ভ কৰিছে । আনহাতে ১৭ জুনত অসম চৰকাৰৰ পৰ্যটন মন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত দিছপুৰত এখন সভা অনুষ্ঠিত হৈ গৈছে । সকলো বিভাগৰ লগত আলোচনা হৈছিল । অম্বুবাচী উপলক্ষ্যে সকলো দিশ তদাৰক কৰাৰ বাবে সংশ্লিষ্ট বিভাগক দায়িত্ব দিয়া হৈছিল । যাতে কোনো ধৰণৰ অসুবিধা নহয়। আনহাতে মন্দিৰ পৰিচালনা কমিটী বা আমাৰ দেৱালয়ৰ তৰফৰ পৰা নীলাচল পাহাৰৰ কোনো ধৰণৰ খোৱা আৰু থকাৰ ব্যৱস্থা নাথাকে ।’’

তেওঁ আৰু কয়, ‘‘অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰলৈ পদপথে খোজকাঢ়ি অহা ভক্ত-দৰ্শনাৰ্থীৰ বাবে ঠায়ে ঠায়ে খোৱাপানীৰ ব্যৱস্থা থাকিব । কামাখ্যাৰ তলতে জোতা-ছেণ্ডেল ৰখাৰ ব্যৱস্থা থাকি ব। কোনেও জোতা-ছেণ্ডেল লৈ আহিব নোৱাৰিব । কামাখ্যা মন্দিৰৰ তলৰ পৰা ওপৰলৈ সম্পূৰ্ণ পথচোৱাত কাৰ্পেট দিয়া হ'ব। যাতে ভৰিত গৰম নালাগে । পাণ্ডু ৰাস্তাটো প্ৰয়োজনত ব্যৱহাৰ কৰা হ'ব ।"

উল্লেখ্য যে, অম্বুবাচী মহাযোগ সন্দৰ্ভত পৰ্যটন মন্ত্রী অজন্তা নেওগে ১৭ জুনত সাধাৰণ প্ৰশাসন, শিক্ষা, পৰিবহণ, জনস্বাস্থ্য আৰু কাৰিকৰী, লোকনিৰ্মাণ (পথ আৰু গৃহ), স্বাস্থ্য, বিদ্যুৎ, নগৰ উন্নয়ন, পৰ্যটন, আৰক্ষী, ৰে’ল আদি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু দলৈ সমাজৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈছিল । সেই বৈঠকত অম্বুবাচী মেলাক কেন্দ্ৰ কৰি ভক্ত-দৰ্শনাৰ্থীৰ সুবিধা, যাতায়াত ব্যৱস্থা, নিৰাপত্তা, স্বাস্থ্যসেৱা আদি বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

ভক্তৰ সমাগমৰ প্ৰসংগত বৰদলৈয়ে কয়, "২২ জুনৰ পৰা অম্বুবাচী মহাযোগ আৰম্ভ হ'ব যদিও ১৫ জুন মানৰ পৰাই ভক্ত-দৰ্শনাৰ্থী আৰু সাধু-সন্নাসীৰ আগমন ঘটে । তেতিয়াৰ পৰাই লাগে লাগে ভিৰ আৰম্ভ হয়। সাধু-সন্নাসীৰ বাবে মন্দিৰ চৌহদত মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা থকা-খোৱাৰ ব্যৱস্থা কৰা হয় । যোৱাবাৰৰ দৰে এইবাৰো সন্ধিয়া ৬ বজাৰ পৰা নিশাৰ ভাগত ওপৰলৈ অহাটো বন্ধ কৰা হ'ব । যোৱা বছৰ ৭.৮৫ লাখ লোকৰ সমাগম হৈছিল । প্ৰত্যেক বছৰেই ভক্তৰ সমাগম বৃদ্ধি হৈ আহিছে । এইবাৰো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এইবাৰ ৮ লাখৰো অধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । বিদেশৰ পৰাও ভক্ত আহে । যোৱা বছৰ আমেৰিকা, লণ্ডন, ভূটান, নেপাল আদি ৰাষ্ট্ৰৰ পৰা ভক্ত আহি মা কামাখ্যাৰ ধ্যান কৰে ।"

নীলাচল পাহাৰলৈ অসৎ উদ্দেশ্য লৈ কোনো লোক অহাৰ প্ৰসংগত বৰদলৈয়ে কয়, "অম্বুবাচী মহযোগত সাধনা লাভৰ বাবে বহু ভক্ত, সাধু-সন্নাসীৰ নীলাচল পাহাৰলৈ আগমন ঘটে । এতিয়া এশজনৰ এশজনেই যে শুদ্ধ মন লৈ আহে তেনে নহয় । তাৰ মাজতো অসৎ উদ্দেশ্য লৈ বহু লোক আহে । তাৰ বাবে আমি প্ৰতিটো ক্ষেত্রতে চিচিটিভিৰ উপৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় । যাতে কোনেও কোনো ধৰণৰ অসৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে । অম্বুবাচীৰ সময় নীলাচল পাহাৰত ধ্যানধাৰণাৰ সময়। এই সময়খিনিত শুদ্ধ মনেৰে দেৱীৰ ধ্যানত মগ্ন হ'লে ফল পোৱা যায় ।"

অম্বুবাচীৰ আধ্যাত্মিকতা সন্দৰ্ভত বৰদলৈয়ে কয়, "দৰাচলতে অম্বুবাচী এক মহাযোগ । অতীজত শক্তিপীঠ কামাখ্যাত এই সময়ছোৱাত প্ৰধানতঃ সাধু-সন্ন্যাসীসকল সমৱেত হৈছিল । কামাখ্যাত এই মহাযোগকালীন সময়ছোৱাত সম্পন্ন কৰা জপ-তপ আদিৰ সুফল কেইবাগুণলৈ বৃদ্ধি পায় । যাৰ বাবে দেশ-বিদেশৰ সাধু-সন্নাসীৰ অম্বুবাচীৰ সময়ত সমাগম ঘটে । সাধু-সন্নাসীৰ সাধনাত সমগ্ৰ নীলাচল পাহাৰখনেই এক আধ্যাত্মিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয় । সময়ৰ লগে লগে বহুক্ষেত্রত পৰিৱৰ্তন আহিছে ৷ পূৰ্বতে নীলাচল পাহাৰত অম্বুবাচীৰ সময়ত মেলা হৈছিল । কিন্তু এতিয়া সেই মেলা নীলাচল পাহাৰত নহয় । মন্দিৰত মেলাৰ পৰিৱৰ্তে আধ্যাত্মিক পৰিৱেশকহে গুৰুত্ব দিয়া হৈছে । কাৰণ অম্বুবাচীৰ সময়ত সাধনা কৰা হয় । ইয়াত কোনো ধৰণৰ মেলা নহয় । সকলো শক্তিৰ আৰাধনা কৰিবলৈ ইয়ালৈ আহে । তাৰ বাবে এক পৰিৱেশৰ প্ৰয়োজন ।"

